নতুন দিল্লী
অপাৰেচন সেন্দুৰ আৰু পাকিস্তানৰ সেনাবাহিনীৰ বিফল ড্ৰ’ন আক্ৰমণৰ পিছত নতুন দিল্লী আৰু ইছলামবাদৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে দেশৰ ২৪টা বিমানবন্দৰ বন্ধৰ সময়সীমা ১৫ মে’ৰ পুৱা ৫:২৯ বজালৈ বৃদ্ধি কৰিছে।
বৃহস্পতিবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে ১০ মে’লৈকে অসামৰিক বিমান সেৱাৰ বাবে ২৪টা বিমানবন্দৰ বন্ধ থাকিব।
চণ্ডীগড়, শ্ৰীনগৰ, অমৃতসৰ, লুধিয়ানা, ভুণ্টাৰ, কিষানগড়, পাটিয়ালা, শিমলা, জয়ছলমেৰ, পাঠানকোট, জম্মু, বিকানেৰ, লেহ, পোৰবন্দৰ আদি চহৰত ১৫ মে’লৈ বিমানবন্দৰ বন্ধ থাকিব।
কেইবাটাও বিমান সংস্থাই যাত্ৰীসকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শও জাৰি কৰি বিমানবন্দৰ বন্ধ আৰু বৰ্ধিত নিৰাপত্তা প্ৰট’কলৰ বিষয়ে আপডেট হৈ থাকিবলৈ কয়।
শুকুৰবাৰে এক্সত এয়াৰ ইণ্ডিয়াই এটা পোষ্টত উল্লেখ কৰিছে যে, “ভাৰতৰ একাধিক বিমানবন্দৰ অব্যাহত ৰখাৰ সন্দৰ্ভত বিমান কৰ্তৃপক্ষৰ পৰা পোৱা জাননীৰ পিছত এয়াৰ ইণ্ডিয়াৰ তলত উল্লেখ কৰা ষ্টেচনসমূহ – জম্মু, শ্ৰীনগৰ, লেহ, যোধপুৰ, অমৃতসৰ, চণ্ডীগড়, ভূজ, জামনগৰ আৰু ৰাজকোটলৈ -- অহা-যোৱা কৰা বিমানসমূহ ১৫ মে’ৰ ০৫২৯ বজালৈকে বাতিল কৰা হৈছে ...।”
তেওঁলোকে লগতে কয়, “এই সময়ছোৱাত ভ্ৰমণৰ বাবে বৈধ টিকট থকা গ্ৰাহকসকলক পুনৰ নিৰ্ধাৰণৰ চাৰ্জৰ ওপৰত এককালীন ৰেহাই বা বাতিলৰ বাবে সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ সুবিধা প্ৰদান কৰা হ’ব।”
এক্সত এটা পোষ্টত ইণ্ডিগ’ই কয় যে অস্থায়ীভাবে বিমানবন্দৰ বন্ধ হোৱাৰ বাবে শ্ৰীনগৰ, জম্মু, অমৃতসৰ, লেহ, চণ্ডীগড়, ধৰ্মশালা, বিকানেৰ, ৰাজকোট, যোধপুৰ আৰু কিশনগড়লৈ অহা-যোৱা কৰা সকলো বিমান, ১৫ মে’ৰ পুৱা ৫:৩০ বজালৈকে বাতিল কৰা হৈছে।
দিল্লীৰ আই জি আই বিমানবন্দৰত কৰ্তৃপক্ষই উল্লেখ কৰে যে কটকটীয়া নিৰাপত্তা প্ৰট’কলৰ বাবে বিমান চলাচলত প্ৰভাৱ পৰিছে।
পিটিআইৰ বাতৰি অনুসৰি শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ২ বজাৰ ভিতৰত মুঠ ৬৬টা ঘৰুৱা প্ৰস্থান আৰু ৬৩টা আগমনৰ লগতে ৫টা আন্তঃৰাষ্ট্ৰীয় প্ৰস্থান আৰু ৪টা আগমন বাতিল কৰা হৈছে।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত DIALএ কয় যে, "দিল্লী বিমানবন্দৰৰ কাম-কাজ স্বাভাৱিক হৈয়ে আছে। অৱশ্যে বিকশিত আকাশমাৰ্গৰ পৰিস্থিতি আৰু উচ্চ নিৰাপত্তা ব্যৱস্থাৰ বাবে কিছুমান বিমানৰ সময়সূচী আৰু নিৰাপত্তা প্ৰক্ৰিয়াকৰণৰ সময়ত প্ৰভাৱ পৰিব পাৰে।"
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পিছত বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি পাইছে। আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানক সীমাপাৰ সন্ত্ৰাসবাদৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰে, যিটো দেশখনে অস্বীকাৰ কৰে।
বৃহস্পতিবাৰে নিশা পাকিস্তানৰ সেনাই ৩০০-৪০০ ড্ৰোন উৎক্ষেপণ কৰে যিবোৰ ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বাধা দিয়ে। কিন্তু বতাহত হোৱা তীব্ৰ বিস্ফোৰণ আৰু প্ৰজেক্টাইলৰ জিলিকনিয়ে জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ একাংশ অঞ্চলৰ বাসিন্দাসকলৰ মাজত শংকা আৰু আতংকৰ সৃষ্টি কৰে।
পাকিস্তানী সেনাইও এল অ’ চিৰ ওপৰেৰে তীব্ৰ গোলাবৰ্ষণ কৰি জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী গাঁওসমূহত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিসাধন কৰে।