নতুন দিল্লী
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামেৰে ৱাংখেড়ে ষ্টেডিয়ামত ষ্টেণ্ড স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে মুম্বাই ক্ৰিকেট সন্থাই। মঙলবাৰে এম চি এৰ বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন সভাপতি শৰদ পাৱাৰ আৰু প্ৰাক্তন বেটছমেন অজিত ৱাডেকাৰৰ নামতো ষ্টেণ্ড নিৰ্মাণ কৰা হ’ব।
এই তিনিজন কিংবদন্তিৰ নামেৰে ষ্টেণ্ড নামকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল ৰাজনীতিবিদ তথা এম চি এৰ শীৰ্ষ পৰিষদৰ সদস্য মিলিন্দ নাৰ্ভেকাৰে। এই প্রস্তাৱটো প্রথমে মিলিন্দ নার্ৱেকাৰে উত্থাপন কৰিছিল আৰু সমর্থন দিছিল জিতেন্দ্র আৱহাদে৷ সদনে সৰ্বসন্মতিক্ৰমে ষ্টেণ্ড নামকৰণত অনুমোদন জনায়।
গ্ৰেণ্ড ষ্টেণ্ড লেবেল ৩ : শ্ৰী শৰদ পাৱাৰ ষ্টেণ্ড। গ্ৰেণ্ড ষ্টেণ্ড লেবেল ৪ : অজিত ৱাডেকাৰ ষ্টেণ্ড। দিবেচা পেভিলিয়ন লেবেল ৩ : ৰোহিত শৰ্মা ষ্টেণ্ড।
ইয়াৰ পূৰ্বে শচীন টেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, বিজয় মাৰ্চেণ্ট আৰু দিলীপ ভেংছাৰকে ধৰি বহু ক্ৰিকেট কিংবদন্তিৰ নামেৰে ৱাংখেড়ে ষ্টেডিয়ামত ষ্টেণ্ডৰ নামকৰণ কৰা হৈছে।
ৰোহিতৰ অধিনায়কত্বত ভাৰতে দুটাকৈ আই চি চি খিতাপ দখল কৰিছে। ৰোহিতে ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰিছিল যদিও ২০২৩ চনত এদিনীয়া বিশ্বকাপৰ খিতাপ জয়ৰ পৰা বঞ্চিত হৈছিল। পৰৱৰ্তী বিশ্বকাপ ২০২৭ চনত দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হোৱাৰ কথা। ২০১১ চনত ৰোহিতে বিশ্বকাপৰ দলত স্থান হেৰুৱাইছিল, ২০১৫ চনত আৰু ২০১৯ চনত তেওঁ সহ অধিনায়ক হিচাবে আছিল। ২০২৩ চনত ৰোহিতৰ এদিনীয়া বিশ্বকাপ জয়ৰ সুযোগ আছিল আৰু তেওঁৰ নেতৃত্বত দলটোৱে একেৰাহে ১০খন মেচত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপৰ মেচখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল।