আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশ; ৬খন খেলপথাৰত অনুষ্ঠিত হ’ব ১৭ খন মেচ

Story by  atv | Posted by  [email protected] • 5 h ago
আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশ
আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশ
 
নতুন দিল্লী
 
টাটা আই পি এল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হৈছে। ২০২৫ চনৰ ১৭ মে’ৰ পৰা আৰম্ভ হৈ ৩ জুনত অনুষ্ঠিত হ’বলগীয়া ফাইনেললৈকে ৬ টা স্থানত মুঠ ১৭খন খেল অনুষ্ঠিত হ’ব। সংশোধিত সূচীত দুখন ডাবল হেডাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ দুটা দেওবাৰে অনুষ্ঠিত হ’ব। উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল।
 
চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে বিতং আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে। সকলো প্ৰধান অংশীদাৰৰ সন্মতি সাপেক্ষে সিদ্ধান্ত লোৱা হ’ল যে চলিত ছিজনৰ বাকী থকা মেচসমূহ এতিয়া সম্পূৰ্ণ হ’ব।
 
সংশোধিত সূচী অনুসৰি আই পি এল ২০২৫ৰ বাকী ১৭খন মেচ ৬টা ভিন্ন স্থানত অনুষ্ঠিত হ’ব । এই মেচসমূহ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব আৰু চূড়ান্ত মেচ অৰ্থাৎ ফাইনেলখন ৩ জুনত অনুষ্ঠিত হ’ব। এই সময়ছোৱাত দৰ্শকে একেদিনাই দুখন ‘ডাবল হেডাৰ’ অৰ্থাৎ দুখন মেচ চাবলৈ পাব। দেওবাৰে অনুষ্ঠিত হ’ব এই ডাবল হেডাৰ।
 
অৱশ্যে কোন খেলপথাৰত কোনখন মেচ অনুষ্ঠিত হ’ব সেয়া এতিয়াও বি চি চি আইয়ে স্পষ্ট কৰা নাই যদিও অতি সোনকালে সকলো স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।
 
আই পি এল ২০২৫ৰ প্লে অফ পৰ্যায়ৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে। এই পৰ্যায়টো সদায় লীগৰ আটাইতকৈ ৰোমাঞ্চকৰ অংশ য’ত শীৰ্ষ ৪ টা দলে খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্লে অফৰ খেলসমূহৰ সময়সূচী তলত দিয়া ধৰণৰ।
 
কোৱালিফায়াৰ ১- ২৯ মে' ২০২৫
 
এলিমিনেটৰ–  ৩০ মে’, ২০২৫
 
কোৱালিফায়াৰ ২–  ১ জুন ২০২৫
 
ফাইনেল – ৩ জুন ২০২৫
 
এই চাৰিখন খেলৰ স্থান পৰৱৰ্তী সময়ত বি চি চি আইয়ে ঘোষণা কৰিব যদিও এই মেচসমূহ প্ৰধান মেট্ৰ’ বা নিৰাপদ উপকূলীয় স্থানত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে।
 
এই উপলক্ষে বি চি চি আইয়ে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ নেতৃত্ব দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু দৃঢ়তাক প্ৰণাম জনাইছে। ব’ৰ্ডে নিজৰ বিবৃতিত কয়, “ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু নিষ্ঠাক আমি প্ৰণাম জনাইছো, যাৰ বাবে ক্ৰিকেটৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱ হৈছে। বি চি চি আইয়ে ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ বুলি বিবেচনা কৰে আৰু একে মনোভাৱেৰে আই পি এল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”