ছিংগাপুৰলৈ ৰপ্তানি অসমত উৎপাদিত ফল-মূল

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
পৰীক্ষামূলকভাৱে অসমৰ পৰা ছিংগাপুৰলৈ প্ৰেৰণ কৰা হ'ল ৰাজ্যত উৎপাদিত বিভিন্ন ফল-মূল আৰু শাক-পাচলি। শেহতীয়াকৈ দেশখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ তত্ত্বাৱধানত দ্রুক এয়াৰৰ বিমানেৰে গুৱাহাটী বিমান বন্দৰৰ পৰা প্ৰেৰণ কৰা হৈছে ২৪ কিলোগ্রাম ওজনৰ সামগ্ৰী। এই সামগ্ৰীসমূহত আছে প্লাম, আনাৰস, কঁঠাল, নেমু, কৰ্দৈ আদি। ৰপ্তানিকাৰী সংস্থা কাডলিয়েন ইন’ভেচন এন্ড এক্সপ'ৰ্ট চেণ্টাৰৰ প্ৰতিষ্ঠাপক অচিন্তা কুমাৰ দাসে এই কথা জানিবলৈ দিয়ে। 
 
ছিংগাপুৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ যুটীয়া উদ্যোগত সংস্থাটোৱে এই ৰপ্তানি প্ৰক্ৰিয়াত উদ্যোগ লৈছে। ইয়াত সহযোগিতা আগবঢ়াইছে ভাৰতীয় ৰপ্তানি সংস্থা আৰু এপেডাই। 
 
প্ৰতিষ্ঠাপকগৰাকীয়ে কয় যে ছিংগাপুৰৰ প্রতিনিধিসকলে ভাৰত ভ্ৰমণ কৰি দেশখনলৈ বিভিন্ন কৃষিজাত সামগ্ৰী আমদানিত গুৰুত্ব আৰোপ কৰিছিল। এই ৰপ্তানি প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ভাৰতত থকা ছিংগাপুৰৰ উচ্চায়ুক্ত ছিমন ৱ'ঙে। প্ৰথমবাৰৰ বাবে অসমৰ পৰা ছিংগাপুৰলৈ এয়াৰ কাৰ্গ'ৰ যোগেদি সামগ্ৰী ৰপ্তানি কৰাত উদ্যোগ হাতত লোৱা মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাকো ধন্যবাদ জ্ঞাপন কৰিছে উচ্চায়ুক্তগৰাকীয়ে। 
 
ভাৰতীয় ৰপ্তানি সংস্থা অসমৰ মুৰব্বী কৌশিক দত্তই কয় যে ছিংগাপুৰলৈ ফল-মূল আৰু শাক-পাচলিৰ ৰপ্তানিয়ে অসম আৰু উত্তৰ-পূবৰ বাবে এখন নতুন দুৱাৰ মুকলি কৰিলে। সম্প্ৰতি পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই ৰপ্তানি আগলৈ বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে বিষয়াগৰাকীয়ে। ইয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমত উৎপাদিত কৃষিজাত সামগ্ৰীৰ ৰপ্তানি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বুলি আশা কৰিছে তেওঁ। 
 
উল্লেখ্য যে বিগত দুটা বছৰত বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত কৃষিজাত সামগ্ৰী। তদুপৰি গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ বাবে ড্রোক এয়াৰক ধন্যবাদ জনায় কৌশিক দত্তই।