আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ নিকোলাচ পুৰানে

Story by  atv | Posted by  Munni Begum • 5 Months ago
নিকোলাচ পুৰান
নিকোলাচ পুৰান
 
নতুন দিল্লী 
 
মাত্ৰ ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ নিকোলাচ পুৰানে। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰো অতি আদৰৰ এইগৰাকী ক্ৰিকেটাৰ। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ আই পি এল খেলিছিল নিকোলাচে।
 
হিন্দী, পঞ্জাৱী অথবা গুজৰাটি ভাষাতদুই, এটা কথা কৱা নিকোলাচে গুণগুণাই বলিউডৰ জনপ্ৰিয় গানবোৰ। এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ অৱসৰৰ ঘোষণাই এতিয়া ভাৰততো বিশেষ চৰ্চা লাভ কৰিছে।  
 
তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক কিয় বিদায় জনালে তাকে লৈ প্ৰশ্ন উঠিছে। কিয়নো বিস্ফোৰক কেৰিবিয়ান বেটছমেনগৰাকী বৰ্তমান প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ টি-২০ বেটছমেন।  
 
কেৰিয়াৰ শ্ৰেষ্ঠতম সময়ত উপনীত হোৱাৰ সময়তে সোমবাৰে নিশা তেওঁ ঘোষণা কৰিলে অৱসৰৰ। কিন্তু তেওঁ খেলি থাকিব ফ্ৰেঞ্চাইজি ক্ৰিকেট। তেওঁৰ দেহত দেখিবলৈ পোৱা নাযাব ৱেষ্ট ইণ্ডিজৰ জাৰ্ছী।  
 
সোমবাৰে নিশা ইনষ্টাগ্ৰামত দিয়া এক দীঘলীয়া বিবৃতিত পুৰানে কয়, "বহু চিন্তাৰ অন্তত মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো।" 
 
ক্ৰিকেট ফিল্ডকেই তেওঁ বহুত বেছি ভাল পোৱা ঠাই বুলি উল্লেখ কৰি আৰু লিখিছে, ক্ৰিকেটে মোক বহু বেছি আনন্দ আৰু স্মৃতি প্ৰদান কৰিছে। ই মোক ৱেষ্ট ইণ্ডিজৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে। মেৰুণ জাৰ্চী পিন্ধি ৰাষ্ট্ৰীয় সংগীত গাবলৈ পোৱাটো কিমান সৌভাগ্যৱানৰ কথা সেয়া মই প্ৰকাশ কৰিব নোৱাৰো। ৱেষ্ট ইণ্ডিজক নেতৃত্ব দিয়াটো মই কেতিয়াও পাহৰিব নোৱাৰো।
 
এই বাৰ্তাত পুৰানে তেওঁৰ সতীৰ্থ, অনুৰাগী, পৰিয়াল, আৰু বন্ধু-বান্ধৱীক ধন্যবাদ জনাইছে। লগতে তেওঁ কয় যে অৱসৰৰ পিছতো ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ প্ৰতি তেওঁৰ প্ৰেম ম্লান নহয়। লগতে জাতীয় দলৰ প্ৰতিজন ক্ৰিকেটাৰক ভৱিষ্যতৰ বাবে শুভেচ্ছাও জনায়।
 
উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ জাৰ্চীত সৰ্বাধিক টি-২০ খেলাৰ অভিলেখ আছে পুৰানৰ নামতে। তেওঁ ১০৬ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলিছে। আগন্তুক দিনত ফ্ৰেঞ্চাইজি ক্ৰিকেটত তেওঁক অধিক পৰিমাণে দেখা পোৱা যাব।