বেংগালুৰু
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ আই পি এল বিজয় উদযাপনৰ সময়ত এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত মাৰাত্মক পদপিষ্টত ১১ জন লোকৰ মৃত্যু হোৱাৰ পিছতে বৃহস্পতিবাৰে বেংগালুৰু আৰক্ষী আয়ুক্ত আৰু অন্যান্য আৰক্ষীৰ শীৰ্ষ বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ কথা ঘোষণা কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই।
বুধবাৰে ষ্টেডিয়ামৰ সমীপত সংঘটিত পদপিষ্টত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭ জন লোক আহত হয়।
আজি কেবিনেট বৈঠক অনুষ্ঠিত কৰি সংবাদমেল সম্বোধন কৰি সিদ্দাৰমাইয়াই কয় যে এই ভয়াবহতাৰ পিছতে অতিৰিক্ত আৰক্ষী আয়ুক্ত, ক্ৰিকেট ষ্টেডিয়ামৰ ভাৰপ্ৰাপ্ত বিষয়া, এচিপি, কেন্দ্ৰীয় ডিচিপি, ষ্টেচন হাউছৰ বিষয়া, আৰক্ষী হাউছমাষ্টাৰ আৰু কাবন পাৰ্ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা হৈছে।
লগতে কৰ্ণাটকৰ ডিজিপি আৰু আইজিপিক এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে আৰ চি বিৰ প্ৰতিনিধি, ডি এন এ ইভেণ্ট মেনেজাৰ আৰু কে এছ চি এৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলিও কয়।
তেওঁ কয় যে এইটো এটা অভূতপূৰ্ব কাণ্ড আছিল য’ত ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৩৭ জনৰো অধিক লোক আহত হৈছিল। আটাইকেইজন আহতক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে।
ছিদ্দাৰমাইয়াই লগতে কয় যে তেওঁৰ চৰকাৰে অপৰাধ অনুসন্ধান বিভাগক (চি আই ডি) তদন্ত অৰ্পণ কৰি এই শোকাৱহ দুৰ্ঘটনাৰ তদন্তৰ বাবে আয়োগ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে।
তেওঁ কয়, "উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জন মাইকেল ডি'কুনহাৰ সক্ষম নিৰ্দেশনাত আমি এজন ব্যক্তিৰ আয়োগ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছো। আমি কেবিনেটত জড়িত সংগঠনসমূহৰ প্ৰতিনিধিক তেওঁলোকৰ গাফিলতিৰ বাবে গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছো।"
ৰাজ্য চৰকাৰক দিয়া প্ৰাৰম্ভিক তথ্য অনুসৰি ষ্টেডিয়াম চৌহদৰ সমীপৰ এটা নলাৰ ওপৰত থকা অস্থায়ী স্লেব এখন তাৰ ওপৰত থিয় হৈ থকা লোকৰ ওজনত ভাঙি পৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। হঠাৎ ভাঙি পৰাৰ ফলত আতংক আৰু হুড়োহুড়িৰ সৃষ্টি হয়, যাৰ ফলত একাধিক লোক মৃত্যু আৰু আহত হয়।
কে এছ চি এৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত আপ্লুত জনসমাগম হয়। যদিও বৈধ টিকট আৰু পাছ থকা লোকৰ বাবেহে অনুষ্ঠানটো আছিল, অনুৰাগীয়ে নিজৰ দলটোৰ ক্ৰিকেট নায়কসকলক চাবলৈ চৌহদত ভিৰ কৰিছিল।
সূত্ৰৰ মতে, বেংগালুৰু আৰক্ষীয়ে লজিষ্টিক আৰু নিৰাপত্তাজনিত কাৰণত দেওবাৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়াৰ পিছতো কৰ্ণাটক চৰকাৰে আৰ চি বিৰ জয়ৰ পিছদিনা এই সম্বৰ্ধনা অনুষ্ঠানটো আগবঢ়াই লৈ গৈছিল।
বেংগালুৰু আৰক্ষীয়ে গোচৰ ৰুজু কৰে
বেংগালুৰু আৰক্ষীয়ে এই পদপিষ্টৰ সৈতে জড়িত আৰ চি বিৰ দল, কে এছ চি এ, ডি এন এ নেটৱৰ্ক আদিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ডি চি পি চেণ্ট্ৰেল শ্বেকাৰ এইচ টেককান্নাভাৰে কাবন পাৰ্ক আৰক্ষীয়ে এই এফ আই আৰ ৰুজু কৰাৰ কথা নিশ্চিত কৰে ইয়াক suo motu পঞ্জীয়ন কৰা হৈছে আৰু অভিযোগ কৰা অপৰাধমূলক গাফিলতিৰ গোচৰত অভিযুক্ত হিচাপে একাধিক সত্তাৰ নাম উল্লেখ কৰা হৈছে।
ইয়াৰ পূৰ্বে আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ে সিদ্ধাৰমাইয়া চৰকাৰক এই পদপিষ্টৰ স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ কয় আৰু ১০ জুনত পুনৰ এই বিষয়ৰ শুনানি গ্ৰহণ কৰিব।
কৰ্ণাটক চৰকাৰে উচ্চ ন্যায়ালয়ত জনোৱা মতে, এই পদপিষ্টৰ দিনটোত মহানগৰ আৰক্ষী আয়ুক্ত, ডি চি পি আৰু এ চি পিকে ধৰি ১০০০ৰো অধিক আৰক্ষীক এম চিন্নাস্বামী ষ্টেডিয়ামত মোতায়েন কৰা হৈছিল। উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ভিৰ পৰিচালনা কৰিবলৈ ৫ হাজাৰ আৰক্ষী জোৱান উপস্থিত থকা বুলি দাবী কৰাৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে।