টী-২০ বিশ্বকাপৰ চেম্পিয়ন অষ্ট্ৰেলিয়া

Story by  atv | Posted by  Munni Begum • 2 Years ago
অষ্ট্ৰেলিয়া ক্রিকেট দল
অষ্ট্ৰেলিয়া ক্রিকেট দল
গুৱাহাটী 

টী-২০ বিশ্বকাপত প্ৰথমবাৰলৈ চেম্পিয়নৰ সম্মান অর্জন কৰিছে অষ্ট্ৰেলিয়াই। দেওবাৰে ডুবাই আন্তৰাষ্ট্ৰীয় ক্রিকেট  ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলখনত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক আঠ উইকেটত পৰাভূত কৰি  চেম্পিয়নৰ খিতাপ অর্জন  কৰে। জয়ৰ বাবে ১৭৩ ৰানৰ লক্ষ্য লাভ কৰে অষ্ট্ৰেলিয়াই। প্রত্যুত্তৰত দলটোৱে ১৮.৫ অভাৰত দুই উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয়। 

অষ্ট্ৰেলিয়াৰ এই জয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে মিচেল মাৰ্শ্বে। তেওঁ মাত্র ৫০টা বলত ছটা বাউণ্ডেৰী আৰু চাৰিটা অভাৰ বাউণ্ডেৰীৰে ৭ ৰানত নট আউট হৈ থাকি দলক বিশ্ব  চেম্পিয়নৰ খিতাপ অর্জন  কৰাত সহায় কৰে। মাৰ্শ্বক যথোচিত সহায় আগবঢ়ায় গ্লেন মেক্সৱেলেও। মেক্সৱেলে ১৮ টা বলত চাৰিটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে ২৮ ৰান কৰি নট আউট হৈ থাকে। দুয়োজনে তৃতীয় উইকেটত অপৰাজিতভাৱে ৬৬ ৰান যোগ দি দলৰ জয় নিশ্চিত কৰে। 

আৰম্ভণিতে অধিনায়ক আৰন ফিন্স (৫) ব্যর্থ হলেও আনজন অপেনাৰ ডেভিদ ৱাৰ্নাৰে মাৰ্শ্বৰ সৈতে যুটি বান্ধি দলৰ জয়ৰ ভেটি গঢ়ে।

 ৱাৰ্নাৰে ৩৮ টা বলত চাৰিটা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰীৰে ৫৩ ৰানৰ বৰঙণি আগবঢ়ায়। দ্বিতীয় উইকেটত ৱাৰ্নাৰ আৰু মাৰ্শ্বে ৯২ ৰান যোগ দিয়ে। অষ্ট্ৰেলিয়াৰ অধিনায়ক আৰন ফিন্স  আজি টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনৰ চমৎকাৰ হাফ চেঞ্চুৰীৰ সহায়ত ২০ অভাৰত চাৰিটা উইকেটৰ বিনিময়ত ১৭২ ৰান কৰে। 

মন্থৰ আৰম্ভণিৰ পাছত নিউজিলেণ্ডৰ অধিনায়কজনে ৪৮টা বলত ১০টা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰীৰে ৮৫ ৰান কৰে। উইলিয়ামছনে মাত্র ৩২ বলতে সম্পূর্ণ কৰে ৫০ ৰান। পুৰুষৰ টী-২০ বিশ্বকাপৰ ফাইনেলত এইটো দ্রুততম হাফ চেঞ্চুৰী। উইলিয়ামছনে দ্বিতীয় উইকেটত মার্টিন গুপ্টিল (২৮)ৰ সৈতে ৪৮ ৰান আৰু তৃতীয় উইকেটত গ্লেন ফিলিপছ (১৮)ৰ সৈতে ৬৮ ৰান যোগ দি নিউজিলেণ্ডৰ ইনিংছ আগবঢ়াই নিয়ে। পেচবলাৰ জছ হেজেলউডে ১৬ ৰানত তিনিটা উইকেট দখল কৰে।