নতুন দিল্লী
"আল্লাহে মোক এটা কাৰণৰ বাবে জীয়াই ৰাখিছে আৰু সোনকালে সেই দিন আহিব, যেতিয়া আৱামি লীগৰ সদস্যক লক্ষ্য কৰি লোৱাসকলক ন্যায়ৰ কাঠগড়ালৈ অনা হ'ব।" বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। যোৱা বছৰ আগষ্টত দেশজোৰা হিংসাত্মক আন্দোলনৰ ফলত ক্ষমতাৰ পৰা উৎখাত হৈ ভাৰতলৈ পলায়ন কৰা আৱামী লীগৰ সভানেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত দলীয় নেতাৰ পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত এইদৰে কয়।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক লক্ষ্য কৰি হাছিনাই কয় যে তেওঁ এনেকুৱা এজন ব্যক্তি যিয়ে কেতিয়াও জনসাধাৰণক ভাল নাপায়।
"তেওঁ উচ্চ সুতৰ হাৰত মানুহক ক্ষুদ্ৰ ঋণ দিছিল আৰু সেই ধনসমূহ বিদেশত আড়ম্বৰপূৰ্ণভাৱে জীয়াই থকাত ব্যৱহাৰ কৰিছিল। আমি তেতিয়া তেওঁৰ এই দুতেলীয়া স্বভাৱ বুজিব পৰা নাছিলো, গতিকে আমি তেওঁক বহুত সহায় কৰিছিলো। কিন্তু জনসাধাৰণ তেওঁৰদ্বাৰা লাভৱান নহ’ল। তেওঁ নিজৰ বাবে ভাল কাম কৰিলে। তাৰ পিছত ক্ষমতাৰ প্ৰতি এক লোভ গঢ় লৈ উঠিল, যিয়ে এতিয়া বাংলাদেশক জ্বলাই দিছে।"-হাছিনাই কয়।
৭৭ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নৰ আৰ্হি হিচাপে বিশ্বই বাংলাদেশক চাইছিল যদিও এতিয়া বাংলাদেশ “সন্ত্রাসবাদীৰ দেশ”লৈ ৰূপান্তৰিত হৈছে৷ "আমাৰ নেতা আৰু কৰ্মীক বৰ্ণনা কৰিব নোৱাৰা ধৰণে হত্যা কৰা হৈছে। আৱামি লীগ, আৰক্ষী, অধিবক্তা, সাংবাদিক, শিল্পী, সকলোকে লক্ষ্য কৰি লোৱা হৈছে। সংবাদ মাধ্যমক দমন কৰা হৈছে। সংবাদ মাধ্যমত ধৰ্ষণ, হত্যা, ডকাইতিৰ খবৰ দিয়াটো বন্ধ কৰি দিছে। আৰু যদি ইয়াৰ বাতৰি কোনোবাই প্ৰকাশ কৰিছে, তেন্তে সেই টিভি চেনেল বা বাতৰি কাকতক লক্ষ্য কৰি লোৱা হৈছে।"-হাছিনাই কয়।
পিতৃ তথা বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানকে ধৰি সমগ্ৰ পৰিয়ালৰ ভয়াবহ হত্যাকাণ্ডৰ কথা স্মৰণ কৰি তেওঁ কয়, “এদিনতে মই মোৰ পিতৃ-মাতৃ, ভাই সকলোকে হেৰুৱাইছো। আৰু তাৰ পিছত তেওঁলোকে আমাক দেশলৈ উভতি যাবলৈ নিদিলে। আপোনজনক হেৰুওৱাৰ বেদনা মই ভালদৰে অনুভৱ কৰিব পাৰো। আল্লাহে মোক যিহেতু জীয়াই ৰাখিছে, হয়তো মোৰ জৰিয়তে তেওঁ কিছু ভাল কাম কৰিব বিচাৰিছে। যিসকলে এই অপৰাধ সংঘটিত কৰিছে, তেওঁলোকক শাস্তি দিব লাগিব। এইটো মোৰ প্ৰতিশ্ৰুতি।"
শ্বেখ হাছিনাৰ সৈতে হোৱা মতবিনিময়ৰ সময়ত হত্যাৰ বলি হোৱা আৱামি লীগৰ কৰ্মী আৰু নেতাসকলৰ পৰিয়ালৰ সদস্যই তেওঁলোকৰ বিৰুদ্ধে চলি থকা অত্যাচাৰৰ কথা উল্লেখ কৰে। "এইবোৰ মানুহ নহয়, তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব। ভুক্তভোগীসকলে ন্যায় লাভ কৰিব। আল্লাহে কেতিয়াও এইবোৰ সহ্য নকৰে"-হাছিনাই এইদৰে কয়।
এগৰাকী মহিলাই যেতিয়া তেওঁৰ পিতৃক কেনেকৈ হত্যা কৰা হৈছিল, সেই বিষয়ে বৰ্ণনা কৰে, তেতিয়া আৱামি লীগৰ নেত্ৰীগৰাকীয়ে উত্তৰ দিলে, "আপুনি ন্যায় লাভ কৰিব, মোৰ মাক-দেউতাকক হত্যা কৰাৰ পিছত মই যিদৰে ন্যায় পাইছিলো। আমি তেওঁলোকক এদিন বিচাৰি পাম, আমাৰো দিন আহিব। মই এই কথা বিশ্বাস কৰোঁ, নহ'লে মই জীয়াই নাথাকিলোহেঁতেন।"
এজন সমৰ্থকে হাছিনাৰ অৱস্থা কেনেকুৱা বুলি সোধাত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মই জীয়াই আছো ল'ৰা।" আন এজন সমৰ্থকে তেওঁক কয়, "আল্লাহে আপোনাক পুনৰ সুযোগ প্ৰদান কৰক।" তেতিয়া হাছিনাই কয়, "তেওঁ নিশ্চয় এয়া কৰিব। সেইবাবেই আল্লাহে মোক জীয়াই ৰাখিছে। মই আহি আছো।"
উল্লেখ্য যে, বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ কৰাৰ চেষ্টা চলাই থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্য গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। শেহতীয়াকৈ বিমষ্টেক শীৰ্ষ সন্মিলনৰ সময়ত মহম্মদ ইউনুছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হাছিনাৰ প্ৰত্যাৰ্পণৰ অনুৰোধৰ বিষয়ে প্ৰশ্ন কৰিছিল। বাংলাদেশৰ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক এই কথাও কয় যে শ্বেখ হাছিনাই সংবাদ মাধ্যমত উত্তেজক মন্তব্য কৰি আহিছে আৰু বাংলাদেশৰ পৰিস্থিতি অস্থিৰ কৰাৰ চেষ্টা চলাই আছে।