আইচিচি মহিলা বিশ্বকাপঃ উদ্বোধনী অনুষ্ঠান আৰু অধিনায়কৰ ফটোশ্বুট বৰ্জন কৰিব পাকিস্তানে

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

সন্মুখত আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেট। ৩০ ছেপ্টেম্বৰত গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী খেলৰ জৰিয়তে ৫০ অভাৰৰ আগশাৰীৰ প্ৰতিযোগিতাখন আৰম্ভ হ’ব। শেহতীয়াকৈ আইচিচিয়ে প্ৰকাশ কৰা অনুসৰি, গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে কণ্ঠদান কৰিব।
 
অৱশ্যে জিঅ’ নিউজৰ এক বাতৰি অনুসৰি পাকিস্তানে মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিব। দলটোৰ অধিনায়ক ফাতিমা ছানাই ভাৰতলৈ যাত্ৰা নকৰাৰ বাবে দলটোৱে অধিনায়কৰ ফটোশ্বুটৰ পৰাও আঁতৰি থাকিব বুলি জনা গৈছে।
উল্লেখ্য যে, এদিনীয়া মহিলা ক্ৰিকেট বিশ্বকাপ এইবাৰ ভাৰত আৰু শ্ৰীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ'ব। পাকিস্তানে সকলোবোৰ মেচ কলম্বোত খেলিব। ৫ অক্টোবৰত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ সবাতোকৈ ৰোমাঞ্চকৰ মেচখন।
 
ইফালে, প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচৰ পূৰ্বে আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰী সকলো দল আৰু তেওঁলোকৰ অধিনায়কসকলে এক যৌথ সংবাদমেলত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বকাপৰ ট্ৰফীৰ সৈতে ফটোশ্বুটত অংশগ্ৰহণ কৰাৰ এক পৰম্পৰা আছে।