গুৱাহাটী
৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট। আইচিচিয়ে ঘোষণা কৰা মতে, ভাৰতৰ চাৰিখন চহৰ ক্ৰমে বেংগালুৰু, গুৱাহাটী, বিশাখাপট্টনম আৰু ইন্দোৰত মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫ সংস্কৰণৰ মেচসমূহ অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ নিৰপেক্ষ স্থান হিচাপে ৰখা হৈছে শ্ৰীলংকাৰ কলম্বোক।
যদিও সম্পূৰ্ণ সূচী এতিয়াও আইচিচিয়ে প্ৰকাশ কৰা নাই, তথাপিও চলিত বৰ্ষৰ আৰম্ভণিতে বিচিচিআই আৰু পিচিবিয়ে সহমতত উপনীত হোৱা হাইব্ৰিড মডেলৰ ভিত্তিত পাকিস্তানৰ সকলো লীগ মেচ কলম্বোত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে ভাৰতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ মেচসমূহ আয়োজক দেশ পাকিস্তানৰ পৰিৱৰ্তে ডুবাইত খেলাৰ সিদ্ধান্ত লোৱাৰ পিছতে পাকিস্তানেও অদূৰ ভৱিষ্যতে ভাৰতত নেখেলাৰ কথা উল্লেখ কৰিছিল। তাৰ পিছতে আইচিচিয়ে এই হাইব্ৰিড মডেলৰ ব্যৱস্থা আৰম্ভ কৰে।
মহিলাৰ এদিনীয়া বিশ্বকাপৰ উদ্বোধনী খেলখন বেংগালুৰুত অনুষ্ঠিত হ’ব। এই ভেন্যুত ৩০ অক্টোবৰত দ্বিতীয়খন ছেমি ফাইনেলো অনুষ্ঠিত হ’ব। পাকিস্তানে যোগ্যতা অৰ্জন কৰা নকৰাৰ ওপৰত নিৰ্ভৰ কৰি গুৱাহাটী বা কলম্বোত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমি ফাইনেল। একেটা চৰ্ততে ২ নৱেম্বৰত বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ফাইনেল।
উল্লেখ্য যে, ভাৰতে ২০১৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপ আয়োজন কৰিছে। ২০১৬ চনত মহিলাৰ টি-২০ বিশ্বকাপো ভাৰতত অনুষ্ঠিত হৈছিল। এইবাৰৰ প্ৰতিযোগিতাখনত আঠটা দলৰ প্ৰত্যেকেই আনটো দলৰ বিৰুদ্ধে ৰাউণ্ড ৰবিন ফৰ্মেটত খেলিব আৰু শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। মুঠ ৩১খন খেল অনুষ্ঠিত হ’ব।