দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ বাবে 'ভাৰত কাৰাভেন'ৰ ব্যৱস্থা অসম পর্যটন উন্নয়ন নিগমৰ

Story by  atv | Posted by  Munni Begum • 16 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
অসম ভ্রমণলৈ অহা দেশী-বিদেশী পৰ্যটকসকলৰ সহায়ক হোৱাকৈ অসম পর্যটন উন্নয়ন নিগমে 'ভাৰত কাৰাভেন' নামৰ এবিধ অত্যাধুনিক আৰু বিলাসী বাহনৰ ব্যৱস্থা কৰিছে। অসম পর্যটন উন্নয়ন নিগমৰ অধীনত এই ব্যৱস্থা ৰাজ্যৰ পৰ্যটন খণ্ডৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হব।
 
এই বাহনখনতে পঞ্চতাৰকা হোটেলৰ সকলো সা-সুবিধা উপলব্ধ হ'ব। বাহনখনৰ ভিতৰতে থকা-খোৱা, ৰন্ধা-মেলা, নৈশ যাপন আদিৰ ব্যৱস্থা আছে। সেই ফালৰ পৰা অসম ভ্ৰমণলৈ অহা পর্যটকসকলে হোটেলৰ আশ্রয় নোলোৱাকৈয়ে ৰাজ্যখনৰ বিভিন্ন পর্যটন স্থান পৰিদৰ্শন কৰিব পাৰিব।
 
নিগমৰ অধ্যক্ষৰ দায়িত্বত থকা প্রাক্তন বিধায়ক ঋতুপর্ণ বৰুৱাই প্রকাশ কৰামতে অসমলৈ অহা পর্যটকসকলে এই বাহনৰ সহায়ত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন স্থানসমূহো পৰিদৰ্শন কৰিব পাৰিব। এক ঘৰুৱা পৰিবেশত তেওঁলোকে ভ্ৰমণৰ সুবিধা পাব। বাহনখনৰ এটা দিনৰ ভাৰা ১৫-৩৫ হেজাৰ টকাৰ ভিতৰত হ'ব।