অদম্য মনোবলেৰে কৰ্কট ৰোগ জয় কৰিছে মাষ্টাৰ্ছ এথলীট মৰ্জিনা বেগমে

Story by  Ariful Islam | Posted by  Munni Begum • 10 Months ago
মাষ্টাৰ্ছ এথলীট মৰ্জিনা বেগম
মাষ্টাৰ্ছ এথলীট মৰ্জিনা বেগম
 
আৰিফুল ইছলাম / গুৱাহাটী
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিকাগোৰ বঁটা বিজয়ী চেফ (Chef) গ্ৰাণ্ট আচাটজে যেতিয়া জিভাৰ কৰ্কট ৰোগত ৰুচিবোধ হেৰুৱাইছিল, তেতিয়া তেওঁ এগৰাকী অন্ধ চিত্ৰশিল্পী, বধিৰ সংগীতজ্ঞৰ দৰেই হৈ পৰিছিল। কাৰণ, কৰ্কট ৰোগে তেওঁৰ জিভাৰ জুতি লোৱাৰ সক্ষমতা কাঢ়ি লৈছিল। 
 
কেম'থেৰাপীৰ বাবে বহি থাকোতে আচাটজৰ মনলৈ আহিছিল এটা অসম্ভৱ আৰু সৃষ্টিশীল কামৰ চিন্তা। তেওঁ খাদ্যৰ গোন্ধৰ পৰা খাদ্যৰ সোৱাদ অনুভৱ কৰাৰ চেষ্টা আৰম্ভ কৰিলে। কেম'থেৰাপী শেষ হোৱাৰ পিছত ৩৫ বছৰীয়া চেফজনে উপলব্ধি কৰিলে যে তেওঁ নিজৰ “ক্ৰিয়েটিভ থেৰাপী”ৰ পৰা কৰ্কট ৰোগ প্ৰতিৰোধত লাভান্বিত হৈছিল।  
 
 
সৃষ্টিশীলতাই কেনেকৈ দুৰাৰোগ্য কেন্সাৰক পৰাস্ত কৰিব পাৰে, সেই বিষয়ে বিশ্বজুৰি এনে বহুতো প্ৰেৰণাদায়ক কাহিনী আছে। ইয়াৰ ব্যতিক্ৰম নহয় অসমৰ মৰ্জিনা বেগম। মাষ্টাৰ্ছ এথলীটগৰাকীৰ শৰীৰত যেতিয়া স্তন কেন্সাৰ ধৰা পৰিছিল, তেতিয়া আত্মীয়, বন্ধু-বান্ধৱী আৰু তেওঁৰ বহু ঘনিষ্ঠ আৰু প্ৰিয়জনে মৰ্জিনাক কৈছিল যে এয়া তেওঁৰ কেৰিয়াৰ আৰু জীৱনৰ অন্তিম পৰ্যায়। কিন্তু মৰ্জিনাই এই কথা মানি ল’বলৈ অস্বীকাৰ কৰিছিল আৰু এই মনোবলৰ সহায়ত তেওঁ আজি কৰ্কট ৰোগ জয় কৰিছে আৰু আন বহুতো কৰ্কট ৰোগীৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে।
 
পাঁচ বছৰ পূৰ্বে যেতিয়া গোৱালপাৰা জিলাৰ বালাদমাৰী গাঁৱৰ মাষ্টাৰ্ছ এথলীট মৰ্জিনা বেগম (৬৩) স্তন কেন্সাৰত আক্ৰান্ত হৈছিল, সেই সময়ত তেওঁক বহু ওচৰ-চুবুৰীয়া আৰু আত্মীয়ই কৈছিল যে তেওঁ বেছি দিন জীয়াই নাথাকিব। কৰ্কট ৰোগৰ বাবে ২০১৮ চনত অস্ত্ৰোপচাৰ সম্পন্ন হোৱা মৰ্জিনা বেগমে ২০২০ চনৰ ক'ৰোনা মহামাৰীৰ সময়লৈকে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ইয়াৰ পিছত তেওঁ ক্ৰমাত সুস্থ হৈছিল যদিও যোৱা বছৰ ৰোগবিধে তেওঁক পুনৰ আক্ৰমণ কৰে আৰু দৈনিক যথেষ্ট সংখ্যক ঔষধ সেৱন কৰিবলগীয়া হয়। ইয়াৰ ফলত মৰ্জিনা বেগমে পুনৰ কঠোৰ পৰিস্থিতিৰ সন্মুখীন হয়। 
শ্বেম্পিয়নশ্বিত প্ৰতিযোগীসকলৰ সৈতে
 
এবছৰ ধৰি এইদৰে কৰ্কট ৰোগৰ সৈতে যুঁজি থাকিও মৰ্জিনাই ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ কলকাতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ৰ ৪x১০০ মিটাৰ ৰিলে দৌৰত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মাষ্টাৰ্ছ এথলেটিক ফেডাৰেচন অফ ইণ্ডিয়াই এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল। মৰ্জিনাই দেহত কৰ্কটৰ দৰে জটিল ৰোগ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক লাভ কৰাটো বহু খেলুৱৈৰ বাবে প্ৰেৰণাৰ কাৰণ হৈ পৰিছে।
 
ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ পদক জয় কৰাৰ লগতে চীন, ফ্ৰান্স আৰু কানাডাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছিল। কিন্তু আৰ্থিক দুৰৱস্থাৰ ফলত তেওঁ সেই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব নোৱাৰিলে।
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৰ্জিনা বেগমে কয়; "খেলৰ প্ৰতি মোৰ অত্যন্ত হেঁপাহ আছে বাবেই খেলত যোগদান কৰিছিলোঁ। এতিয়ালৈ বহু বঁটাও লাভ কৰিছো। কঠিন বেমাৰৰ সৈতে যুঁজি থকাৰ মাজতো খেলি আছোঁ। আমাৰ সমাজৰ মহিলাসকলেও ক্ৰীড়া বা শৰীৰচর্চাৰ লগত জড়িত হ'ব লাগে, যাতে নিজৰ শৰীৰটোৰ লগতে পৰিয়ালৰো ধ্যান ল'ব পাৰে। আমাৰ অসমত মহিলা মাষ্টাৰ্ছ এথলীট নাই বুলিবই পাৰি। কিন্তু, বাহিৰৰ ৰাজ্যসমূহত আমাৰ অসমৰ তুলনাত যথেষ্ট বেছি। এতিয়ালৈ যিহেতু খেলি আছোঁ, গতিকে নিশ্চয়কৈ খেলি যাম।"
 
উল্লেখ্য যে, মৰ্জিনা বেগমে ৩৫ বছৰ বয়সতে ক্রীড়া জগতলৈ আহিছিল। ২০১০ চনৰ পৰা তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক এথলেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মাৰ্জিনাৰ কৰ্কট ৰোগ ধৰা পৰাৰ পিছত প্ৰথমতে মহানগৰীৰ এখন চিকিৎসালয়ত অপাৰেচন কৰাৰ পিছত গুৱাহাটীৰ ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট (বি বি চি আই)ত কেম'থেৰাপী আৰু ৰেডিয়’থেৰাপী কৰা হয়। মৰ্জিনাৰ স্বাস্থ্যক লৈ শংকিত আৰু চিন্তিত হৈ এথলেটিক ফেডাৰেচনৰ বিষয়াসকলে তেওঁক প্ৰতিযোগিতাত অংশ লোৱাত বাধা দিছিল, যদিও চিকিৎসকে তেওঁক খেলি যোৱাৰ অনুমতি দিছিল।  
 
প্ৰতিযোগিতাত বিজয়ী হোৱা মুহূৰ্তত
 
শেহতীয়াকৈ তেওঁ সকলো প্ৰত্যাহ্বানৰ মাজতো কলকাতাত অনুষ্ঠিত হ'বলগীয়া এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰ-পত্ৰ জমা দিছে। প্ৰতিযোগিতাখনৰ ১৫০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰৰ বাবে তেওঁ বাচনিও লাভ কৰিছে। কিন্তু বাচনি হৈয়ো আৰ্থিক অভাৱৰ বাবে গোৱালপাৰাৰ প্ৰবীণ খেলুৱৈগৰাকীৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। 
 
উল্লেখ্য যে, মৰ্জিনা বেগমৰ এগৰাকী কন্যাও ক্ৰীড়াবিদ। তেওঁক নিজৰ কন্যাই ক্ৰীড়াজগতলৈ আনিছিল আৰু প্ৰশিক্ষণ দিছিল। ২০১৮ চনত কৰ্কট ৰোগ ধৰা পৰাৰ আগতে তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ দুখন প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। কৰ্কট ৰোগৰ চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত মৰ্জিনাৰ প্ৰেৰণা বৃদ্ধি পায়। মৰ্জিনাক বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ চিকিৎসকসকলে ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আৰ্থিক সাহায্যৰ লগতে প্ৰেৰণাও যোগায়। 
 
ইফালে, গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক অমল চন্দ্ৰ কটকীয়ে কয় যে কৰ্কট ৰোগত আক্ৰান্ত আৰু তেওঁলোকৰ আত্মীয়ই এক প্ৰকাৰৰ শাৰীৰিক, মানসিক আৰু আৱেগিক আঘাতৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হয়, যিটো কেৱল চিকিৎসাই উপশম কৰিব নোৱাৰে। সৃষ্টিশীল প্ৰচেষ্টাই তেওঁলোকৰ মনোবল দৃঢ় কৰে আৰু এই ৰোগ জয় কৰাত সহায় কৰে। সৃষ্টিশীলতাই মানুহৰ ইতিবাচক শক্তি বৃদ্ধি কৰে, যিটো পিছলৈ গৈ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে সহায়ক বিবেচিত হয়। ইয়ে কেন্সাৰ কোষৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে বুলি কটকীয়ে উল্লেখ কৰে।