মুম্বাই
অবিভক্ত শিৱসেনাৰ প্ৰায় তিনি দশকজোৰা আধিপত্য ওফৰাই বিজেপিয়ে শুকুৰবাৰে বৃহনমুম্বাই পৌৰ নিগম(BMC) নিৰ্বাচনত বিজয় সাব্যস্ত কৰে। বিজেপি নেতৃত্বাধীন মহাযুটি মিত্ৰজোঁটে ১৫ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱা মুম্বাইকে ধৰি ২৯ খন পৌৰ নিগমৰ ভিতৰত ২৫ খন পৌৰ নিগম নিজৰ অধীনলৈ আনে।
মুম্বাইৰ সকলো ২২৭টা ৱাৰ্ডৰ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। বিজেপিয়ে ৮৯খন আৰু মিত্ৰদল শিৱসেনাই ২৯খন আসন লাভ কৰাৰ বিপৰীতে শিৱসেনা (UBT)ই ৬৫খন আৰু MNS-এ ৬খন আসন লাভ কৰে। কংগ্রেছে ২৪খন আসন, AIMIM-এ ৮খন আসন, NCP-এ ৩খন, সমাজবাদী পাৰ্টিয়ে ২খন আৰু NCP (SP)-এ মাত্ৰ এখন আসন লাভ কৰে। ২০২৬ চনৰ BMC নিৰ্বাচনৰ পিছত এতিয়া মহাযুটিয়ে লাভ কৰিবলৈ গৈ আছে নতুন মেয়ৰ।
উল্লেখ্য যে ২০২৬ চনৰ BMC নিৰ্বাচনত উদ্ধৱ ঠাকৰে আৰু ৰাজ ঠাকৰে নেতৃত্বাধীন ক্ৰমে শিৱসেনা (UBT) আৰু MNS-এ হাত মিলাইছিল। চূড়ান্ত নিৰ্বাচনী হিচাপ অনুসৰি, ২২৭ জন সদস্যৰ সদনত বিজেপিয়ে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰি ৮৯ খন আসন লাভ কৰে। আনহাতে, মিত্ৰদল শিৱসেনাই ২৯ খন আসন লাভ কৰে আৰু দুয়োৱে মিলি মেজিক সংখ্যা অতিক্ৰম কৰে। বিজেপি মিত্ৰজোঁটৰ এই দুটা দলৰ আসন সংখ্যা ১১৮ খনলৈ বৃদ্ধি পাইছে।
আনহাতে, বঞ্চিত বহুজন আঘাড়ি (ভি বি এ)ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছে ১৯ খন আসন লাভ কৰে। ইফালে চুবুৰীয়া থানে পৌৰ নিগমত শিৱসেনাই ৭৫ খন আসন লাভ কৰাৰ লগতে মুম্বাইৰ চুবুৰীয়া চহৰখনত ইয়াৰ মেয়ৰ লাভ কৰিব। ১৩১ জনীয়া সদনত বিজেপিয়ে ২৮ খন আসন লাভ কৰে। থানেত কংগ্ৰেছ আৰু এম এন এছ খালী হাতেৰে উভতিব লগা হোৱাৰ বিপৰীতে শিৱসেনাই (UBT) মাত্ৰ এখন আসন লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ উপৰি ১১১ সদস্যৰ নৱী মুম্বাইতো ৬৫ খন আসন লাভ কৰি বিজেপিয়ে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে। এতিয়া নৱী মুম্বাইতো গেৰুৱা দলটোৰ মেয়ৰ থাকিব।
মুম্বাই মহানগৰ অঞ্চলৰ অন্তৰ্গত কল্যাণ ডম্বীৱালীত শিৱসেনাই ৫৪ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৫০ খন আসন লাভ কৰে আৰু মহাযুটিৰ তাত মেয়ৰ থাকিব। ৯২ জনীয়া সদস্যৰ মীৰা-ভয়ান্দৰতো বিজেপিয়ে ৫২ খন আসন লাভ কৰি মেয়ৰ নিৰ্বাচন কৰিবলৈ সাজু হৈছে। একেদৰে ১২২ জন সদস্যৰ নাচিকত ৭২ খন আসন লাভ কৰি শাসন হাতত লৈছে বিজেপিয়ে। আনহাতে, দলটোৱে ক্ৰমে ১০২ আৰু ৯৬ খন আসন লাভ কৰাৰ পিছত নাগপুৰ আৰু পুনেতো এতিয়া গেৰুৱা দলৰ মেয়ৰ থাকিব।
ইফালে, এই নিৰ্বাচনৰ ফলাফলৰ পিছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে পৌৰ নিগমৰ নিৰ্বাচনত দলৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে বিজেপি কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। X পোষ্টত ফাড়নবিছে কয়, "২০২৫-২৬ চনৰ পৌৰ নিগম নিৰ্বাচনত বিজেপিয়ে পুনৰবাৰ ইতিহাস ৰচিলে ! মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাজী, মাননীয় গৃহমন্ত্ৰী অমিতভাই শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনজী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি বিধায়ক ৰবীন্দ্ৰ চাৱন আৰু দলৰ সকলো কৰ্মীৰ অক্লান্ত প্ৰচেষ্টাত বিজেপিয়ে পুনৰবাৰ ৰাজ্যত এক গুৰুত্বপূৰ্ণ জয়লাভ কৰিছে ! এই বিজয়ে প্ৰতিফলিত কৰে যে জনসাধাৰণে বিকাশ আৰু উন্নতিৰ প্ৰতি থকা ভিজনক বিশ্বাস কৰে।"
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাজ্যখনত বিজেপিৰ এই প্ৰদৰ্শনক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক X পোষ্টত কয়, "ধন্যবাদ মহাৰাষ্ট্ৰ ! ৰাজ্যৰ গতিশীল জনসাধাৰণে এন ডি এৰ জনসমৰ্থক সুশাসনৰ এজেণ্ডাক আশীৰ্বাদ দিয়ে ! বিভিন্ন পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলে ইংগিত দিয়ে যে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সৈতে এন ডি এৰ বান্ধোন আৰু অধিক গভীৰ হৈছে । আমাৰ ট্ৰেক ৰেকৰ্ড আৰু উন্নয়নৰ দৃষ্টিভংগীয়ে এক জোকাৰণিৰ সৃষ্টি কৰিছে। সমগ্ৰ মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতি মোৰ কৃতজ্ঞতা। এইটো প্ৰগতিৰ গতি বৃদ্ধি আৰু ৰাজ্যখনৰ সৈতে জড়িত গৌৰৱময় সংস্কৃতিক উদযাপনৰ বাবে কৰা ভোট।"