বহিঃৰাজ্যত অধ্যয়নৰত শিক্ষার্থীৰ বাবে হেল্পলাইন নম্বৰ মুকলি ৰাজ্য চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 19 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
সাম্প্রতিক সময়ছোৱাত দেশত বিৰাজ কৰা যুদ্ধৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বহিঃৰাজ্যত অধ্যয়নৰত শিক্ষার্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। সেইমতে বহিঃৰাজ্যৰ শিক্ষার্থীসকলৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। 
 
দেশৰ বিভিন্ন প্রান্তত অধ্যয়নৰত শিক্ষার্থীসকলে নতুন দিল্লীৰ অসম ভৱনৰ সৈতে যোগাযোগ কৰিব পাৰিব। ৰাজ্য চৰকাৰে শনিবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰি কয় যে শিক্ষার্থীসকলে যিকোনো ধৰণৰ সহায়-সহযোগিতাৰ বাবে নতুন দিল্লীৰ অসম ভৱনৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। 
 
তেওঁ কয় যে, নতুন দিল্লীৰ অসম ভৱনৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা সাধাৰণ প্রশাসন বিভাগৰ যুটীয়া সচিব ৰাজদীপ কুমাৰ দাসৰ সৈতে ৯৮৭৪৩-৫৫৩০৫ নম্বৰত আৰু অসম ভৱনৰ হাউছ মেনেজাৰ বিনোদ কলিতাৰ সৈতে ৮৯২০৫-৭০৫০৭ নম্বৰত যোগাযোগ কৰিব পাৰিব। 
 
ইয়াৰ বাহিৰেও ০১১-২৩০১০২৯৮ আৰু ০১১-২৬৮৭৭১১১ নম্বৰটো জৰুৰীকালীন হেল্পলাইন নম্বৰ হিচাপে আগবঢ়োৱা হৈছে। চৰকাৰৰ ঘোষণা অনুসৰি এই নম্বৰসমূহ ২৪ ঘণ্টাই উপলব্ধ হ'ব বুলিও ৰাজ্য চৰকাৰে জনাইছে।