মুম্বাই ইণ্ডিয়ানছে অসমৰ জিণ্টিমণি কলিতাক ₹১০ লাখ টকাত ক্ৰয় কৰে

Story by  Imtiaz Ahmed | Posted by   Imtiaz Ahmed • 1 Years ago
জিণ্টিমানী কলিতা
জিণ্টিমানী কলিতা
 
গুৱাহাটী
 
সোমবাৰে মুম্বাইত অনুষ্ঠিত মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) উদ্বোধনী ছিজনৰ নিলামত অসমৰ যুৱ ক্ৰিকেটাৰ জিণ্টিমণি কলিতাক মুম্বাই ইণ্ডিয়ানছে ₹১০ লাখত ক্ৰয় কৰে।
 
 
৮ ফেব্ৰুৱাৰীত অসম ক্ৰিকেট সংস্থাৰ (এচিএ) দুগৰাকী খেলুৱৈ -- জিণ্টিমণি কলিতা আৰু উমা চেত্ৰী -- মহিলা আই পি এলৰ নিলামৰ বাবে ৪০৯ গৰাকী খেলুৱৈৰ ভিতৰত তালিকাভুক্ত হৈছিল।
 
ষ্টাৰ ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই ডব্লিউপিএল নিলামত আটাইতকৈ ব্যয়বহুল ক্ৰয় হৈছে। স্মৃতি মান্ধানাক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে  (আৰচিবি) ₹৩.৪ কোটিত ক্ৰয় কৰে।
 
ইফালে, ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক মুম্বাই ইণ্ডিয়ানছে ₹১.৮ কোটিত ক্ৰয় কৰে। মুম্বাইয়ে ভাৰতৰ অধিনায়কগৰাকীৰ বাবে নিবিদা দিবলৈ কোনো ধৰণৰ চেষ্টা এৰি দিয়া নাছিল।
 
মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰা খেলুৱৈসকল হ'ল হৰমনপ্ৰীত কৌৰ (ভাৰত), নাটালি চীভাৰ (ইংলেণ্ড), এমেলিয়া কেৰ (নিউজিলেণ্ড), পূজা বস্ত্ৰকাৰ (ভাৰত), য়াস্তিকা ভাটিয়া (ভাৰত), হিথাৰ গ্ৰাহাম (অষ্ট্ৰেলিয়া), ইছাবেল ৱং (ইংলেণ্ড), অমনজোত কৌৰ (ভাৰত), ধাৰা গুজ্জৰ (ভাৰত), চাইকা ঈশাক (ভাৰত), হেইলি মেথিউচ (ৱেষ্ট ইণ্ডিজ), ক্লো ট্ৰাইয়ন (দক্ষিণ আফ্ৰিকা), হুমাইৰা কাজী (ভাৰত), প্ৰিয়ংকা বালা (ভাৰত), ছনাম যাদৱ (ভাৰত), জিণ্টিমণি কলিতা (ভাৰত), নীলম বিষ্ট (ভাৰত)।


শেহতীয়া খবৰ