শাৰীৰিক শক্তিৰ এক অন্য নাম গুৱাহাটীৰ নিলোফাৰ আহমেদ

Story by  Munni Begum | Posted by  Munni Begum • 11 Months ago
ডুবাইত অনুষ্ঠিত এছিয়ান পাঞ্জা প্ৰতিযোগীতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটাকৈ ব্ৰঞ্জ পদক লাভ কৰা নিলোফাৰ আহমেদ
ডুবাইত অনুষ্ঠিত এছিয়ান পাঞ্জা প্ৰতিযোগীতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটাকৈ ব্ৰঞ্জ পদক লাভ কৰা নিলোফাৰ আহমেদ
 
মুন্নী বেগম / গুৱাহাটী
 
সাধাৰনতে শক্তি প্ৰদৰ্শনকাৰী খেল পাঞ্জাক পুৰুষৰ খেল বুলি কোৱা হয়। কিন্তু এই শক্তি প্ৰদৰ্শনকাৰী খেলত ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসমীয়া যুৱতীয়ে। গুৱাহাটীৰ আমবাৰীৰ বাসিন্দা তথা আছাম ডাউন টাউন বিশ্ববিদ্যালয়ৰ স্নাতকৰ ছাত্ৰী নিলোফাৰ আহমেদে শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত এছিয়ান পাঞ্জা প্ৰতিযোগীতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটাকৈ ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছে।  
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাঞ্জা চেম্পিয়ন নিলোফাৰ আহমেদে কয়, "মই সৰুৰে  পৰা  ক্ৰীড়াৰ সৈতে জড়িত হৈ আছিলো। প্ৰথম অৱস্থাত মই টাইকোৱাণ্ডো খেলিছিলো আৰু মেট্ৰিক পাছ কৰাৰ পিছত বক্সি খেলিবলৈ আৰম্ভ কৰিছিলো। মই ৰাজ্যিক পৰ্যায়ত বক্সিং খেলিছিলো। কিন্তু ক'ভিড মহামাৰীৰ সময়ত যেতিয়া লকডাউন হৈছিল তেতিয়া ঘৰতে আৱদ্ধ হৈ থাকি মই বক্সিং এৰিবলগীয়া হৈছিল। সেই সময়ত মোৰ শাৰীৰিক আৰু মানসিকভাৱে বহু পৰিৱৰ্তন ঘটিছিল।  মই নিজকে ফিট কৰি ৰখাৰ উদ্দেশ্যে ২০২১ বৰ্ষৰ শেষৰ ফালে শৰীৰচৰ্চাৰ বাবে মই ঘৰৰ ওচৰৰে জিমত যোগদান কৰিছিলো। তাত মই ৬-৭ মাহ দৈনিক শৰীৰচৰ্চা কৰিছিলো। জিমত মোৰ ট্ৰেইনাৰ  আছিল ভাৰতৰ এগৰাকী শ্ৰেষ্ঠ পাঞ্জা খেলুৱৈ দেৱজিৎ শৰ্মা। তেওঁ প্ৰথমে মোক পাঞ্জা খেলৰ প্ৰতি অনুপ্ৰেৰণা যোগাইছিল।"    
 
 
পাঞ্জা খেলৰ প্ৰতি কোনো ধাৰণা নথকা নিলোফাৰে জুনিয়ৰ শাখাৰ লগতে চিনিয়ৰ শাখাৰ খেলুৱৈসকলৰ সৈতেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। কিয়নো নিলোফাৰৰ বাবে খেলাটো একপ্ৰকাৰৰ নিচা। তেওঁক ইয়াৰ বাবে পৰিয়ালৰ লগতে সমাজখনেও যথেষ্ট সমৰ্থন কৰিছে বুলি তেওঁ জনায়।  
 
নিলোফাৰে কয়, "মোৰ জিম ট্ৰেইনাৰ দেৱজিৎ শৰ্মা ছাৰে এদিন হঠাতে মোক কৈছিল যে তোৰ হাতখন ধৰি চাওঁ। মই ভাবিছিলো যে তেওঁ যিহেতু জিম ট্ৰেইনাৰ, গতিকে মোৰ হাতখনত নিশ্চয় কিবা এটা চাব। তেওঁ মোৰ হাতখন ধৰি চালে আৰু ক'লে যে তই পাঞ্জা খেললৈ আহ। মই পাঞ্জা খেলিব পাৰিম নে নোৱাৰিম একো নভাবাকৈয়ে তেওঁক হ'ব বুলি কৈছিলো আৰু তেতিয়া তেওঁ হাঁহিছিল। তাৰ পিছত মই ঘৰত আহি মোৰ মাক সকলোখিনি কথা কৈছিলো আৰু তেওঁ মোক উৎসাহিত কৰিছিল। দেৱজিৎ শৰ্মা ছাৰে মোক প্ৰথমে জীমৰ লৰাবোৰৰ সৈতে অনুশীলন কৰিবলৈ মাতিছিল। মই প্ৰায়সংখ্যক ল'ৰাকে হৰুৱাইছিলো।"  
 
নিলোফাৰ আহমেদে এগৰাকী মহিলাৰ সৈতে পাঞ্জা খেলি থকা এক মূহুৰ্ত
 
অসমৰ ছোৱালীবোৰ বহুত পিছ পৰি আছে। তাৰে মাজতো কোনোবা নহয় কোনোবাই বিভিন্ন ক্ষেত্ৰত আগুৱাই গৈ আছে আৰু অসমৰ নাম উজ্বলাই আছে বুলি নিলোফাৰে কয়। পাঞ্জা অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈ পাঞ্জা খেল এৰি দিম বুলি ভবা নিলোফাৰে কেইবাটাও সোণৰ পদক, ব্ৰঞ্জ পদকৰ লগতে চেম্পিয়ন অব দ্য চেম্পিয়ন আৰু ভাৰতৰ শীৰ্ষ মহিলা পাঞ্জা খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
 
নিজৰ ডায়েট সন্দৰ্ভত নিলোফাৰে কয়, "মই ভাবো যে লৌহ ক্ৰীড়া তথা পাঞ্জা খেলৰ খেলুৱৈসকলে শক্তিৰ বাবে কোনো বিশেষ ছাপলিমেণ্ট গ্ৰহণ কৰাৰ প্ৰয়োজন নহয়। আৰু যিহেতু মোৰ বয়স খুবেই কম সেয়েহে মই ছাপলিমেণ্ট গ্ৰহণ কৰিব নোৱাৰো। সেয়ে মই পৰ্যাপ্ত পৰিমানে ৰেড মীট, নিহাৰী, গাখীৰ, মুগু, বুট, ভাত আৰু কেলচিয়াম টেবলেট সেৱন কৰো। কিয়নো, পাঞ্জা খেলুৱৈসকলে শক্তিবৰ্ধনৰ বাবে নিয়মিত ভাত খাব লাগে। প্ৰতিগৰাকী খেলুৱৈৰ বাবে শৰীৰচৰ্চা ৩০% আৰু ৭০% পুষ্টিৰ প্ৰয়োজন।"
 
নিলোফাৰ আহমেদে এক প্ৰতিযোগীতত জয়ী হোৱাৰ পিছৰ মূহুৰ্ত
 
উল্লেখ্য যে, ডুবাইত অলপতে অনুষ্ঠিত এছিয়ান পাঞ্জা প্ৰতিযোগিতাত ভাৰতৰ লগতে ২০খন দেশে অংশগ্ৰহণ কৰিছিল আৰু ভাৰতক প্ৰতিনিধিত্ব কৰা নিলোফাৰে দুয়োখন হাতেৰে খেলি দুটাকৈ ব্ৰঞ্জ পদক লাভ কৰি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নিলোফাৰে দুখ প্ৰকাশ কৰি কয় যে, ৰাজ্যত এনে বহু খেলুৱৈ আছে, যিসকলে সঠিক সুবিধা আৰু যোগাযোগৰ আভাৱৰ বাবে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হয়। কিয়নো এগৰাকী খেলুৱৈ হিচাপে নিলোফাৰেও বহু সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল।
 
নিলোফাৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ এক মূহুৰ্ত
 
নিলোফাৰে কয়, "পাঞ্জা খেল যদিও পুৰুষৰ খেল বুলি কোৱা হয়, এগৰাকী ছোৱালী হিচাপে মই কেতিয়াও কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিলো। মই প্ৰথমৰ পৰাই সদায়ে পুৰুষ প্ৰতিদ্বন্দ্বীৰ সৈতে অনুশীলন কৰি আহিছো। যিটো মোৰ কাৰনে খুব ভালে আছিল বুলি মই ভাবো। কিয়নো প্ৰতি গৰাকী পুৰুষপ্ৰাৰ্থীয়ে মোক সদায়ে অনুপ্ৰেৰণাৰ লগতে সহায় আৰু সমৰ্থন আগবঢ়াই আহিছিল। আনহাতে মোক সমাজ তথা পৰিয়ালৰ তৰফৰ পৰাও সদায়ে সমৰ্থন আগবঢ়াই আহিছে যিয়ে মোক মোৰ খেলত মনোযোগ দিয়াত সহায় কৰিছিল আৰু খেলৰ ক্ষেত্ৰখনত মই আগুৱাই যাবলৈ সক্ষম হৈছো। মই ভৱিষ্যতলৈও এনেধৰনৰ সহায় আৰু সমৰ্থন পোৱাৰ বাবে আশা কৰো যাতে মোৰ যাত্ৰা সহজ হৈ পৰে। কিন্তু ভাবিলে বেয়া লাগে যে আমাৰ ৰাজ্যত এনে বহু প্ৰতিভাৱান খেলুৱৈ আছে যিসকলে সঠিক সহায় আৰু যোগাযোগৰ অভাৱৰ বাবে আগবাঢ়ি যাব নোৱাৰে। মই নিজেও তেনে সমস্যাৰ সন্মুখীন হৈছো। মোক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপৰ বাবে স্পনছ'ৰ কৰা কোনো নাছিল। যিসকলে কৰিম বুলি কৈছিল তেওঁলোকেও দুদিন পূৰ্বে নোৱাৰো বুলি কৈছিল। কিন্তু মোৰ সৌভাগ্য যে মিলি এণ্ড জ্যোতি ফাউণ্ডেচনে মোক ইয়াৰ বাবে স্পনছ'ৰ কৰিছিল আৰু দুটাকৈ ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হৈছিলো।" 
 
ডুবাইৰ পৰা ব্ৰঞ্জ জয়ী কৰাৰ পিছত নিলোফাৰক গুৱাহাটীত সম্বৰ্ধনা জনোৱা মূহুৰ্ত
 
মোস্তাক আহমেদ আৰু ছাফীয়া বেগমৰ জ্যেষ্ঠ কন্যা নিলোফাৰে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে কয় যে, তেওঁ ক্ৰীড়াৰ তুলনাত তেওঁৰ শৈক্ষিক দিশত অধিক গুৰুত্ব দিব বিচাৰে। কিয়নো এগৰাকী ছোৱালীৰ বাবে ক্ৰীড়াৰ ক্ষেত্ৰখনতকৈ শৈক্ষিক ক্ষেত্ৰখন যথেষ্ট সুবিধাজনক বুলি তেওঁ বিবেচনা কৰে।  
 
নিলোফাৰে কয়, “বক্সিং আৰু পাঞ্জা বুলি মোৰ নিৰ্দিষ্ট কোনো ভাল পোৱা খেল নাই। এগৰাকী খেলুৱৈ হিচাপে মই সকলো খেলৰ প্ৰতি আকৰ্ষিত আৰু বক্সিং আৰু পাঞ্জা দুয়োটা খেলে সমানে ভাল পাওঁ। ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত মই পুনৰ বক্সিঙত মনোনিৱেশ কৰিম আৰু বৰ্তমান মই ছেপ্তেম্বৰ-অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাই আছো।"