আই পি এলৰ নতুন চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু; কিং কোহলিৰ ১৮ বছৰীয়া অপেক্ষাৰ অন্ত

Story by  atv | Posted by  [email protected] • 2 d ago
কিং কোহলিৰ ১৮ বছৰীয়া অপেক্ষাৰ অন্ত
কিং কোহলিৰ ১৮ বছৰীয়া অপেক্ষাৰ অন্ত
 
আহমেদাবাদ

আই পি এলৰ নতুন চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই বিৰাট কোহলি আৰু আৰচিবিয়ে আইপিএলত চুম্বন দিবলৈ সক্ষম হৈছে। মঙলবাৰে নিশা তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেলত দলটোৱে পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আইপিএলত খিতাপ জয় কৰে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়েৰে টছত জয়লাভ কৰি আৰচিবিক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। দলটোৱে ৯টা উইকেট হেৰুৱাই ১৯০ ৰান সংগ্ৰহ কৰে। ছুপাৰষ্টাৰ বিৰাট কোহলিয়ে ৪৩ ৰানৰ মূল্যবান অৰিহণা আগবঢ়ায়। প্ৰত্যুত্তৰত পঞ্জাব কিংছে ৭ উইকেটত ১৮৭ ৰানত থমকি ৰয়। 
অধিনায়ক শ্ৰেয়াছে মাত্ৰ ১ ৰানহে কৰে। আৰচিবিৰ হৈ ক্ৰুনাল পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমাৰে দুটা উইকেট দখল কৰে। ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ৬ ৰানত জয়লাভ কৰি ১৮ সংখ্যক আই পি এল চেম্পিয়ন হয়। পঞ্জাৱে অন্তিম অভাৰলৈ আপ্ৰাণ চেষ্টা কৰে, যদিও শেষ হাঁহি মাৰিবলৈ সক্ষম নহ'ল।  শশাংক সিঙে ৬১ ৰানত অপৰাজিত হৈ ৰয়।