আৰচিবিৰ উদযাপন অনুষ্ঠানৰ সৈতে বিচিচিআই জড়িত নহয়ঃ আই পি এলৰ অধ্যক্ষ অৰুণ ধুমাল

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
মুম্বাই

আই পি এলৰ অধ্যক্ষ অৰুণ ধুমালে স্পষ্ট কৰি দিয়ে যে বেংগালুৰুত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিজয় উদযাপনৰ সময়ত হোৱা পদপিষ্টৰ ঘটনা অত্যন্ত মৰ্মান্তিক যদিও এই অনুষ্ঠানটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) আয়োজন কৰা নাছিল।
 
তেওঁ লগতে কয় যে আৰ চি বিৰ জয়ৰ সৈতে আই পি এল মঙলবাৰে নিশা আনুষ্ঠানিকভাৱে সমাপ্ত হৈছে, আৰু এই কাণ্ডৰ ওপৰত বি চি চি আইৰ কোনো নিয়ন্ত্ৰণ বা পূৰ্বৰ জ্ঞান নাছিল। সেয়েহে ইয়াৰ বাবে বিচিচিআইক জগৰীয়া কৰিব নোৱাৰি।
 
উল্লেখ্য যে, আই পি এল খিতাপৰ বাবে আৰ চি বিয়ে ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছতে বাংগালুৰত সংঘটিত কৰুণ ঘটনাই বিজয় উদযাপনৰ আমেজ ম্লান পেলায়। ষ্টেডিয়ামত লাখ লাখ অনুৰাগীয়ে ভিৰ কৰাত নিৰাপত্তাৰক্ষীসকল বিপাঙত পৰে আৰু চৰম বিশৃংখলতাৰ সৃষ্টি হয়। ফলত কমেও ১১ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ৫০ জন আহত হয়। অৱশ্যে এই শোকাৱহ পৰিস্থিতিৰ মাজতো দৰ্শকভৰ্তি ষ্টেডিয়ামৰ ভিতৰত আদৰণি অনুষ্ঠান অব্যাহত থাকে।
"এয়া দুখজনক আৰু মৰ্মান্তিক। বিজয় উদযাপন এক ট্ৰেজেডীলৈ ৰূপান্তৰিত হ'ল। আপোনজনক হেৰুওৱা পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। বিচিচিআইৰ বাবে মঙলবাৰে নিশাই আইপিএলৰ সামৰণি পৰে। এনে ঘটনা সংঘটিত হোৱাৰ বিষয়ে আমাৰ কোনো জ্ঞান নাছিল, গতিকে ইয়াৰ বাবে আমাক কেনেকৈ জগৰীয়া কৰিব?"-ধুমালে এইদৰে কয়।
 
তেওঁ পুনৰ কয়, "এই ধৰণৰ ঘটনা এটাৰ বাবে আমি কেনেকৈ দায়ী হ'ব পাৰো? সঁচাকৈয়ে ই এক অতি মৰ্মান্তিক ঘটনা, আৰু আমি গভীৰ শোক প্ৰকাশ কৰিছো। কিন্তু যিটো কামৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাছিল, তাৰ বাবে আমাক জবাবদিহি কৰিব নোৱাৰি। আই পি এলৰ কোনো বিষয়াই গেটত উপস্থিত থকা, ভিৰ পৰিচালনা কৰা বা খেলুৱৈৰ প্ৰৱেশৰ সুবিধা কৰা দেখিছে নেকি?"
 
ইফালে, আই পি এলৰ অধ্যক্ষগৰাকীয়ে কয় যে ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা শোকাৱহ পৰিস্থিতিৰ বিষয়ে তেওঁক অৱগত কৰাৰ লগে লগে তেওঁ আয়োজকসকলক কাৰ্যসূচী সামৰণি মাৰিবলৈ নিৰ্দেশ দিয়ে।