মেলৱৰ্ণ
টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত গুৰুত্ব দিবলৈ অষ্ট্ৰেলিয়াৰ তাৰকা বেগী বলাৰ মিচেল ষ্টাৰ্কে টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত বিগত টি-২০ বিশ্বকাপৰ পিছত টি-২০ ক্ৰিকেটত অংশগ্ৰহণ নকৰা ৩৫ বছৰীয়া ষ্টাৰ্কে ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ পৰৱৰ্তী সংস্কৰণৰ মাত্ৰ ছমাহ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰে।
টি-২০ত অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী ষ্টাৰ্কে ২০১২ চনত পাকিস্তানৰ বিৰুদ্ধে টি-২০ কেৰিয়াৰ আৰম্ভ কৰিছিল। ৬৫খন মেচৰ কেৰিয়াৰত তেওঁ ৭.৭৪ ইকনমি ৰেটত ৭৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।
ছখন টি-২০ বিশ্বকাপৰ ভিতৰত পাঁচখনতে অংশ লোৱা মিচেল ষ্টাৰ্কে আঘাতৰ বাবে ২০১৬ৰ সংস্কৰণতহে খেলিব পৰা নাছিল। ২০২১ চনত ডুবাইত টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াই খিতাপ জয়ৰ সময়ত তেওঁ আছিল এক গুৰুত্বপূৰ্ণ সদস্য।
ষ্টাৰ্কে কয়, "টেষ্ট ক্ৰিকেট মোৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু সদায় হৈ আহিছে। অষ্ট্ৰেলিয়াৰ হৈ খেলা প্ৰতিখন টি-২০ খেলৰ প্ৰতিটো মিনিটক মই উপভোগ কৰিছো, বিশেষকৈ ২০২১ চনৰ বিশ্বকাপ, কেৱল আমি জয়ী হোৱাৰ বাবেই নহয়, অবিশ্বাস্য দলীয় সংহতি আৰু আনন্দকৰ মুহূৰ্তসমূহ মই সদায় মনত ৰাখিম।"