অলিম্পিকৰ গেমছ ভিলেজত নাথাকে শীতাতপ নিয়ন্ত্রিত যন্ত্র

Story by  atv | Posted by  Munni Begum • 4 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
পেৰিছ
 
অলিম্পিকত অংশগ্রহণকাৰী খেলুৱৈ আৰু ছাপ'র্ট ষ্টাফসকল থকাৰ বাবে বিশেষ অট্টালিকা তৈয়াৰ কৰা হয়, যাক কোৱা হয় গেমছ ভিলেজ বুলি। কিন্তু এইবাৰ অলিম্পিকত সেই গেমছ ভিলেজত কোনো শীতাতপ নিয়ন্ত্রিত যন্ত্র নাথাকিব। ফলত নতুন অভিজ্ঞতাৰ সন্মুখীন হ'ব ক্রীড়াবিদসকল। 
 
কেইদিনমানৰ পিচৰে পৰা সমগ্র ইউৰোপত তাপমাত্রা ক্রমশঃ বৃদ্ধি হ'ব। কিন্তু শীতাতপ যন্ত্র ব্যৱহাৰ নকৰি বিশেষধৰণৰ এটি 'কুলিং ব্যৱস্থা কৰিছে আয়োজকসকলে। সেই সময়ত তাপমাত্রা যি থাকিব, তাত অতিৰিক্তকৈ ঠাণ্ডাৰ ব্যৱস্থাৰ প্রয়োজন নহ'বও পাৰে। তথাপি বিশেষধৰণৰ কুলিং ছিষ্টেমৰ মাধ্যমেৰে গেমছ ভিলেজৰ কোঠাবোৰ ঠাণ্ডা ৰখাৰ ব্যৱস্থা কৰা হ'ব। 
 
আয়োজক কমিটীৰ এগৰাকী সদস্যই সদৰী কৰা অনুসৰি এনেধৰণৰে কোঠাবোৰ সাজি তোলা হ'ব, য'ত সূৰ্যৰ পোহৰ খুব বেছি নপৰিব। ফলত কোঠাসমূহৰ তাপমাত্রা বৃদ্ধি নহয়। লগতে মাটিৰ তলৰ পৰা ঠাণ্ডা পানী সংগ্রহ কৰি বিশেষ প্রক্রিয়াৰে কোঠাসমূহ ঠাণ্ডা কৰি ৰখা হ'ব। অলিম্পিক সমাপ্ত হোৱাৰ পিচত সেই ভিলেজত স্থানীয় প্রায় ৬ হেজাৰ, মানুহ থকাৰ সুযোগ পাব। সাধাৰণতে গেমছ হৈ যোৱাৰ পিচত সেই ভিলেজসমূহ নিলাম কৰে আয়োজকসকলে।