আৱাজ-দ্য ভইচ ব্যুৰ
আই পি এলত দিল্লী কেপিটেলছ, পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলা ২৭ বছৰীয়া ভাৰতীয় ক্ৰিকেটাৰ ছাৰফৰাজ খানে মাত্ৰ ২ মাহৰ ভিতৰতে ১৭ কিলোগ্ৰাম ওজন কমাবলৈ সক্ষম হৈছে।
ছাৰফৰাজ খানৰ পিতৃ নৌছাদ খানে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যই একেলগে ওজন কমাবলৈ সিদ্ধান্ত লৈছিল। 'ৰুটি, ভাত, চেনি আৰু বেকাৰীৰ সামগ্ৰী খোৱা বন্ধ কৰি দিছোঁ।" বৰঞ্চ তেওঁলোকে গ্ৰীল কৰা কুকুৰা, মাছ, সিজোৱা কণী, চালাড, এভোকেডোৰ দৰে ফল-মূল আদি স্বাস্থ্যসন্মত খাদ্য খাবলৈ আৰম্ভ কৰিলে। গ্ৰীণ টি আৰু গ্ৰীণ কফিও খোৱা আৰম্ভ কৰিলে।
ছাৰফৰাজৰ পিতৃ নৌছাদে কয় যে তেওঁলোকে বিৰিয়ানী খোৱাটোও বন্ধ কৰি দিছে। ফলত মাত্ৰ ১.৫ মাহত ছাৰফৰাজে প্ৰায় ১০ কিলোগ্ৰাম ওজন কমালে। পিতৃয়ে লগতে কয় যে ছাৰফৰাজৰ এতিয়াও আৰু অধিক ওজন কমাবলৈ কাম কৰি আছে।
ভাৰতীয় ক্ৰিকেটাৰ ছাৰফৰাজ খান
ছাৰফৰাজৰ এই যাত্ৰাৰ পৰা আমি কি শিকিব পাৰো ?
ওজন কমোৱাৰ বাবে কোনো দ্ৰুত সমাধান নাই। ইয়াৰ বাবে ভাল খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন। অৱশ্যে সোনকালে ওজন কমাবলৈ কিছুমান কাম কৰিব পাৰি যদিও, স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াটো অতি প্ৰয়োজনীয়।
মাজে মাজে উপবাসৰ অভ্যাস কৰক:
মাজে মাজে উপবাস কৰাটো এটা খাদ্যাভ্যাসৰ ধৰণ য’ত আপুনি নিৰ্দিষ্ট সময়ত খাদ্য গ্ৰহণ কৰে আৰু বাকী সময়খিনি উপবাসে থাকে। উপবাসৰ এটা জনপ্ৰিয় পদ্ধতি হ’ল ১৬:৮ ডায়েট, য’ত আপুনি ২৪ ঘণ্টাৰ দিনটোত ১৬ ঘণ্টা উপবাস কৰিব পাৰে আৰু বাকী ৮ ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণ কৰিব পাৰে।
মাজে মাজে উপবাসে থাকিলে স্বাভাৱিকভাৱে কেলৰি কমাই ওজন কমোৱাত সহায় কৰে। ই পৰম্পৰাগত খাদ্যৰ দৰেই কাম কৰে যদিও বিপাকীয় ক্ৰিয়া আৰু ইনচুলিন সংবেদনশীলতাৰ বাবেও ইয়াৰ অতিৰিক্ত সুবিধা আছে। অধ্যয়নত দেখা গৈছে যে ২৬ সপ্তাহলৈকে মাজে মাজে উপবাসে থাকিলে দৈনিক কেলৰি কমাব পৰাৰ দৰেই ওজন হ্ৰাসৰ ফলাফল পোৱা যাব পাৰে।
অধিক প্ৰটিন খাওঁক:
প্ৰটিনে আপোনাক অধিক সময়ৰ বাবে ভৰপূৰ অনুভৱ কৰাত সহায় কৰে। যাৰ ফলত খাদ্যৰ মাজত জলপান খোৱাৰ হেঁপাহ কমি যায়। ইয়াৰ উপৰিও ই আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে কাৰণ আপোনাৰ শৰীৰে চৰ্বি বা কাৰ্বৰ তুলনাত প্ৰটিন প্ৰক্ৰিয়াকৰণৰ বাবে অধিক শক্তি ব্যৱহাৰ কৰে।
ৰাতিপুৱা ব্ৰেকফাষ্টত কণী বা দৈ খোৱাটোৱে আপোনাক পূৰ্ণ অনুভৱ কৰাত সহায় কৰিব পাৰে। ভোক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু দিনটোৰ পিছত অতিমাত্ৰা খাদ্য খোৱাটো কম কৰিব পাৰে। আপোনাৰ খাদ্যত কম চৰ্বিযুক্ত মাংস (lean meat), বীন, বাদাম, আৰু দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত কৰিলে শৰীৰৰ চৰ্বি জ্বলোৱাৰ উপৰিও পেশী বজাই ৰখাত সহায় কৰে।
ব্ৰেকফাষ্টত কণী, কটেজ চীজ (পানীৰ), আৰু বাদাম আদি আপোনাৰ ৰাতিপুৱাৰ আহাৰত অন্তৰ্ভুক্ত কৰক। সুষম খাদ্যৰ বাবে দুপৰীয়া আৰু ৰাতিৰ আহাৰত কুকুৰা, মাছ বা মচুৰ দাইলৰ দৰে প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক।
স্বাস্থ্যসন্মত খাদ্য-সামগ্ৰী
কেঁচা, অপ্ৰক্ৰিয়াকৃত খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক:
কেঁচা ফলমূল, শাক-পাচলি, গোটা শস্য, আৰু পাতল প্ৰটিনৰ দৰে গোটা খাদ্য পুষ্টিকৰ আৰু আপোনাক ভৰপূৰ কৰি ৰাখিব। আনহাতে প্ৰচেছড স্নেকছ আৰু ফাষ্ট ফুডত চেনি, অস্বাস্থ্যকৰ চৰ্বি, কেলৰি আদিৰ পৰিমাণ বেছি থাকে, যিয়ে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
অপ্ৰক্ৰিয়াকৃত(unprocessed) খাদ্য খালে স্বাভাৱিকতে কেলৰি গ্ৰহণ হ্ৰাস পাব পাৰে কাৰণ ই হজম হ’বলৈ বেছি সময় লয় আৰু আপোনাক ভৰপূৰ কৰি ৰাখে। অধ্যয়নত দেখা গৈছে যে গোটা খাদ্যই মানুহক কম খোৱাত সহায় কৰে আৰু দীৰ্ঘম্যাদী ওজন হ্ৰাস কৰাত সহায় কৰে।
শাক-পাচলিক আপোনাৰ খাদ্যৰ মূল অংশ কৰি লওক। তাৰ পিছত কাৰ্ব, জাংক ফুড আৰু চেনিযুক্ত পানীয় একেবাৰে পৰিহাৰ কৰক।
নিয়মীয়া শাৰীৰিক ব্যাম:
সুস্থভাৱে ওজন হ্ৰাসৰ বাবে শাৰীৰিক ব্যাম অতি গুৰুত্বপূৰ্ণ। ই কেলৰি কম কৰাত সহায় কৰে আৰু পেশীৰ ভৰ সংৰক্ষণ কৰাৰ লগতে চৰ্বি কমায়। আনকি দৈনিক ৩০ মিনিট খোজ কাঢ়িলেও সময়ৰ লগে লগে ওজন কমাবলৈ যথেষ্ট উপকাৰ হয়।
জগিং, চাইকেল চলোৱা, বা সাঁতোৰৰ দৰে কাৰ্ডিঅ’ কাৰ্য্যকলাপ কৰক, যেনে শৰীৰৰ ওজন ব্যাম বা ভাৰোত্তোলন। ইয়াৰ দ্বাৰা আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি হ'ব আৰু আপোনাৰ শৰীৰক গঢ় দিয়াত সহায় হ'ব, বিশেষকৈ যেতিয়া ভাল খাদ্য প্ৰণালীৰ সৈতে এইবোৰ একেলগে কৰা হ'ব।
আপুনি কি খাই, তাৰ খবৰ ৰাখক:
এপ বা জাৰ্নেলৰ সহায়ত আপোনাৰ খাদ্য অনুসৰণ কৰিলে কেলৰি গ্ৰহণ আৰু অংশৰ আকাৰৰ বিষয়ে সচেতন হৈ থাকিব পাৰি। বহুতে দিনটোত প্ৰকৃততে কিমান খায় তাক সেই বিষয়ে নাজানে।
আপোনাৰ খাদ্যৰ অনুসৰণে আপোনাক আৰ্হি চিনাক্ত কৰাত সহায় কৰে আৰু আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি অধিক সচেতন হ’বলৈ সহায় কৰে। এই সজাগতাই আপোনাক খাদ্যৰ উন্নত বাছনি কৰিবলৈ আৰু ওজন হ্ৰাসৰ বাবে প্ৰয়োজনীয় কেলৰিৰ ঘটাবলৈ সক্ষম কৰি তোলে।