চলিত বৰ্ষৰ শেষত অৱসৰ ল'ব মার্টাই

Story by  atv | Posted by  [email protected] • 11 d ago
চলিত বৰ্ষৰ শেষত অৱসৰ ল'ব মার্টাই
চলিত বৰ্ষৰ শেষত অৱসৰ ল'ব মার্টাই
 
আৱাজ-দ্য ভইচ
 
ব্রাজিলৰ সৰ্বকালৰ সৰ্বাধিক গ'লদাতা মার্টাই এই বছৰৰ শেষত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰপৰা অৱসৰ ল'ব। ৩৮ বছৰীয়া স্ট্রাইকাৰগৰাকীয়ে নিজেই এই কথা ব্যক্ত কৰিছে। মার্কিন যুক্তৰাজ্যৰ অৰ্লাণ্ডো প্রাইডৰ হৈ ২০১৭ চনৰপৰাই খেলি আছে মার্টাই। 
 
অলিম্পিকত এইবাৰ তেওঁ ষষ্ঠবাৰলৈ অংশগ্রহণ কৰিব। মার্টাই কয়, 'যদি মই পেৰিছ অলিম্পিকলৈ যাওঁ, প্রতিটো মুহূর্ত উপভোগ কৰিম। অলিম্পিকলৈ যাওঁ বা নাযাওঁ, ৰাষ্ট্ৰীয় দলৰ হৈ এইটো মোৰ অন্তিম বছৰ। এগৰাকী এথলেট হিচাপে ২০২৫ৰপৰা ৰাষ্ট্ৰীয় দলত মার্টাক দেখা নাযাব। মই অত্যন্ত শীতল মস্তিষ্কৰে এই সিদ্ধান্ত লৈছোঁ। আমাৰ যুৱ এথলেটসকলক লৈ মই অত্যন্ত আশাবাদী।' 
 
ব্রাজিলৰ পুৰুষ আৰু মহিলা ফুটবলৰ সৰ্বাধিক গ'লদাতা মার্টা 'কুইন মার্টা' নামেৰে জনপ্রিয়। ১৭৫খন মেচত তেওঁ ১১৬টা গ'ল দিছে। ১৭টা গ'লেৰে তেওঁ মহিলা বিশ্বকাপৰো সৰ্বাধিক গ'লদাতা।