টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কহলীৰ

Story by  atv | Posted by  [email protected] • 12 h ago
ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কহলী
ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কহলী
 
নতুন দিল্লী
 
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে বিৰাট কহলীয়ে। ইষ্টাগ্ৰামৰ এটা পোষ্টৰ জৰিয়তে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ কথা জনাই বিৰাট কহলীয়ে।
 
২০১১ চনৰ ২২ জুনত ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটিছিল বিৰাট কহলীৰ। ১২৩খন টেষ্ট মেচত ৯,২৩০ ৰাণ সংগ্ৰহ কৰিছে বিৰাট কোহলীয়ে।টেষ্ট মেচত ৩০টা শতক, ৩১টা অৰ্ধ শতক অৰ্জন কৰিছে কিং কহলীয়ে।
 
২৯ জুনত টী-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল বিৰাট কহলীয়ে। ৭ মে’ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৰোহিত শৰ্মাই। ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ পৰা অৱসৰ ঘোষণা কৰিলে দুগৰাকীকৈ অভিজ্ঞ বেটছমেনে।