বাংলাদেশত মুকলি হ’ল তৃতীয় লিংগৰ বাবে বিশ্বৰ প্ৰথমটো মছজিদ

Story by  atv | Posted by  [email protected] • 1 Months ago
মছজিদৰ সন্মুখত চেলফি লৈ থকা সময়ত হিজড়াসকল
মছজিদৰ সন্মুখত চেলফি লৈ থকা সময়ত হিজড়াসকল
 
নতুন দিল্লী

বাংলাদেশে তৃতীয় লিংগৰ বাবে বিশ্বৰ প্ৰথমটো একচেটিয়া মছজিদ মুকলি কৰিছে। মাইমেনসিংহত অৱস্থিত এই মছজিদটোৰ নাম ৰখা হৈছে দক্ষিণ চৰ কালিবাৰী মছজিদ। 
 
ইছলামিক দেশ এখনত এলজিবিটিকিউ (LGBTQ) সমূদায়ৰ অধিকাৰ স্বীকাৰ কৰাৰ ক্ষেত্ৰত এয়া এক ডাঙৰ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। হিজৰা বুলি কোৱা এই শ্ৰেণীৰ লোকক প্ৰায়ে মছজিদৰ পৰা উলিয়াই দিয়া হয়। এনে প্ৰেক্ষাপটত মাইমেনসিংহত নতুনকৈ মুকলি হোৱা মছজিদটো তৃতীয় লিংগৰ লোকসকলৰ বাবে এক আশীৰ্বাদ।
 
মানৱ অধিকাৰ কৰ্মীসকলে কয় যে বাংলাদেশৰ আইনত তৃতীয় লিংগৰ লোকসকলক সম নাগৰিক হিচাপে গণ্য কৰা হৈছে যদিও সমাজে তেওঁলোকৰ বিৰুদ্ধে বৈষম্য অব্যাহত ৰাখিছে।
 
এ এফ পিৰ এক প্ৰতিবেদন অনুসৰি, এলজিবিটিকিউ প্ৰতিনিধি জয়িতা তনুৱে (Joyita Tonu) তেওঁৰ সংগীসকলক কয়, “এতিয়াৰ পৰা মছজিদত নামাজ পঢ়াৰ পৰা হিজৰাসকলক কোনেও বঞ্চিত কৰিব নোৱাৰে।”
 
উল্লেখ্য যে, মছজিদৰ পৰা হিজৰাসকলক বাহিৰ কৰি দিয়াৰ ঘটনা সঘনাই ঘটি থকাৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ চৰকাৰে তৃতীয় লিংগৰ লোকসকলৰ বাবে এটা সুকীয়া মছজিদ নিৰ্মাণৰ বাবে ভূমি দান কৰিছিল। ই ঢাকাৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু মাইমেনসিংহৰ ওচৰত অৱস্থিত।
 
এ এফ পিৰ বাতৰি অনুসৰি, শিশু অৱস্থাত কোৰাণ পাঠ কৰি ভাল পোৱা আৰু ইছলামিক চেমিনাৰীত অধ্যয়ন কৰা ৪২ বছৰীয়া ছোনিয়াই কয় যে, ‘জীৱনত মই কেতিয়াও সপোনতো ভবা নাছিলো যে মই পুনৰ মছজিদত নামাজ পঢ়িব পাৰিম।
 
যেতিয়া তেওঁ তৃতীয় লিংগৰ বুলি সমাজে জানিব পাৰিছিল, তেতিয়াৰ পৰাই ছোনিয়াক মছজিদত নামাজ পঢ়াত বাধা দিয়া হৈছিল। “মানুহে মোক কৈছিল, তুমি মছজিদলৈ কিয় আহিছা ? ঘৰতে নামাজ পঢ়া উচিত। মছজিদলৈ নাহিবা।”-ছোনিয়াই কয়।
 
ভাৰতৰ দৰে বাংলাদেশেও সকলো আইনী আৰু চৰকাৰী কাম-কাজত তৃতীয় লিংগৰ লোকসকলক অধিকাৰ প্ৰদান কৰিছে। এই সম্পৰ্কে ২০১৩ চনত এখন আইন গৃহীত হৈছিল। আনকি বাংলাদেশত এগৰাকী হিজৰাক মেয়ৰ হিচাপেও নিৰ্বাচিত কৰা হৈছে।
 
নতুনকৈ মুকলি হোৱা মছজিদটোত এটা কবৰস্থানো আছে। যোৱা বছৰ অঞ্চলটোৰ এখন মছজিদ কমিটীয়ে এগৰাকী তৃতীয় লিংগৰ লোকক কবৰস্থানত সমাধিস্থ কৰাৰ অনুমতি নিদিয়াৰ পিছত তেওঁলোকৰ বাবে সুকীয় কবৰস্থান প্ৰয়োজনীয় আছিল।
 
সাধাৰণতে ইছলামিক গোটসমূহে হিজৰা সম্প্ৰদায়ক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ কথা বিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পিছতো চৰকাৰে হিজৰাৰ বাবে সুকীয়া মছজিদ নিৰ্মাণ কৰিছে। ইছলামিক গোটসমূহে পাঠ্যক্ৰমৰ পৰা হিজৰা সম্পৰ্কীয় অধ্যায়সমূহ বাদ দিয়াৰ দাবীত ৰেলী উলিয়াইছিল।