যুগ যুগ ধৰি চলি অহা ইফতাৰৰ পৰম্পৰা বজাই ৰাখিছে নৌসেনাৰ প্ৰাক্তন বিষয়া ঠাকুৰ বলদেৱ সিঙে

Story by  atv | Posted by  [email protected] • 24 d ago
নৌসেনাৰ প্ৰাক্তন বিষয়া ঠাকুৰ বলদেৱ সিং
নৌসেনাৰ প্ৰাক্তন বিষয়া ঠাকুৰ বলদেৱ সিং
 
আহমেদ আলী ফৈয়াজ / জম্মু

মুছলমান প্ৰতিবেশী আৰু বন্ধু-বান্ধৱীৰ বাবে ইফতাৰ পাৰ্টি আয়োজন কৰাৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰা অটুট ৰাখিছে জম্মুৰ ৭৬ বছৰীয়া হিন্দু ব্যক্তি ঠাকুৰ বলদেৱ সিঙে। তেওঁ ককা-আইতাকৰ পৰম্পৰা ধৰি ৰাখি যোৱা সপ্তাহত ভাৰত আৰু পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ গেৰিছন টাউনশ্বিপত থকা নিজৰ ঘৰত ১৪০ জন অতিথিৰ বাবে এক আড়ম্বৰপূৰ্ণ নিৰামিষ ইফতাৰ ভোজৰ আয়োজন কৰে।
 
অতিথিসকলৰ অধিকাংশই আছিল ঠাকুৰৰ ওচৰ-চুবুৰীয়া মুছলমান বন্ধু-বান্ধৱী। ইয়াৰে ২০ৰ পৰা ৩০জন লোকে জম্মুৰ পৰা ৰমজানৰ ইফতাৰত অংশগ্ৰহণ কৰিবলৈ আহে।
 
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ বিভাজন আৰু ভাৰতৰ সৈতে একত্ৰীকৰণৰ পিছৰ মাহকেইটাত আৰু পাকিস্তানে কাশ্মীৰত সশস্ত্ৰ আক্ৰমণৰ সময়ত জন্মগ্ৰহণ কৰা ঠাকুৰ বলদেৱ সিঙে ১৯৬৭ চনত ভাৰতীয় নৌসেনাত যোগদান কৰে। ১৯৭১ চনত নৌসেনাৰ যোগাযোগ শাখাত কৰ্মৰত অৱস্থাত তেওঁ কম বয়সতে অৱসৰ গ্ৰহণ কৰে।
 
 
ইয়াৰ পিছত তেওঁ ২০ বছৰতকৈও অধিক সময় মাৰ্চেণ্ট নেভীৰ সৈতে কাম কৰে। সেই সময়ছোৱাত তেওঁ জাহাজৰ সৈতে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল। সাগৰীয় পথেৰে প্ৰতিখন দেশৰ মাজেৰে পাৰ হৈছিল। ঠাকুৰে ‘আৱাজ-দ্য ভইচ’ৰ আগত কয় যে ইফটাৰ পাৰ্টিৰ পৰম্পৰা ১০০ বছৰ পূৰ্বে তেওঁৰ পিতৃ মুনশী সিঙে আৰম্ভ কৰিছিল। ‘মোৰ ককা আৰু দেউতা সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অতিশয় সমৰ্থক আছিল। ১৯৪৭ চনৰ সাম্প্ৰদায়িক সংঘাতত যেতিয়া জম্মু উন্মাদনাত জ্বলি আছিল, তেতিয়া মোৰ দেউতাই মুছলমান সম্প্ৰদায়ক নিৰাপত্তা প্ৰদান কৰিছিল আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিছিল।”-বলদেৱ সিঙে কয়।
 
১৯৪৭ চনত সাম্প্ৰদায়িক স্থানচ্যুতিৰ পূৰ্বে আখনুৰত মুছলমানৰ জনসংখ্যা অতি ঘন আছিল। চহৰখনৰ এটা অঞ্চল এতিয়াও ‘কাশ্মীৰী মহল্লা’ নামেৰে জনাজাত। অৱশ্যে এতিয়া তাত কোনো কাশ্মীৰী নাথাকে। 
 
শনিবাৰে আয়োজিত ইফতাৰ অনুষ্ঠানত জম্মুৰ আগশাৰীৰ অধিবক্তা শ্বেখ শ্বাকিল আহমেদে কয়, "এতিয়া এইটো ৯৯ শতাংশ হিন্দু জনসংখ্যাৰ অঞ্চল, কিন্তু আজান আৰু নামাজ কোনো বাধা নোহোৱাকৈ চলি আছে আৰু এতিয়াও এজন হিন্দুৱে প্ৰতি বছৰে ইফতাৰ পাৰ্টি আয়োজন কৰে।"
 
 
পিতৃ আৰু ককাকৰ বিষয়ে ঠাকুৰে কয়, “প্ৰতি বছৰে ৰমজান মাহত তেওঁলোকে নিৰৱচ্ছিন্নভাৱে নিজৰ মুছলমান বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াৰ বাবে ইফতাৰৰ এক বৃহৎ ভোজৰ আয়োজন কৰে। অনুষ্ঠানত বিশিষ্ট হিন্দু আৰু শিখ ধৰ্মগুৰুসকলেও অংশগ্ৰহণ কৰে। পিতৃৰ মৃত্যুৰ পিছত কিবা কাৰণত মই এই পৰম্পৰা বন্ধ কৰাৰ কথা ভাবিছিলো, কিন্তু মোৰ পত্নী এই ক্ষেত্ৰত দৃঢ় হৈ থাকে। এই অনুষ্ঠান আমাৰ নীতি-নিয়ম, আৱেগ, বিশ্বাস আৰু শ্ৰদ্ধাৰ অংশ হৈ পৰিছে। গতিকে আমি ৰৈ নোযোৱাকৈ ইফতাৰ পাৰ্টী আগবঢ়াই আছো।”
 
শেহতীয়াকৈ ঠাকুৰে নিজৰ বাসগৃহটো চহৰৰ বেলেগ এটা অংশলৈ স্থানান্তৰিত কৰিছে, য’ত ৰমজানৰ সময়ত মাজে মাজে বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াক ইফতাৰ পাৰ্টিৰ বাবে আতিথ্য দি আহিছে। অৱশ্যে তেওঁৰ তিনি ভাতৃয়ে যৌথভাৱে আখনূৰৰ সুংগল মোৰত থকা তেওঁলোকৰ পূৰ্বপুৰুষৰ বাসগৃহত এই কাম কৰি আছে।
 
ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ লোৱা জম্মুৰ স্কোয়াড্ৰন নেতা অনিল ছেহগালো ঠাকুৰ বলদেৱ সিঙৰ ইফতাৰ পাৰ্টিৰ অন্যতম নিয়মীয়া অতিথি। ছেহগালে কয়, ‘মই এজন ডোগ্ৰা হোৱাৰ বাবে গৌৰৱান্বিত আৰু আমাৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মহান পৰম্পৰাক লৈও সমানেই গৌৰৱান্বিত। ঠাকুৰ চাহেব আৰু মই সকলো ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতি প্ৰেম আৰু সন্মানৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছিলো। আজান, ৰাম নৱমী আৰু তাজিয়া (মহৰম) শোভাযাত্ৰাৰ প্ৰতি আমাৰ সমান শ্ৰদ্ধা আছে। আমাৰ কলেজৰ অধ্যক্ষ শ্বেখ মহম্মদ ইকবালে আমাক এই মূল্যবোধৰ শিক্ষা দিছিল।"
 
তেওঁ পুনৰ কয়, "মই বিশ্বাস কৰোঁ যে আমি হিন্দুসকলে আমাৰ মুছলমান ওচৰ-চুবুৰীয়াৰ লগত ৰাম নৱমী উদযাপন কৰা উচিত আৰু তেওঁলোকে হিন্দু চুবুৰীয়াৰ লগত ইফতাৰ কৰা উচিত।”