টীম ইণ্ডিয়াত অসমৰ ক্ৰিকেটাৰ; ৰাজ্যবাসীৰ সপোন সাৰ্থক কৰিলে কৃষকৰ কন্যা উমা চেত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 10 Months ago
উমা চেত্ৰী
উমা চেত্ৰী
 
গুৱাহাটী

অসমৰ ক্ৰীড়া জগতত নতুন ইতিহাসৰ সূচনা কৰিছে প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে। গোলাঘাট জিলাৰ বোকাখাতৰ কৃষকৰ কন্যা উমাই ভাৰতীয় ছিনিয়ৰ দল স্থান লাভ কৰি অসমৰ ক্ৰীড়া জগতক গৌৰবান্বিত কৰিছে। আগন্তুক বাংলাদেশ ভ্ৰমণৰ বাবে বিচিচিআই-এ যোৱা নিশা ঘোষণা কৰা ভাৰতীয় মহিলা টি-২০ আৰু এদিনীয়া দলত ২০ বছৰীয়া উমাক অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে, অসমৰ পৰা ছিনিয়ৰ জাতীয় দললৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী খেলুৱৈ হিচাপে উমা চেত্ৰীয়ে নতুন নজিৰ সৃষ্টি কৰিছে।
 
তাৰকা মহিলা ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা ৮ জুলাইৰ পৰা বাংলাদেশৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু তিনিখন এদিনীয়া মেচ খেলিব। এই দলটোত অসমৰ উমা চেত্ৰীয়ে ভাৰতীয় দলৰ নিয়মীয়া উইকেটৰক্ষক ৰিচা ঘোষৰ পৰিৱৰ্তে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 
 
শেহতীয়াকৈ হংকঙত অনুষ্ঠিত এছিয়া ইমাৰ্জিং ক্ৰিকেট প্ৰতিযোগিতাত জয়ী হোৱা ভাৰতীয় 'এ' দলৰ অন্যতম সদস্য আছিল অসমৰ বোকাখাতৰ প্ৰতিভাৱান উইকেটৰক্ষক উমা চেত্ৰী। প্ৰতিযোগিতাখনত ভাৰতীয় 'এ' দলৰ হৈ তেওঁ বেটাৰ আৰু উইকেটৰক্ষক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
উমাক নিবিড়ভাৱে পৰ্যবেক্ষণ কৰা অসম ৰঞ্জী দলৰ প্ৰাক্তন খেলুৱৈ তথা ভাৰতীয় মহিলা দলৰ ফিল্ডিং প্ৰশিক্ষক শুভদীপ ঘোষে উমা চেত্ৰীক এগৰাকী ‘নিৰ্ভীক ক্ৰিকেটাৰ’ বুলি অভিহিত কৰে। উমাৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল বুলিও শুভদীপে উল্লেখ কৰে।
 
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজেশ বৰা, জাভেদ জামান, গৌতম দত্ত, জাকাৰিয়া জুফ্ৰী, আবু নেচিম আহমেদ, পলাশজ্যোতি দাস, মৃগেন তালুকদাৰ, কৃষ্ণ দাস আদিৰ দৰে অসমৰ কেইবাজনো পুৰুষ ক্ৰিকেটাৰে ভাৰতীয় জুনিয়ৰ দল, ভাৰতীয় 'এ' দল আৰু ৰেষ্ট অৱ ইণ্ডিয়া দলক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু কোনো এজনে এতিয়াও ভাৰতীয় ছিনিয়ৰ দলৰ হেঙাৰ অতিক্ৰম কৰিব পৰা নাছিল। মহিলা ক্ৰিকেটাৰ হিচাপে মণিষা দাসে ৰাষ্ট্ৰীয় পৰ্যায়ত এটা পৰ্যায়লৈ গৈছিল যদিও টীম ইণ্ডিয়াৰ দুৱাৰ গচকিব পৰা নাছিল।
কিন্তু দেওবাৰৰ সন্ধিয়া বোকাখাতৰ লোক বাহাদূৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ কন্যা উমা চেত্ৰীয়ে ভাৰতৰ যিকোনো পৰ্যায়ৰ ছিনিয়ৰ ক্ৰিকেট দলত স্থান পোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। অসমৰ ক্ৰীড়া জগতলৈ নতুন উদ্দীপনা কঢ়িয়াই অনা মহিলা ক্ৰিকেটাৰগৰাকীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। 
 
উল্লেখ্য যে,  ২০০২ৰ ২৭ জুলাইত বোকাখাতৰ এটা কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা উমা চেত্ৰীয়ে শেহতীয়াকৈ মহিলা আই পি এলত সুযোগ নোপোৱাত অসমৰ ক্ৰীড়া মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু, দেওবাৰে নিশা ক্ৰিকেটাৰগৰাকীক বিচিচিআই-এ ভাৰতীয় ছিনিয়ৰ দলত সুযোগ দিয়াত ৰাজ্যৰ ক্ৰীড়া মহল উত্‍ফুল্লিত হৈ পৰিছে। 
অসমৰ আন এগৰাকী প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই ২০২৩ৰ আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ দৰে আগশাৰীৰ দলত স্থান পাবলৈ সক্ষম হৈছিল। ঐশ্বৰ্যশালী প্ৰতিযোগিতাখনত তেওঁ উন্নত প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে।