আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰানৰ ফুটবল দলে; খেল সমাপ্ত কৰিয়েই পঠিওৱা হ'ল মেক্সিকোলৈ

Story by  atv | Posted by  [email protected] • 1 h ago
আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰানৰ ফুটবল দলে
আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰানৰ ফুটবল দলে
 
নতুন দিল্লী
 
আজি পুৱা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হৈছিল ইৰান বনাম নিউজিলেণ্ডৰ। কিন্তু খেল শেষ হোৱাৰ পিছত তাত ৰাতিটো কটাবলৈও অনুমতি নাপালে ইৰানৰ ফুটবল দলটোৱে। বিশ্বকাপৰ খেলখন শেষ হোৱাৰ লগে লগে তেওঁলোকক খৰখেদাকৈ বিমানত উঠাই মেক্সিকোলৈ পঠিয়াই দিয়া হ’ল।
 
ইৰানৰ প্ৰশিক্ষক আমিৰ গালেন’ইয়ে এনে অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে। কথাটো হ’ল তেওঁলোকে বিশ্বকাপত অংশগ্ৰহণ কৰিলেও তেওঁলোকৰ সূচী বা প্ৰস্তুতিৰ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই।
 
গ্ৰুপ জিৰ প্ৰথমখন খেলত ইৰানে নিউজিলেণ্ডৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ’ কৰে। আমোদজনক কথাটো হ’ল অহা দেওবাৰে বেলজিয়ামৰ বিৰুদ্ধে ইৰাণৰ পৰৱৰ্তী খেলখনো একেখন খেলপথাৰতে অনুষ্ঠিত হ’ব। তথাপিও এই যুঁজৰ পিছত দলটোক লছ এঞ্জেলছত থাকিবলৈ দিয়া নহ’ল। মাত্ৰ ১৪০ মাইল দূৰৈৰ টিজুয়ানাত থকা তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰলৈ উভতি যাবলৈ কোৱা হয়।
 
ইৰানৰ পৰিকল্পনা আছিল মেচখনৰ পাছত নিশাটো লছ এঞ্জেলছত কটাব। সচৰাচৰৰ দৰেই খেলুৱৈসকলক জিৰণি লোৱা, চিকিৎসা আৰু পুনৰ্বাসনৰ সময় দিয়াৰ কথা। সেই কথা মনত ৰাখিয়েই পিছদিনা দুপৰীয়া টিজুয়ানালৈ উভতি যোৱাৰ সময়সূচী তৈয়াৰ কৰা হৈছিল। কিন্তু মেচৰ পিছত পৰিকল্পনা সলনি হ’ল।
 
ঘালেনয়ে এগৰাকী দোভাষীৰ জৰিয়তে কয়, ‘আমাক আৰোগ্যৰ সময়কনো দিয়া হোৱা নাছিল। মেচৰ পিছত কোৱা হ’ল, “এতিয়াই ওলাই যাব লাগিব।” খেলুৱৈসকলে জিৰণি ল’বলৈ সময় অতি প্ৰয়োজনীয়। কিন্তু আমাক বিমানত উঠি টিজুয়ানালৈ উভতি যাবলৈ কোৱা হ’ল। ইয়াৰ ফলত আমাৰ বহুত সমস্যা হৈছে!’ ইৰাণৰ প্ৰশিক্ষকগৰাকীয়ে অভিযোগ কৰে যে তেওঁক এই সিদ্ধান্তৰ কাৰণৰ বিষয়ে অৱগত কৰা হোৱা নাছিল।
 
ঘালেনয়ৰ স্পষ্ট প্ৰশ্নটো হ’ল, কোনে সিদ্ধান্ত লৈছে? তেওঁ কয়, ‘সঁচা কথা ক’বলৈ গ’লে আমাক কিয় উভতাই পঠিওৱা হৈছে মই নাজানো। বৰ আচহুৱা কথা। আমাৰ বাবে যেন আন কোনোবাই পৰিকল্পনা কৰিছে। আমাৰ বাবে সিদ্ধান্ত আন কোনোবাই লৈছে!’
 
তেওঁ লগতে কয়, ‘আমি দুদিন আগতে অহাৰ কথা আছিল। আমি আজি ৰাতি মেচৰ পিছত থাকিব লাগিছিল, আৰু কাইলৈ ​​দুপৰীয়া উভতি যোৱাৰ কথা আছিল। কিয় পৰিৱৰ্তন, মোৰ কোনো ধাৰণা নাই!’ তেওঁৰ আক্ষেপ, ‘মই ভাবো আমি হয়তো এই বিশ্বকাপৰ আটাইতকৈ বঞ্চিত দল!’
 
কেৱল ভ্ৰমণেই নহয়, বিশ্বকাপৰ আৰম্ভণিৰে পৰা ইৰানে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ সৈতে হোৱা সংঘাতে তেওঁলোকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছিল। ইৰানে তিনিখন গ্ৰুপ মেচ আমেৰিকাৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনায়। ফিফাই সেই অনুৰোধ নাকচ কৰিছিল। ইয়াৰ উপৰিও ইৰাণ ফুটবল ফেডাৰেচনৰ সভাপতি, প্ৰশিক্ষক কৰ্মচাৰীৰ অংশ আৰু সংবাদ মাধ্যমৰ দলৰ কিছু সদস্যই ভিছাৰ অভাৱত আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিলে।
 
কেপ্তেইন মেহদি তাৰেমিও সমগ্ৰ ঘটনাক লৈ অসন্তুষ্ট হৈ পৰিছে। মেচৰ প্ৰায় এঘণ্টা পিছত তেওঁ কয়, ‘আমি এতিয়া লছ এঞ্জেলছ এৰিব লাগিব। এইটো আমাৰ বাবে ভাল নহয়। মই ভাবো ফিফাই অধিক সহায় কৰা উচিত আছিল। সকলো আচলতে এক বিপৰ্যয়ৰ দৰে!’