এছিয়া কাপত ভাৰতৰ হাতত পুনৰ পৰাজয় স্বীকাৰ পাকিস্তানৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ৰ প্ৰথমখন খেলতে পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত বিজয়ী ভাৰতীয় দল। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাকিস্তানে প্ৰথমে বেটিং কৰি ১৭২ ৰাণ সংগ্ৰহ কৰিছিল। ভাৰতীয় দলে মাত্ৰ ৪ টা উইকেট হেৰুৱাই ১৮.৫ অভাৰতে এই টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।
 
ভাৰতৰ হৈ অভিষেক শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৭৪ ৰাণ সংগ্ৰহ কৰে। সহযোগী অপেনাৰ শুভমন গিলেও ২৮ বলত ৪৭ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে। দুয়োগৰাকী অপেনাৰৰ আক্ৰমণাত্মক বেটিঙৰ বাবেই পাকিস্তানে খেলখনত উভতি আহিব নোৱাৰিলে। প্ৰথম উইকেটত দুয়োগৰাকীয়ে ১০৫ ৰাণৰ উল্লেখযোগ্য ইনিংছ খেলে। 
 
আনহাতে অধিনায়ক সূৰ্যকুমাৰ যাদৱে এক ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে। একেদৰে সঞ্জুৱে ১৩ ৰাণ, তিলক বাৰ্মাই ৩০ ৰাণ ( নট আউট) আৰু হাৰ্দিকে ৭ ৰাণ (নট আউট) সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ হৰিছ ৰৌফে দুটা উইকেট দখল কৰাৰ বিপৰীতে আব্ৰাৰ আৰু আশ্ৰফে এটাকৈ উইকেট দখল কৰে। 
 
ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৭১ ৰাণ সংগ্ৰহ কৰে। চাহিবজাদা ফাৰহান আৰু ফাখৰ জামানে ইনিংছ আৰম্ভ কৰি প্ৰথম উইকেটত ২১ ৰাণ সংগ্ৰহ কৰে। ফখৰ জামানে ১৫ ৰাণ সংগ্ৰহ কৰি হাৰ্দিক পাণ্ডিয়াৰ বলত আউট হয়।
 
ইয়াৰ পাছতে ছাইম আয়ুব (২১) আৰু হুছেইন তালাত (১০) ৰাণ সংগ্ৰহ কৰি আউট হয়। পাকিস্তানৰ হৈ চাহিবজাদা ফাৰহানে অৰ্ধশতক অৰ্জন কৰে। ফাৰহানে ৪৫ টা বলত ৫৮ টা ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ মহম্মদ নৱাজে ২১ ৰাণ সংগ্ৰহ কৰে যদিও দুৰ্ভাগ্যবশতঃ সূৰ্যকুমাৰ যাদৱৰ থ্ৰ'ত ৰাণ আউট হয়।
 
দলটোৰ হৈ অধিনায়ক ছলমান আলী আঘাই ১৭ ৰাণ আৰু ফাহিম আশ্ৰফে ২০ ৰাণৰ বৰঙণি আগবঢ়ায়। ইফালে ভাৰতৰ হৈ শিৱম ডুবেই ২ টা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়া আৰু কুলদীপ যাদৱে ১ টাকৈ উইকেট লাভ কৰে।
 
এই প্ৰতিযোগিতাত ভাৰতৰ হাতত পাকিস্তানৰ এয়া দ্বিতীয়টো পৰাজয় । ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ খেলখনত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিছিল। চলিত এছিয়া কাপত ভাৰতে এতিয়ালৈ ৪ খন মেচ খেলিছে আৰু বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে। ভাৰতৰ পৰৱৰ্তী মেচ এতিয়া ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব, য'ত দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলিব।