নতুন দিল্লী
শুকুৰবাৰে সন্ধিয়া দিল্লী বিমানবন্দৰত ধূলিৰ ধুমুহাই বিমান চলাচলত ব্যাঘাত জন্মায়, যাৰ ফলত চহৰখনলৈ অহা-যোৱা কৰা যাত্ৰীসকল ক্ষতিগ্ৰস্ত হয়। বিমানবন্দৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে সন্ধিয়াৰ পৰা শনিবাৰে পুৱালৈকে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চলাচল কৰা ৫০খনতকৈও অধিক ঘৰুৱা বিমান পলম হৈছে, প্ৰায় ২৫খন বিমান ডাইভাৰ্ট কৰা হৈছে আৰু ধূলিৰ ধুমুহাৰ বাবে ৭খন বিমান বাতিল কৰা হৈছে।
এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি, তেওঁলোকৰ মুঠ ২২খন বিমান ডাইভাৰ্ট কৰা হৈছিল আৰু ৫খন ধূলিৰ ধুমুহাৰ বাবে বাতিল কৰা হৈছিল। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ জ্যেষ্ঠ বিষয়া আৰু বিমানবন্দৰৰ বিষয়াসকলে পৰিস্থিতি নিৰীক্ষণ কৰি যাত্ৰীসকলৰ অভিযোগৰ প্ৰতি সঁহাৰি জনায়।
ধূলিৰ ধুমুহাৰ পিছত বহু বিমান ডাইভাৰ্ট কৰি বাতিল কৰা হয় আৰু ইয়াৰ ফলত দিল্লী বিমানবন্দৰত নিজৰ বিমানৰ বাবে অপেক্ষা কৰি থকা যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হয়। ডাইভাৰ্ট কৰা বিমানখনে দিল্লী পাবলৈ সময় লাগিছিল বুলি এজন জ্যেষ্ঠ বিষয়াই জনায়।
দিল্লী বিমানবন্দৰত বিমান পৰিবহণ নিয়ন্ত্ৰণৰ যানজঁটৰ বাবে বিমান সেৱা পলম হোৱা বুলি বিমান সংস্থাই জানিবলৈ দিয়ে। বহু যাত্ৰীয়ে বৰ্ডিং গেটত বিশৃংখল পৰিস্থিতিৰ অভিযোগ উত্থাপন কৰিছিল।
১১ এপ্ৰিলত ১৯.৩০ বজাত নিৰ্ধাৰিত এ আই ২৫১২ বিমানখন ঘণ্টাৰ পিছত ঘণ্টা পলম হৈছিল। এই পলম সন্দৰ্ভত কোনো স্পষ্টতা নিদিয়াকৈয়ে গোটেই নিশা দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়াই পণবন্দী কৰি ৰাখিছিল সকলো যাত্ৰীক।
কেঁচুৱা, শিশু, গৰ্ভৱতী মহিলা আৰু ৰোগীৰে গঠিত যাত্ৰীসকলক আন্দোলন নকৰালৈকে মৌলিক প্ৰয়োজনীয়তা অৰ্থাৎ পানী আৰু খাদ্য পৰিবেশন কৰা হোৱা নাছিল।