এছিয়ান লন বাউলছ চেম্পিয়নশ্বিপৰ মহিলা ফৌৰ্ছত ভাৰতে সোণৰ পদক লাভ কৰে

Story by  Imtiaz Ahmed | Posted by   Imtiaz Ahmed • 1 Years ago
ট্ৰফী আৰু সোণৰ পদকৰ সৈতে নয়নমনী শইকীয়া; (সোঁফালে) দলটো (বাওঁফালৰ পৰা) ৰূপা ৰাণী তিৰ্কী, লাভলী চৌবে, পিঙ্কি আৰু নয়নমনী শইকীয়া
ট্ৰফী আৰু সোণৰ পদকৰ সৈতে নয়নমনী শইকীয়া; (সোঁফালে) দলটো (বাওঁফালৰ পৰা) ৰূপা ৰাণী তিৰ্কী, লাভলী চৌবে, পিঙ্কি আৰু নয়নমনী শইকীয়া
গুৱাহাটী

বৃহস্পতিবাৰে মালয়েছিয়াৰ কুৱালালামপুৰত চলি থকা চতুৰ্দশ এছিয়ান লন বাউলছ চেম্পিয়নশ্বিপত মহিলাৰ ফৌৰ্ছত সোণৰ পদক লাভ কৰি ভাৰতে নিজৰ খ্যাতি বজাই ৰাখে। নয়নমণি শইকীয়া, লাভলী চৌবে, পিংকি সিং আৰু ৰূপা ৰাণী তিৰ্কীৰ দলটোৱে ঘৰুৱা দল মালয়েছিয়াক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।

চেম্পিয়নশ্বিপত হংকং আৰু থাইলেণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰি সন্তুষ্ট হয়।

২০২২ চনত বাৰ্মিংহাম কমনৱেলথ গেমছত সোণৰ পদক লাভ দলটোৱেই হৈছে এইবাৰো সোণৰ পদক বিজয়ী ফৌৰ্ছৰ দল।

এছিয়ান চেম্পিয়নশ্বিপত নয়নমণি শইকীয়াৰ এয়া দ্বিতীয়টো পদক। অসমৰ অৰ্জুন বঁটা বিজয়ীগৰাকীয়ে ইয়াৰ পূৰ্বে ২০১২ চনত ২৫ বছৰৰ তলৰ বয়সৰ গোটত সোণৰ পদক লাভ কৰিছিল।

১০ জনীয়া ভাৰতীয় দলটোৱে কুৱালালামপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে ১৬ জানুৱাৰীৰ পৰা ল’ন বাউলছ গ্ৰীণ, সৰুছাজাই ক্ৰীড়া প্ৰকল্পত ২৫ দিনীয়া প্ৰশিক্ষক শিবিৰত অংশগ্ৰহণ কৰিছিল। এই দলটোত আছে অসমৰ মৃদুল বৰগোহাঁই, পুতুল সোণোৱাল আৰু তনিয়া চৌধুৰীও।

বৰ্তমান চলি থকা পুৰুষৰ ইভেণ্টত অধিক পদক লাভ কৰাৰ আশা কৰিছে দলটোৱে। ২৬ ফেব্ৰুৱাৰীত এই চেম্পিয়নশ্বিপৰ অন্ত পৰিব।