নতুন দিল্লী
সুদীর্ঘ ২৩ বছৰৰ পিছত ভাৰতত পুনৰ অনুষ্ঠিত হ'ব দবা বিশ্বকাপ। চলিত বৰ্ষৰ ৩০ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰলৈ প্ৰতিযোগিতাখন ভাৰতত অনুষ্ঠিত হ'ব। এই কথা সদৰী কৰিছে দবাৰ সৰ্বোচ্চ শাসকীয় সংস্থা ফিডেই।
অৱশ্যে ভাৰতৰ কোনখন চহৰত দবা বিশ্বকাপ অনুষ্ঠিত হ'ব, সেয়া এতিয়াও নির্ণয় কৰা হোৱা নাই।
জানিব পৰা মতে, আগন্তুক দবা বিশ্বকাপত ২০৬গৰাকী প্রতিযোগীয়ে নকআউট ফর্মেটত অংশগ্রহণ কৰিব। ফিডেৰ চিইঅ' এমিল ছুট'ভস্কিয়ে কয় যে ফিডে বিশ্বকাপ ভাৰতলৈ আনিবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ।
ভাৰতত দবা খেলৰ প্ৰতি গভীৰ আকৰ্ষণ আৰু সমর্থন আছে। মন কৰিবলগীয়া যে ২০২১ চনৰ পৰা আৰম্ভ হোৱা এই ফর্মেটত আছে একক এলিমিনেচন স্ট্রাকচাৰ। ইয়াত প্ৰতিটো ৰাউণ্ড তিনি দিন ধৰি চলিব। প্রথম দুদিন ধ্রুপদী খেলৰ বাবে সংৰক্ষিত আৰু প্রয়োজন হ'লে তৃতীয় দিনা হ'ব টাইব্ৰেকাৰ। প্ৰথম ৰাউণ্ডত শীর্ষ ৫০গৰাকী খেলুৱৈয়ে বাই লাভ কৰাৰ সম্ভাৱনা আছে। ৫১ৰ পৰা ২০৬ ৰেংকিঙৰ প্ৰতিযোগীসকলে প্রথম ৰাউণ্ডত খেলিব লাগিব। ভাৰতৰ তাৰকা খেলুৱৈ ডি গুকেশ, ২০২৩ চনৰ বিশ্বকাপৰ ৰানাৰ্ছআপ ৰামেশ বাবু প্রজ্ঞানন্দ আৰু বিশ্বৰ পঞ্চম বাছনিৰ অৰ্জুন এৰিগাইচিয়ে ইতিমধ্যে বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰিছে।
উল্লেখ্য যে ২০০২ চনত ভাৰতৰ হায়দৰাবাদত অন্তিমবাৰৰ বাবে দবা বিশ্বকাপ অনুষ্ঠিত হৈছিল।