পূৰ্বেও আৰ্শ্বাদ নাদীম মোৰ ঘনিষ্ঠ বন্ধু নাছিল: নীৰজ চোপ্ৰা

Story by  atv | Posted by  [email protected] • 1 d ago
পূৰ্বেও আৰ্শ্বাদ নাদীম মোৰ ঘনিষ্ঠ বন্ধু নাছিল: নীৰজ চোপ্ৰা
পূৰ্বেও আৰ্শ্বাদ নাদীম মোৰ ঘনিষ্ঠ বন্ধু নাছিল: নীৰজ চোপ্ৰা
 
নতুন দিল্লী
 
দুবাৰৰ অলিম্পিক পদক বিজয়ী তথা বর্তমানৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই পাকিস্তানৰ আৰ্শ্বাদ নাদীমক লৈ মৌনতা ভংগ কৰিছে।
 
নীৰজ চোপ্ৰাই স্পষ্ট কৰি দিছে যে, তেওঁ আৰু আৰ্শ্বদ নাদীমৰ মাজত কেতিয়াও ঘনিষ্ঠ বন্ধুত্ব নাছিল। নীৰজে লগতে কয় যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত পৰিস্থিতি একে থকা নাই।
 
এখন সংবাদমেলত নীৰজ চোপ্ৰাই কয় যে, ‘প্ৰথমে মই স্পষ্ট কৰি দিব বিচাৰো যে আৰ্শ্বাদ নাদীমৰ সৈতে মোৰ বৰ বেছি ভাল সম্পৰ্ক নাই।আমি কেতিয়াও ঘনিষ্ঠ বন্ধু নাছিলোঁ’। এতিয়া ভাৰত-পাকিস্তান সীমান্তত উত্তেজনাৰ বাবে আমাৰ মাজত আলোচনা আগৰ দৰে নহ’ব। কিন্তু যদি কোনোবাই মোৰ লগত সন্মানেৰে কথা পাতে তেন্তে মইও তেওঁৰ লগত সন্মানেৰে কথা পাতো।'
 
তেওঁ লগতে কয় যে, খেলুৱৈ হিচাপে আমি কেতিয়াবা কথা পাতিব লাগে। বিশ্বৰ ক্ৰীড়া সমাজত কেৱল জেভেলিন থ্ৰ’তে নহয় আন আন খেলতো মোৰ কিছুমান ভাল বন্ধু আছে’।
 
‘যদি কোনোবাই মোৰ লগত সন্মানেৰে কথা পাতে তেন্তে মইও তেওঁৰ লগত সম্পূৰ্ণ সন্মান সহকাৰে কথা পাতিম।জেভেলিন থ্ৰ’ৰ এটা অতি সৰু সম্প্ৰদায় আছে আৰু সকলোৱে নিজৰ দেশৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আৰু সকলোৱে নিজৰ শ্ৰেষ্ঠখিনি দিব বিচাৰে’।
 
২০২৪ ৰ পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজয়ী নীৰজ চোপ্ৰাই ইয়াৰ পূৰ্বে কৈছিল যে আৰ্শ্বাদ নাদীমক তেওঁৰ সন্মানত আয়োজন কৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত সামাজিক মাধ্যমত আপত্তিজনক পোষ্টত তেওঁ আৰু পৰিয়ালৰ সততাক লৈ প্ৰশ্ন উত্থাপন হৈছিল, যাৰ বাবে তেওঁ দুখিত হৈছিল।
 
তাৰ পিছত নীৰজ চোপ্ৰাই স্পষ্ট কৰি দিছিল যে এন চি ক্লাছিকৰ বাবে নিমন্ত্ৰণী পত্ৰখন পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পূৰ্বেই প্ৰেৰণ কৰা হৈছিল।