নতুন দিল্লী
২০২৬ চনত টি ২০ বিশ্বকাপৰ দশম সংস্কৰণ অনুষ্ঠিত হ’ব। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে এই প্ৰতিযোগিতা আযোজন কৰিব। এই প্ৰতিযোগিতাত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে ইয়াৰে ১৯ টা দল নিশ্চিত কৰা হৈছে। ওমান আৰু নেপালে যৌথভাৱে এই প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। টি-২০ বিশ্বকাপৰ বাবে নেপাল ক্ৰিকেট দলে তৃতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
উল্লেখযোগ্য যে, এছিয়া-ইষ্ট পেচিফিক কোৱালিফায়াৰ ৰাউণ্ডৰ জৰিয়তে টি২০ বিশ্বকাপ ২০২৬ৰ বাবে তিনিটা দলৰ সিদ্ধান্ত লোৱা হ’ব, ইয়াৰে দুটা দলে নিজৰ স্থান নিশ্চিত কৰিছে, মাত্ৰ এটা দল বাকী আছে। অনাগত দিনত অন্তিমটো দলৰ সিদ্ধান্ত লোৱা হ’ব।
এছিয়া-ইষ্ট পেচিফিক কোৱালিফায়াৰৰ গ্ৰুপ পৰ্যায়ৰ অন্ত পেলাই ছুপাৰ ৬ ৰাউণ্ডত ওমান আৰু নেপাল ক্ৰিকেট দলে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। চুপাৰ ৬ ৰাউণ্ডৰ তিনিওখন মেচতে জয়লাভ কৰে নেপালে। ফাইনেলত প্ৰৱেশ কৰি নেপালে বিশ্বকাপৰ টিকট নিশ্চিত কৰে। এই প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছে নেপালে। দলটোৱে শেষবাৰৰ বাবে ২০২৪ চনত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল, য’ত ভাৰত চেম্পিয়ন হৈছিল।
ওমান ক্ৰিকেট দলৰ কথা ক’বলৈ গ’লে ছুপাৰ ৬ৰ তিনিওখন মেচতে জয়লাভ কৰিছে দলটোৱে। শীৰ্ষত অন্ত পেলাই টি২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰে ওমানে। এতিয়া ইউ এ ই প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰা ২০ সংখ্যক দল হ’ব পাৰে।
এতিয়া ইউ এ ই, জাপান, কাটাৰে টি২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জনৰ অন্তিম দল হোৱাৰ সুযোগ লাভ কৰিছে। দলসমূহৰ মাজত বাকী থকা মেচসমূহ গুৰুত্বপূৰ্ণ। যদিহে ইউ এ ই ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰে তেন্তে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব।
চলিত মাহৰ আৰম্ভণিতে জিম্বাবুৱে আৰু নামিবিয়াই টি-২০ বিশ্বকাপ আফ্ৰিকা কোৱালিফায়াৰৰ পৰা প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। বৰ্তমান ইউ এ ই, জাপান আৰু কাটাৰে অৰ্হতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। এছিয়া-ইএপি কোৱালিফায়াৰৰ ছুপাৰ ছিক্স ৰাউণ্ডত নেপাল আৰু ওমানৰ হাতত পৰাস্ত হোৱা ইউ এ ইয়ে ছামোয়াক পৰাস্ত কৰাৰ পিছত তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত আছে জাপান। কাটাৰৰ সম্ভাৱনা কিছু কঠিন কাৰণ ছামোয়াক পৰাস্ত কৰিব লাগিব যদিও তাৰ পিছত বাকী দুটা টীম দুখন মেচত পৰাস্ত হ’ব লাগিব।
ভাৰত, শ্ৰীলংকা, আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজীলেণ্ড, পাকিস্তান, কানাডা, ইটালী, নেদাৰলেণ্ড, নামিবিয়া, জিম্বাবুৱে, নেপাল, ওমান।