লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২০১৯ চনত ৬৯.৪৩% ভোটদানৰ বিপৰীতে ৬০% ভোটদান ২০২৪ত

Story by  atv | Posted by   Imtiaz Ahmed • 13 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী

শুকুৰবাৰে ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। পশ্চিমবংগ আৰু মণিপুৰৰ একাংশ অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সংখ্যাৰ পৰা ভোটদানৰ হাৰ হ্ৰাস পাইছে।

শাসকীয় তৃণমূল কংগ্ৰেছে বিজেপি সমৰ্থকসকলে কুচবিহাৰ জিলাৰ সীতালকুছিত বিশৃংখলতা সৃষ্টি কৰি তৃণমূল কংগ্ৰেছৰ কৰ্মীক মাৰপিটৰ অভিযোগ উত্থাপন কৰে; আনকি ভোটাৰকো ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে। ইফালে মণিপুৰত থামানপকপিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ লগতে ইৰোইচেম্বা ভোটগ্ৰহণ কেন্দ্ৰতোত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। তাৰ পিছতো ভোটদানৰ সমাপ্তিৰ সময়ত মণিপুৰ (৬৮.৬২%) আৰু বংগ (৭৭.৫৭%)ত ভোটদানৰ হাৰ সৰ্বাধিকৰ ভিতৰত আছিল।

নাগৰিক সমাজৰ সংগঠন ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে (ENPO) নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছত শুকুৰবাৰে নাগালেণ্ডৰ ছখন জিলাত ভোটদানৰ পৰা বিৰত থাকে।

লোকসভাৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে ENPOই সমগ্ৰ পূব নাগালেণ্ড এলেকাটোত “অনিৰ্দিষ্টকালৰ বাবে সম্পূৰ্ণ বন্ধ” ঘোষণা কৰি জাননী জাৰি কৰিছিল, যাৰ সমৰ্থনত কিফিৰে, লংলেং, মন, নোক্লক, শ্বামাটৰ, আৰু টুয়েনছাঙৰ -- ছয়খন জিলাৰ -- লোকে নিজৰ সাংবিধানিক অধিকাৰ ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিল।

নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰী পাইৱাং কনিয়াকক মন জিলাৰ টিজিটত থকা তেওঁৰ বাসগৃহৰ বাহিৰত ENPOৰ সদস্যসকলে সমবেত হোৱাৰ বাবে “গৃহবন্দী” কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

কিন্তু নিৰ্বাচনী কৰ্তব্যত থকা চৰকাৰী চাকৰিয়াল, জিলা বিষয়া, ৰাজ্য আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনী, চিকিৎসা আৰু জৰুৰীকালীন সেৱা বন্ধৰ পৰা ৰেহাই হৈ থাকিল।

নাগালেণ্ডৰ ৬০টা বিধানসভা সমষ্টিৰ ভিতৰত এই ছয়খন জিলাৰ ২০ জন বিধায়ক আছে। নাগালেণ্ডৰ লোকসভাৰ এখন আসন আছে, যিখন আসন বিজেপিৰ মিত্ৰ নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ হাতত আছে।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে, ENPOৰ অধীনত টুয়েনছাং সদৰ I আৰু II, শ্বামাটৰ চেছ’ৰ, পুংগ্ৰ’ কিফিৰী, নোক্লক, লংলেং, আবোইকে ধৰি ২০টা সমষ্টিতে ভোটদানৰ হাৰ শূন্য।

শেষ প্ৰতিবেদন অহালৈকে নাগালেণ্ডত ৫৬.৯১ শতাংশ ভোটদানৰ হাৰ পঞ্জীয়ন কৰা হৈছিল।

বিজেপি নেতৃত্বাধীন এন ডি এয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বিচাৰিছে, আনহাতে বিৰোধীয়ে INDI ব্লকে শাসকীয় মিত্ৰজোঁটৰ শাসনৰ অন্ত পেলাবলৈ আশা কৰিছে। সকলোৰে দৃষ্টি তামিলনাডুৰ ওপৰত, য’ত লোকসভাৰ আটাইকেইখন (৩৯খন) আসনত ভোটগ্ৰহণ শুক্ৰবাৰে হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ব্যাপক প্ৰচাৰ চলোৱা দক্ষিণৰ ৰাজ্যখনত ভোটদানৰ হাৰ উন্নত হোৱাৰ আশা কৰিছিল বিজেপিয়ে। অৱশ্যে, তাত ভোটদানৰ হাৰ আছিল মাত্ৰ ৬২.১৯ শতাংশ।

২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ধিয়া ৭ বজালৈ ৬০.০৩ শতাংশ ভোটদানৰ হাৰ। ৬০.০৩ শতাংশ হোৱাৰ বিপৰীতে ত্ৰিপুৰাত, য'ত ৭৯.৯ শতাংশ ভোটদান হৈছিল, সৰ্বাধিক ভোটদানৰ হাৰ আছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ -- য’ত ভোটদানৰ হাৰ ৬৯.৪৩ শতাংশ -- তুলনাত এই সংখ্যা হ্ৰাস পাইছে।

বিহাৰত আছিল সৰ্বনিম্ন ভোটদানৰ হাৰ ৪৭.৪৯ শতাংশ। অসমত ভোটদানৰ হাৰ আছিল ৭১.৩৮ শতাংশ।

কংগ্ৰেছৰ প্ৰবীণ নেতা পি চিদাম্বৰম, তেওঁৰ পুত্ৰ তথা শিৱগংগাৰ প্ৰাৰ্থী কাৰ্তি চিদাম্বৰম, কিংবদন্তি অভিনেতা ৰজনীকান্ত, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ সৰ্বোচ্চম এম কে ষ্টেলিনকে ধৰি কেইবাজনো বিশিষ্ট নেতা আৰু ব্যক্তিয়ে আজি ভোটদান কৰে।

প্ৰথম পৰ্যায়ত তামিলনাডু (৩৯), ৰাজস্থান (১২), উত্তৰ প্ৰদেশৰ (৮), মধ্যপ্ৰদেশৰ (৬), অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ড (৫), বিহাৰ (৪), পশ্চিমবংগ (৩) অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়  (২), আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, মিজোৰাম, নাগালেণ্ড, পুডুচেৰী, ছিকিম, লক্ষদ্বীপ, জম্মু-কাশ্মীৰ, ত্ৰিপুৰাত আৰু ছত্তীশগড় এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয় । 

সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ ৬০খন আৰু ছিকিমৰ ৩২খন আসনত বিধানসভা নিৰ্বাচনও অনুষ্ঠিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত নাগৰিকসকলক "অভিলেখ সংখ্যা"ত ভোট দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে, "মই বিশেষভাৱে যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদাতাসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছো। প্ৰতিটো ভোটৰ গুৰুত্ব আছে আৰু প্ৰতিটো কণ্ঠই গুৰুত্বপূৰ্ণ।" কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নাগৰিকসকলক “বহু সংখ্যক” ভোট দিবলৈ আহ্বান জনায়।

শুকুৰবাৰে ভোটগ্ৰহণ হোৱা ১০২খন আসনৰ ভিতৰত ২০১৯ৰ নিৰ্বাচনত এন ডি এয়ে ৪১খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ ব্লকটোৱে ৪৫টা সমষ্টিত বিজয়ী হৈছিল। এইবাৰ অৱশ্যে সমষ্টি পুনৰনিৰ্ধাৰণৰ অংশ হিচাপে ইয়াৰে ছখন আসন পুনৰ অংকন কৰা হৈছে।

সামগ্ৰিকভাৱে নিৰ্বাচন আয়োগে ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনত ১.৮৭ লাখ ভোটকেন্দ্ৰত ১৮ লাখৰো অধিক ভোটগ্ৰহণ কৰ্মী নিয়োগ কৰে। অহা ৪ জুনত সমাপ্ত হ’ব ৭ পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল।