আজিৰ পৰা গুৱাহাটীবাসীয়ে লাভ কৰিব পাইপ গেছৰ সুবিধা

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডৰ যৌথ উদ্যোগত আৰম্ভ হোৱা চিটি গেছ বিতৰণ প্রতিষ্ঠান পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে শনিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিব গেছৰ বিতৰণ প্রক্রিয়া। শনিবাৰে গুৱাহাটীৰ দিছপুৰ লোকসেৱা ভৱনৰ মিডিয়া হলত আনুষ্ঠানিকভাৱে গেছ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই।  
 
পেট্রলিয়াম আৰু প্রাকৃতিক গেছ নিয়ন্ত্রণ ব'ৰ্ডৰ দ্বাৰা অনুমোদিত পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেড দুটাকৈ ভৌগোলিক অঞ্চল কামৰূপ-কামৰূপ মহানগৰ আৰু কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাত চিটি গেছ বিতৰণ আন্তঃগাঁথনি উন্নয়নৰ বাবে দায়বদ্ধ। ৮ বছৰৰ নির্ধাৰিত সময়ছোৱাৰ ভিতৰত ২,৬১৬.৯৫ কোটি টকাৰ মূলধনী বিনিয়োগৰ প্রতিশ্রুতিৰে পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে ৰাজ্যখনৰ গেছ আন্তঃগাঁথনি নেটৱৰ্ক ত্বৰান্বিত কৰাত উঠি-পৰি লাগিছে। 
 
উল্লেখ্য যে পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে অসমৰ বিভিন্ন ঠাইত ঘৰুৱা পাইপ গেছৰ যোগানৰ বাবে ইতিমধ্যে চি এন জি ষ্টেচন স্থাপন কৰিছে। প্রথম পর্যায়ত গুৱাহাটীৰ নুনমাটিৰ সমীপৱৰ্তী অঞ্চলৰ পৰিয়ালসমূহক পাইপ যোগান ধৰিছে। গুৱাহাটী আৰু ইয়াৰ আশে-পাশে স্বচ্ছ ইন্ধনৰ ক্রমবর্ধমান চাহিদা পূৰণ কৰিবৰ বাবে প্রতিষ্ঠানটোৱে ইতিমধ্যে চি এন জি আন্তঃগাঁথনিত ১৩টা ষ্টেচন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে কার্যক্ষম হৈছে ৭টা গেছৰ যোগান ধৰা হ'ব। গুৱাহাটীৰ লগতে কামৰূপ (গ্রাম্য) আৰু বৰাক উপত্যকাৰ জিলাকেইখনত এই পদক্ষেপ গ্রহণ কৰিছে প্রতিষ্ঠানটোৱে। 
 
পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই কয়, "কামৰূপ আৰু কামৰূপ মহানগৰত ইতিমধ্যে ৭৬৪.৯৫ কিলোমিটাৰ এমডিপিই পাইপলাইন আৰু ৪৩.১০৮ কিলোমিটাৰ ষ্টীল পাইপলাইন সফলতাৰে স্থাপন কৰা হৈছে। ইতিমধ্যে গুৱাহাটীত প্রায় ৬.১৭৫টা পৰিয়াললৈ পাইপ গেছৰ ষ্টেচন সংযোগ। ইফালে কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাত প্রতিষ্ঠানটোৱে স্থাপন কৰিছে ৬১৬ কিলোমিটাৰ এম ডি ই পি পাইপলাইন আৰু ৩২ কিলোমিটাৰ ষ্টীল পাইপলাইন। ু
 
ইতিমধ্যে জিলাকেইখনত সক্রিয় কৰা হৈছে ১,৪৮৮টা সংযোগ। শনিবাৰে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানতে বাইহাটা চাৰিআলি, হাজো, শুৱালকুছি আৰু ৰঙিয়ালৈ গেছৰ যোগান আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। অসমৰ স্বচ্ছ ইন্ধনৰ খণ্ডটোত নতুনত্ব অনাৰ প্রয়াসেৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে।