নতুন দিল্লী
২০২৫ৰ ফ্ৰেন্স অ’পেনত মহিলাৰ চিংগলছ খিতাপ দখল কৰিছে বিশ্বৰ দ্বিতীয় স্থানত থকা টেনিছ খেলুৱৈ আমেৰিকাৰ কোকো গ’ফে। শনিবাৰে (৭ জুন) ৰ’লেণ্ড গাৰোছৰ ফিলিপ চেট্ৰিয়াৰ ক’ৰ্টত অনুষ্ঠিত হোৱা ফাইনেলত ২১ বছৰীয়া কোকো গ’ফে বেলাৰুছৰ আৰিনা ছাবালেংকাক ৬-৭ (৫), ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
কোকো গ’ফ প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেন চেম্পিয়ন হোৱাৰ বিপৰীতে বিশ্বৰ ১ নম্বৰ ছাবালেংকাৰ ফ্ৰেন্স অ’পেন জয়ৰ সপোন এইবাৰ বাস্তৱত পৰিণত নহ’ল। খিতাপৰ খেলখন ২ ঘন্টা ৩৮ মিনিট ধৰি চলিছিল।
আৰিনা চাবালেংকা আৰু কোকো গ’ফৰ মাজত খেলা ফাইনেলৰ প্ৰথম ছেটটো আছিল অতি ৰোমাঞ্চকৰ। দুয়োজন খেলুৱৈয়ে চাৰিবাৰকৈ ইগৰাকীয়ে সিগৰাকীৰ চাৰ্ভিছ ভংগ কৰে । ফলত প্ৰথম ছেটটো টাইব্ৰেকাৰত সোমাই পৰে, য’ত ছাবালেংকাই জয়লাভ কৰে । তাৰ পাছত গ’ফে দ্বিতীয় ছেটত শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ছাবালেংকাক সহজেই পৰাস্ত কৰে । তৃতীয় ছেটৰ সময়লৈকে ছাবালেংকা ভাগৰি পৰিছিল আৰু তেওঁৰ গ’ফৰ ওচৰত আত্মসমৰ্পণ কৰে।
উল্লেখযোগ্য যে, ২০২২ চনত কোকো গ’ফে ফ্ৰেঞ্চ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত তেওঁ ইগা ছুৱেটেকৰ হাতত পৰাস্ত হৈছিল । এয়া গ’ফৰ কেৰিয়াৰৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম চিংগলছ খিতাপ । ইয়াৰ পূৰ্বে ২০২৩ চনত ইউ এছ অ’পেনত জয়লাভ কৰিছিল তেওঁ । আনহাতে ২৭ বছৰীয়া আৰিনা ছাবালেংকাই প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল । ছাবালেংকাই দুবাৰ (২০২৩, ২০২৪) অষ্ট্ৰেলিয়ান অ’পেন আৰু এবাৰ (২০২৪) ইউ এছ অ’পেন জয় কৰিছে।
ছেমি ফাইনেলত ফ্ৰান্সৰ ৱাইল্ড কাৰ্ডধাৰী লয় বয়ছনক ৬-১, ৬-২ ব্যৱধানত পৰাস্ত কৰি কোকো গ’ফে ফাইনেলত প্ৰৱেশ কৰে। একে সময়তে আৰিনা ছাবালেংকাই চাৰিবাৰৰ ফ্ৰেন্স অ’পেন বিজয়ী পোলেণ্ডৰ ইগা ছুয়াটেকক ৭-৬, ৪-৬, ৬-০ ব্যৱধানত পৰাস্ত কৰি খিতাপ মেচত প্ৰৱেশ কৰে।
আনহাতে, পুৰুষৰ একক ফাইনেলত দেওবাৰে (৮ জুন) স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে খেলিব বিশ্বৰ শীৰ্ষ স্থানৰ জানিক ছিনাৰে। বিশ্বৰ দ্বিতীয় স্থানৰ কাৰ্লোছ আলকাৰাজে যোৱা বছৰ ফ্ৰেন্স অ’পেনত জয়লাভ কৰিছিল আৰু তেওঁ নিজৰ খিতাপ অক্ষুণ্ণ ৰাখিব বিচাৰিব। আনহাতে, ইটালীৰ জানিক ছিনাৰে প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেন জয়ৰ চেষ্টা কৰিব।