এবস্তা খুচুৰা পইচাৰে সপোনৰ বাহন ক্ৰয় কৰিলে গুৱাহাটীৰ মহম্মদ ছাইদুল হকে

Story by  atv | Posted by  [email protected] • 1 Years ago
ইণ্টাৰনেটত ভাইৰেল হৈ পৰা মহম্মদ ছাইদুল হক
ইণ্টাৰনেটত ভাইৰেল হৈ পৰা মহম্মদ ছাইদুল হক
 
গুৱাহাটী

উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীত দৈনিক হাজাৰ হাজাৰ লোকে বাহন ক্ৰয় কৰি আছে। কিন্তু গুৱাহাটীৰ বৰাগাঁওৰ এজন যুৱকে এখন স্কুটী ক্ৰয় কৰাৰ পিছতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ইয়াৰ কাৰণটো অত্যন্ত ব্যতিক্ৰম। 
 
জানিব পৰা অনুসৰি, গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়ী মহম্মদ ছাইদুল হকে ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া আৰু ১০ টকীয়া মুদ্ৰাৰে ভৰা এবস্তা ধন কান্ধত কঢ়িয়াই আনি শ্ব'ৰুমৰ পৰা নিজৰ সপোনৰ স্কুটীখন ক্ৰয় কৰি নিয়ে। স্কুটীখন ক্ৰয় কৰাৰ উদ্দেশ্যে যুৱকজনে বছৰ বছৰ ধৰি কষ্টোপাৰ্জিত ধন জমা কৰি ৰাখিছিল। যোৱা ৫-৬ বছৰ ধৰি তেওঁ ১, ২, ৫ আৰু ১০ টকীয়া মুদ্ৰা সঞ্চয় কৰি আছিল।
 
সংবাদ সংস্থা এএনআইৰ দ্বাৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা গৈছে যে ছাইদুল হকে এখন স্কুটাৰ কিনিবলৈ মুদ্ৰাভৰ্তি বস্তা এটা লৈ এটা শ্ব'ৰুমলৈ গৈ আছে। প্লাষ্টিকৰ টেমাত ভৰাই নিয়া নগদ ৯০,০০০ টকাৰ মুদ্ৰাখিনি শ্ব'ৰুমৰ কেইজনমান কৰ্মচাৰীয়ে মজিয়াত বহি লৈ গণনা কৰি থকা দেখা যায়। 
 
এএনআইয়ে ভিডিঅ'টো এটা শিৰোনামৰ সৈতে শ্বেয়াৰ কৰিছে য'ত লিখা আছে, ''অসমৰ দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ বাসিন্দা মহম্মদ ছাইদুল হকে বহুদিন ধৰি জমা কৰি ৰখা এবস্তা মুদ্ৰাৰে এখন স্কুটাৰ ক্ৰয় কৰে।
"মই বহু কষ্টৰে জমা কৰা মুদ্ৰাসমূহ এখন বস্তাত ভৰাই আনি স্কুটাৰখন কিনিলো। আজি মোৰ এটা সপোন পূৰণ হ'ল। ইয়াক লৈ মই বহুত সুখী। মই বৰাগাঁও অঞ্চলত এখন সৰু দোকান চলাই আছো আৰু এখন স্কুটাৰ কিনাটো মোৰ বাবে এক ডাঙৰ সপোন আছিল। মই ৫-৬ বছৰ আগৰে পৰা নগদ মুদ্ৰা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিলো।" ছাইদুল হকে এএনআইক কয়।
 
আন কেইবাখনো ছবিত দেখা গৈছে যে ক্ষুদ্ৰ ব্যৱসায়ী হকে কাগজত স্বাক্ষৰ কৰে আৰু কৰ্মচাৰীসকলে ধৈৰ্য্যসহকাৰে মুদ্ৰা গণনা কৰাৰ পিছত ছাইদুল হকক তেওঁৰ সপোনৰ বাহনখনৰ চাবি প্ৰদান কৰে।
 
ইফালে, দুচকীয়া বাহনৰ শ্ব'ৰুমৰ গৰাকী মনীষ পোদ্দাৰে কয়, "যেতিয়া মোৰ কৰ্মচাৰীয়ে মোক কৈছিল যে, এজন গ্ৰাহকে তেওঁৰ সাঁচতীয়া মুদ্ৰাসমূহেৰে স্কুটাৰ কিনিবলৈ আমাৰ শ্ব'ৰুমলৈ আহিছে, তেতিয়া মই আনন্দিত হৈছিলোঁ। কাৰণ, মই টিভিত এনেধৰণৰ বাতৰি আগতে দেখিছো আৰু কাকততো পঢ়িছো। মই আশা কৰোঁ যে ছাইদুলে ভৱিষ্যতে চাৰিচকীয়া বাহনো কিনিব পাৰিব। মই জানিব পাৰিছো যে তেওঁ এখন দুচকীয়া বাহন কিনাৰ সপোন দেখিছিল আৰু যোৱা ৫-৬ বছৰ ধৰি মুদ্ৰাবোৰ সংগ্ৰহ কৰি আছিল। তেওঁ প্ৰায় ৯০,০০০টকাৰ মুদ্ৰাৰে ভৰা বস্তা এটা লৈ আমাৰ শ্ব'ৰুমলৈ আহিছিল।" 
ছ'চিয়েল মিডিয়াত ছাইদুলৰ ভিডিঅ'টো শ্বেয়াৰ হোৱাৰ পিছত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। বহুতে তেওঁৰ কাহিনীক ''অনুপ্ৰেৰণাদায়ক'' বুলি অভিহিত কৰিছে, আনহাতে আন কিছুমানে দৃঢ়তাৰে কয় যে সপোনবোৰ যথেষ্ট ধৈৰ্য্যৰে সঁচা প্ৰমাণিত হয়।
শ্বৰ'মলৈ অহা এজন ব্যৱহাৰকাৰীয়ে কয়, ''যিসময়ত অধিকাংশ লোকে ব্যক্তিগত ঋণত বিলাসী সামগ্ৰী কিনে, সেই সময়তে এজন ব্যক্তিয়ে নিজৰ সপোন পূৰণৰ বাবে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল আৰু সঞ্চয় কৰিছিল। শ্ব'ৰুমৰ একাউণ্টেণ্ট আৰু বিক্ৰেতাজনকো মই ধন্যবাদ জনাইছো। তেওঁলোকে যথেষ্ট ধৈৰ্যসহকাৰে মুদ্ৰাবোৰ গণনা কৰিছে।''