লৰ্ডছ
আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি নতুন চেম্পিয়ন হিচাপে পৰিগণিত হ'ল দক্ষিণ আফ্ৰিকা। প্ৰায় ২৭ বছৰৰ অন্তত দক্ষিণ আফ্ৰিকাৰ এই ঐতিহাসিক বিজয়ত উৎফুল্লিত বিশ্বৰ কোটি কোটি ক্ৰিকেটপ্ৰেমী। সুদীৰ্ঘ কাল অপেক্ষা, ধৈৰ্য, তীব্ৰ সমালোচনাৰ অন্তত দলটোৰ সপোন পূৰণ হ'ল। লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অৱশেষত উৰিল দক্ষিণ আফ্ৰিকাৰ বিজয় ধ্বজা।
দক্ষিণ আফ্ৰিকাৰ পুৰুষ দলে তিনিওটা ফৰ্মেটতে আই চি চি টুৰ্ণামেণ্টৰ ফাইনেল খেলিছিল। আফ্ৰিকান দলটোৱে ১৯৯৮ চনত প্ৰথমখন ফাইনেল খেলি জয়লাভ কৰিছিল। ইয়াৰ পিছত ২০২৪ চনত আই চি চিৰ দ্বিতীয়খন ফাইনেল খেলি দলটোৱে পৰাস্ত হৈছিল। এতিয়া আফ্ৰিকাই ২০২৫ চনত তৃতীয়খন আইচিচি ফাইনেল খেলত জয়ী হ'বলৈ সক্ষম হয়।
১৯৯৮ চনত দক্ষিণ আফ্ৰিকাই অন্তিমটো আই চি চি ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত চেম্পিয়নছ ট্ৰফীক আই চি চি নকআউট ট্ৰফী বুলি জনা গৈছিল। এইটোৱেই আছিল চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী সংস্কৰণ য'ত আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল। ইয়াৰ পিছত ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা ভাৰতৰ হাতত পৰাস্ত হৈছিল। এতিয়া আফ্ৰিকান পুৰুষ দলটোৱে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দ্বিতীয়টো আই চি চি খিতাপ দখল কৰিবলৈ সক্ষম হয়।
এই দীঘলীয়া সময়ছোৱাত দক্ষিণ আফ্ৰিকাৰ দলটোৱে কেইবাবাৰো ফাইনেল আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ট্ৰফী লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯৯৯, ২০০৭ আৰু ২০১৫ চনৰ এদিনীয়া বিশ্বকাপত দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।
২০০৯ আৰু ২০১৪ চনৰ টি-২০ বিশ্বকাপত আফ্ৰিকাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ পুৰুষ দলটোৱে আই চি চি চেম্পিয়নছ ট্ৰফীত ২০০০, ২০০২, ২০০৬, ২০১৩ আৰু ২০২৫ চনত ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে আৰু ট্ৰফী জয়ৰ সপোন পূৰণ কৰিব নোৱাৰিলে।
প্ৰতিযোগিতা চূড়ান্ত খেলখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২১২ ৰাণ সংগ্ৰহ কৰে। কিন্তু প্ৰথম ইনিংছত ১৩৮ ৰাণত অলআউট হয় দক্ষিণ আফ্ৰিকা। প্ৰথম ইনিংছৰ ভিত্তিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ৭৪ ৰাণৰ অগ্ৰগতিও লাভ কৰে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ২০৭ ৰাণ সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাক ২৮২ ৰাণৰ টাৰ্গেট দিয়ে।
আফ্ৰিকান দলটোৱে ৫ টা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয় আৰু ২৭ বছৰৰ পিছত দ্বিতীয়টো আই চি চি খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই খেলখনত মাৰ্ক্ৰাম আৰু কাগিছ' ৰাবাডা আছিল নায়ক। মাৰ্ক্ৰামে দ্বিতীয় ইনিংছত ১৩৬ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে। আনহাতে কাগিছ' ৰাবাডাই খেলখনত মুঠ ৯ টা উইকেট দখল কৰে।