গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে বাল্যবিবাহৰ ঘটনা যদিও মুছলমান অধ্যুসিত অঞ্চলত অধিক, তথাপিও চৰকাৰে কোনো ধৰ্মীয় সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা নাই। বাল্য বিবাহৰ সৈতে জড়িত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোককে গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰতি ছমাহৰ মূৰে মূৰে চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২৬ চনৰ ভিতৰত ৰাজ্যখনক এই ব্যাধিৰ পৰা মুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে চৰকাৰে শীঘ্ৰে বাল্য বিবাহক লৈ এখন নতুন আইন প্ৰণয়নৰ চিন্তা-চৰ্চা কৰিছে।
কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এক প্ৰশ্নৰ উত্তৰত শৰ্মাই বুধবাৰে অসম বিধানসভাত কয় যে ৩ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা বাল্য বিবাহ বিৰোধী অভিযানত মুছলমান আৰু হিন্দুৰ গ্ৰেপ্তাৰৰ অনুপাত হৈছে ৫৫:৪৫।
“ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ তথ্য অনুসৰি ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ দৰে মুছলমান সংখ্যাগৰিষ্ঠ জিলাত বাল্য বিবাহৰ সমস্যা সৰ্বাধিক। ডিব্ৰুগড় আৰু তিনিচুকীয়াত এইধৰণৰ ঘটনা তুলনামূলকভাৱে কম যদিও মই এই জিলা দুখনৰ আৰক্ষী প্ৰধানক নিৰ্দেশ দিছো যে বাল্য বিবাহৰ সৈতে জড়িত যিকোনো লোকক গ্ৰেপ্তাৰ কৰা উচিত। বিৰোধীয়ে প্ৰতিটো বিষয়ক সাম্প্ৰদায়িক ৰূপ দিব খোজে আৰু তেওঁলোকে এই কথাটো স্বীকাৰ কৰিব নোখোজে যে বাল্য বিবাহৰ সৰ্বাধিক ঘটনা নামনি অসমৰ জিলাসমূহত সংঘটিত হৈ আছে।"-মুখ্যমন্ত্ৰীয়ে কয়।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে দাবী কৰে যে “অসমৰ মুছলমানসকলে বৰ্তমানৰ দৰে শান্তিৰে কেতিয়াও জীয়াই থকা নাই। ওদালগুৰিত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি? বিটিআৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি? কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি? অসমৰ মুছলমানসকলে আজিৰ দৰে শান্তিৰে কেতিয়াও জীয়াই থকা নাই। সকলোৱে স্কুল কলেজ পাইছে। আজি অন্য সম্প্ৰদায়ৰ কিছু লোকে আমাক অভিযোগ উত্থাপন কৰিছে যে পি এম আৱাস যোজনাৰ অধীনত ৬০% ঘৰ মুছলমানে লাভ কৰিছে। আজি মুছলমান গাঁৱত যিমান পৰিমাণৰ পথ নিৰ্মাণ কৰা হৈছে, সেয়া আগতে কেতিয়াও নিৰ্মাণ হোৱা নাছিল,” তেওঁ কয়।
‘আজি কোনোবাই যদি সোধে যে অসমত সাম্প্ৰদায়িক সংঘৰ্ষত কিমান সংখ্যালঘু লোকৰ মৃত্যু হৈছে, তেন্তে আপোনালোকে(বিৰোধী) আৰক্ষীৰ এনকাউণ্টাৰৰ কথা উল্লেখ কৰে। আৰক্ষীৰ এনকাউণ্টাৰ ইচ্ছাকৃতভাৱে কৰা কাম নেকি? কিন্তু, সাম্প্ৰদায়িক সংঘৰ্ষ ইচ্ছাকৃতভাৱে কৰা হয়। যদি অপৰাধীয়ে ৰিভলভাৰ উলিয়াই, তেতিয়াহে আৰক্ষীয়ে নিজৰ ৰিভলভাৰ উলিয়াবলৈ বাধ্য হয়।’-শৰ্মাই কয়।
বিৰোধী বিধায়কসকলে অসমৰ সংখ্যালঘুৰ বাবে ঘঁৰিয়ালৰ চকুপানী টোকে বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত সম্প্ৰতি অব্যাহত থকা বেদখল বিৰোধী অভিযান যি আইনৰ অধীনত চলি আছে সেই আইনখন কেন্দ্ৰৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে গৃহীত কৰিছিল।
‘মূল কথাটো হ’ল নামনি অসমত জনসংখ্যা নিয়ন্ত্ৰিত নহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো মাটি নাথাকিব। আজি আমি উচ্ছেদ নকৰিলেও এটা পৰিয়ালত আঠটা সন্তান থাকিলে পৰৱৰ্তী প্ৰজন্ম ক’ত থাকিব।’
মুখ্যমন্ত্ৰীয়ে কয়,‘এই আইনখন ২০০৫ চনত কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰে গৃহীত কৰিছিল। এই আইন অনুসৰি, ২০০৫ চনৰ আগতে অৰণ্যত বাস কৰা কিছুমান জনজাতীয় লোকক ভূমিৰ অধিকাৰ দিয়া হৈছিল। আৰু তাৰ আগতে যদি ৩-৪ প্ৰজন্ম আগত অৰণ্যত সাধাৰণ জাতিৰ মানুহ বাস কৰিছিল, তেন্তে অৰণ্যৰ ভূমিৰ ওপৰত তেওঁলোকৰো অধিকাৰ থাকিব। এই আইন অনুসৰি, অৰণ্যত আন কোনো লোক থাকিব নোৱাৰে। কিয় কংগ্ৰেছ চৰকাৰে এনে আইন প্ৰণয়ন নকৰিলে যে জনজাতীয় লোকে যিদৰে ভূমিৰ অধিকাৰ পাব, ঠিক তেনেদৰে আমাৰ সংখ্যালঘু লোকেও তেনে অধিকাৰ লাভ কৰিব। ক্ষমতাত থাকিলে কংগ্ৰেছ সংখ্যালঘুসকলক মনত নেপেলায়। আজি যদি সংখ্যালঘু লোকে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে তাৰ বাবে মই জগৰীয়া নহয় আৰু মোৰ হাতত ইয়াৰ কোনো উত্তৰো নাই।’