সংবিধানৰ 35A অনুচ্ছেদে কাশ্মীৰৰ অস্থায়ী বাসিন্দাসকলৰ পৰা গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰ কাঢ়ি লৈছিলঃ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

Story by  atv | Posted by  [email protected] • 1 Years ago
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
 
নতুন দিল্লী

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ আৰু ৩৫এ অনুচ্ছেদ প্ৰত্যাহাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি আছে উচ্চতম ন্যায়ালয়ে। সেই গোচৰত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে কয় যে ৩৫এ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰত স্থায়ীভাৱে বাস নকৰা ভাৰতীয়সকলৰ পৰা তিনিটা মৌলিক অধিকাৰ কাঢ়ি লৈছে।
 
২০১৯ চনৰ পূৰ্বে জম্মু-কাশ্মীৰৰ ``স্থায়ী'' বাসিন্দাসকলে ৩৫এ অনুচ্ছেদৰ অধীনত বিশেষ সুবিধা লাভ কৰিছিল। কিন্তু মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে পৰ্যবেক্ষণ কৰে যে ৩৫এ অনুচ্ছেদত আন ভাৰতীয়সকলক তিনিটা মৌলিক অধিকাৰ বঞ্চিত কৰা হৈছে। উল্লেখ্য যে, ১৯৫৪ চনত ৰাষ্ট্ৰপতিয়ে ৩৫নং অনুচ্ছেদক সংবিধানত অন্তৰ্ভুক্ত কৰিছিল। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ মতে ইয়াৰ বাবেই কেইবাটাও গোচৰত ‘ব্যতিক্ৰম’ দেখা গৈছে।
 
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ৩৫এ অনুচ্ছেদত জম্মু-কাশ্মীৰত ভাৰতীয় নাগৰিকক তিনিটা মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁৰ মতে ১৬(১) অনুচ্ছেদৰ অধীনত দেশৰ সকলো নাগৰিককে চৰকাৰী নিয়োগত সমান অধিকাৰ দিয়া হৈছিল, যদিও ৩৫এ অনুচ্ছেদে সেই অধিকাৰ খৰ্ব কৰি পেলাইছে। 
 
তদুপৰি ১৯(১)(এফ) অনুচ্ছেদত দেশৰ সকলো নাগৰিককে যিকোনো ঠাইতে সম্পত্তি ক্ৰয় কৰাৰ অধিকাৰ দিয়া হৈছে, যিটো অনুচ্ছেদ ৩৫এ-ৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। আৰু ১৯(১)(ই) অনুচ্ছেদত নাগৰিকক যিকোনো ঠাইতে বসতি স্থাপন কৰাৰ অধিকাৰ দিয়া হৈছে। অৱশ্যে ৩৫এ অনুচ্ছেদেও ইয়াক ভেঙুচালি কৰে।
 
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৩৫এ অনুচ্ছেদৰ ভিত্তিত জম্মু-কাশ্মীৰৰ কোনো আইন পুনৰীক্ষণ কৰাৰ কোনো ক্ষমতা নাই বুলিও উল্লেখ কৰে। ইফালে, আবেদনকাৰীৰ হৈ অধিবক্তা কপিল ছিবালে দাবী কৰে যে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অনুভৱ কৰিছিল যে যদি জম্মু-কাশ্মীৰত অন্য ঠাইৰ লোকে সম্পত্তি ক্ৰয় কৰে তেন্তে ভাৰসাম্য বিঘ্নিত হ’ব। 
 
আনহাতে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, ‘বৰ্তমানৰ চৰকাৰে তেতিয়াৰ চৰকাৰৰ ভুল শুধৰণিৰ চেষ্টা কৰিছে। এই পদক্ষেপে জম্মু-কাশ্মীৰৰ জনসাধাৰণক দেশৰ বাকী অংশৰ সমতুল্য কৰি তুলিছে। ই দেশৰ সকলোবোৰ কল্যাণমূলক আঁচনি কাৰ্যকৰী কৰে, যিবোৰ আগতে জম্মু-কাশ্মীৰত কাৰ্যকৰী হোৱা নাছিল।
 
উদাহৰণস্বৰূপে তেওঁ শিক্ষাৰ অধিকাৰ সন্নিবিষ্ট কৰা সাংবিধানিক সংশোধনীৰ উদাহৰণ দাঙি ধৰে।