ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ'ব খালিস্তানী নেতা অমৃতপাল সিঙৰ ৪ সহযোগীক

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী 

পলাতক হৈ থকা খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে ব্যাপক অভিযান চলাই থকাৰ মাজতে আজি পুৱা গ্ৰেপ্তাৰ হোৱা অমৃতপালৰ চাৰিগৰাকী শীৰ্ষ সহযোগীক বিশেষ বিমানেৰে উজনি অসমৰ ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে। আৰক্ষীৰ শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। নিৰাপত্তাৰ দিশৰ পৰা অত্যন্ত সুৰক্ষিত হিচাপে পৰিগণিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক ৰখা হ'ব। 
 
উগ্ৰ বিচ্ছিন্নতাবাদী নেতা অমৃতপালৰ সহযোগীসকলৰ সৈতে পঞ্জাৱ আৰক্ষীৰ কাৰাগাৰৰ মহাপৰিদৰ্শককে ধৰি ৩০ জনীয়া এটা দলো অসমলৈ আহিছে। ডিব্ৰুগড় জিলা উপায়ুক্ত, আৰু স্থানীয় আৰক্ষী অধীক্ষকে মোহনবাৰী বিমানবন্দৰত কটকটীয়া নিৰাপত্তাৰ মাজত দলটোক গ্ৰহণ কৰে। 
উল্লেখ্য যে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ উত্তৰ-পূব ভাৰতৰ অন্যতম পুৰণি কাৰাগাৰ। ইয়াৰ নিৰাপত্তা ব্যৱস্থা অত্যন্ত শক্তিশালী। অসমত আলফাৰ সন্ত্ৰাস চলি থকাৰ সময়ত এই কাৰাগাৰতে অধিকাংশ উগ্ৰপন্থীক ৰখাৰ ব্যৱস্থা কৰা হৈছিল।
 
পঞ্জাৱ আৰক্ষীয়ে এতিয়ালৈকে অমৃতপাল সিঙৰ ‘ৱাৰিছ পঞ্জাব দে’ নামৰ সংগঠনটোৰ ৭৮ জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কেইবাজনো সদস্যক সোধা-পোছাৰ বাবে আটক কৰি ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
 
জলন্ধৰ আৰক্ষী আয়ুক্ত কুলদীপ সিং চাহালে কয় যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত অমৃতপল সিঙৰ ছয়ৰ পৰা সাতজন বন্দুকধাৰী সতীৰ্থ আছে। স্বয়ম্ভু প্ৰচাৰকজনৰ ঘনিষ্ঠ সহযোগী দলজীত সিং কলচীক আজি পুৱা হাৰিয়ানাৰ গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে, খালিস্তানী নেতা অমৃতপল সিং এতিয়াও পঞ্জাৱ আৰক্ষীৰ পৰা পলায়ন কৰি আছে আৰু তেওঁৰ সন্ধানত আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে। সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা সন্ধিয়া জলন্ধৰত মটৰ চাইকেলেৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত শেষবাৰৰ বাবে দেখা পোৱা অমৃতপল সিঙক ধৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে।