মালিক আছঘৰ হাচমী/ নতুন দিল্লী
ভাৰতৰ ৰাজধানী চহৰ দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ প্ৰথম দিনটো বহু দিশত সফল পৰিগণিত হৈছে। ইয়াৰে এটা হ’ল ভাৰত, আমেৰিকা আৰু চৌদি আৰৱৰ মাজত বাণিজ্যিক কৰিড’ৰ স্থাপনৰ চুক্তি। এই খবৰটোক দেশৰ লগতে বিদেশী সংবাদ মাধ্যমতো বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।
অত্যন্ত গুৰুত্বপূৰ্ণ এই খবৰটোক ভাৰতীয় সংবাদ মাধ্যমৰ লগতে পাকিস্তান আৰু আৰব দেশৰ সংবাদ মাধ্যমেও যথেষ্ট গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভাৰতক সমালোচনা কৰিবলৈ সদায় তৎপৰ হৈ থকা কাটাৰৰ সংবাদ মাধ্যম ‘আলজাজীৰা’তো ভাৰত, আমেৰিকা আৰু চৌদি আৰৱৰ মাজত বাণিজ্যিক কৰিড’ৰ স্থাপনৰ চুক্তিক প্ৰশংসা কৰা হৈছে। আৰব, আমেৰিকা, ভাৰত আৰু পাকিস্তানৰ প্ৰায় সকলো সংবাদ মাধ্যমতে এই খবৰ ভালকৈ প্ৰকাশ পাইছে।
পাকিস্তানৰ ‘ড’ন’ কাকতখনে ৰয়টাৰৰ উদ্ধৃতি দি এই সন্দৰ্ভত প্ৰকাশ কৰিছে, "আমেৰিকা, চৌদি আৰব, ভাৰত আৰু অন্যান্য দেশসমূহে উপসাগৰ আৰু দক্ষিণ এছিয়াৰ মাজত বাণিজ্য পুনৰুজ্জীৱিত কৰিব পৰা সম্ভাৱ্য আন্তঃগাঁথনিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তি অনুসৰি, মধ্যপ্ৰাচ্যৰ দেশসমূহক ৰেলপথ আৰু বন্দৰৰ জৰিয়তে ভাৰতৰ সৈতে সংযোগ কৰা হ'ব।"
"এক বিস্তৃত, বহুজাতিক বন্দৰ আৰু ৰে'ল চুক্তিৰ পৰিকল্পনা এক গুৰুত্বপূৰ্ণ সময়ত গ্ৰহণ কৰা হৈছে," প্ৰতিবেদনত কোৱা হৈছে। উল্লেখ্য যে, চীনৰ বেল্ট এণ্ড ৰোডৰ বিশ্ব আন্তঃগাঁথনিৰ হেঁচা প্ৰতিহত কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৱাশ্বিংটনক জি-২০ত বিশেষকৈ এছিয়া-পেচিফিক অঞ্চলৰ উন্নয়নশীল দেশসমূহৰ বাবে বিকল্প অংশীদাৰ আৰু বিনিয়োগকাৰী হিচাপে স্থান দিছে।
বাইডেন প্ৰশাসনে মধ্য প্ৰাচ্যত এক ব্যাপক কূটনৈতিক চুক্তি বিচাৰিছে যাৰ অধীনত চৌদি আৰবে ইজৰাইলক স্বীকৃতি দিব। বহু-দেশৰ আন্তঃগাঁথনি চুক্তিৰ ওপৰত আলোচনা প্ৰথমে এক্সিঅ'ছৰ দ্বাৰা প্ৰতিবেদিত হৈছিল।
এই খবৰটো পাকিস্তানৰ ‘জং’ নামৰ আগশাৰীৰ সংবাদ মাধ্যমে নিজৰ ৱেবছাইটত এনেকুৱা শিৰোনামেৰ প্ৰকাশ কৰিছেঃ 'আমেৰিকা যুক্তৰাজ্য, ইউৰোপ, মধ্য প্ৰাচ্য আৰু ভাৰত বাণিজ্য কৰিড'ৰ প্ৰকল্পই ভাৰত, এমিৰেটছৰ পৰা ইজৰাইললৈ বাণিজ্যৰ পথ মুকলি কৰিব'। বাতৰিটোত কোৱা হৈছে - ভাৰতত জি-২০ সন্মিলন উপলক্ষে ভাৰতৰ পৰা মধ্যপ্ৰাচ্যৰ মাজেৰে ইউৰোপলৈ এক ঐতিহাসিক বাণিজ্যিক কৰিড'ৰ প্ৰকল্প উন্মোচন কৰা হৈছে, য’ত আমেৰিকাও অন্তৰ্ভুক্ত হৈছে।
বিশেষজ্ঞসকলৰ মতে চীনৰ প্ৰকল্প ৱান বেল্ট ৱান ৰোড (আধুনিক ৰেচম পথ বুলিও জনা যায়)ৰ বিকল্প হিচাপে গঢ়ি তোলা এই কৰিডৰ প্ৰকল্পটোক আধুনিক স্পাইচ কৰিডৰ বুলি ক’ব পাৰি। এই প্ৰকল্পৰ অধীনত ডুবাইৰ পৰা ইজৰাইলৰ হাইফা বন্দৰলৈ ৰেলপথ নিৰ্মাণ কৰা হ’ব। ছুৱেজ খালৰ মাজেৰে কণ্টেইনাৰ পাৰ হ’ব নালাগিব আৰু ইউৰোপৰ পৰা ভাৰতলৈ বাণিজ্যৰ গতি ৪০ শতাংশ বেছি দ্ৰুত হ’ব।
এই দীঘলীয়া খবৰটোত আৰু কোৱা হৈছে যে, আমেৰিকা, চৌদি আৰব, ইউৰোপীয় সংঘ আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে যৌথভাৱে আৰম্ভ কৰা এই পদক্ষেপে ৰে’লপথ, বন্দৰ, বিদ্যুৎ, ডাটা নেটৱৰ্ক আৰু হাইড্ৰ’জেন পাইপলাইন সংযোগ স্থাপন কৰিব।
যদিও পৰিকল্পনাটোৱে মূলতঃ বাণিজ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, তথাপিও ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব, য'ত পূৰ্বৰ শত্ৰু ইজৰাইল আৰু চৌদি আৰৱৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ উঠিব। 'জং'ৰ বাতৰিয়ে আৰু কয়-আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই কাৰ্যসূচীত অনুমোদন জনাইছে। অনুষ্ঠানত ভাষণ দি তেওঁ কয়, " সঁচাকৈয়ে এইটো এটা ডাঙৰ আৰু ঐতিহাসিক কথা।”
ইউৰোপীয় পৰিষদৰ সভানেত্ৰী উৰ্চুলা ভান ডেৰ লেয়েনে কয় যে ভাৰত, মধ্যপ্ৰাচ্য আৰু পূব ইউৰোপৰ এই অৰ্থনৈতিক কৰিড'ৰটো কেৱল ৰেলপথ বা কেবলৰ মাজতে সীমাবদ্ধ নহয়। ই মহাদেশ আৰু সভ্যতাৰ মাজত এখন সেউজ আৰু ডিজিটেল দলং। তেনে এটা প্ৰস্তাৱিত প্ৰকল্প হৈছে ইউ এ ই, চৌদি আৰব, জৰ্ডান আৰু ইজৰাইলকে ধৰি মধ্যপ্ৰাচ্যক ৰেলযোগে সংযোগ কৰা আৰু ইয়াৰ ফলত ভাৰত আৰু ইউৰোপৰ মাজত বাণিজ্যৰ গতি ৪০ শতাংশ বৃদ্ধি পাব।
ইউৰেছিয়া গ্ৰুপৰ অধ্যক্ষ প্ৰমীত পল চৌধাৰীয়ে কয় যে ইউৰোপৰ পৰা ছুৱেজ খাল হৈ মুম্বাইলৈ যোৱা কণ্টেইনাৰখনে এতিয়া ইজৰাইলৰ হাইফা বন্দৰৰ পৰা ৰে’লযোগে ইউৰোপৰ পৰা পোনপটীয়াকৈ ডুবাইলৈ যাব, যাৰ ফলত সময় আৰু ধন দুয়োটা ৰাহি হ’ব।
ইফালে, এ এফ পিয়ে কয়–সেউজ হাইড্ৰ’জেন উৎপাদন আৰু পৰিবহণৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ কামো এই অৰ্থনৈতিক কৰিড'ৰৰ জৰিয়তে কৰা হ’ব। ইয়াৰ উপৰিও সাগৰৰ তলৰ কেবলৰ জৰিয়তে দূৰসংযোগ আৰু তথ্য স্থানান্তৰ শক্তিশালী কৰিব।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয় যে এতিয়া এই পৰিকল্পনাক বাস্তৱত পৰিণত কৰাৰ প্ৰয়োজন। এই প্ৰকল্পসমূহৰ জৰিয়তে মধ্যপ্ৰাচ্যৰ তেল সমৃদ্ধ অৰ্থনীতিসমূহে নিজৰ অৰ্থনীতিৰ তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰিব। উইলছন চেণ্টাৰৰ দক্ষিণ এছিয়া ইনষ্টিটিউটৰ সঞ্চালক মাইকেল কুগেলমেনে টুইটাৰযোগে কয় যে এই পৰিকল্পনা চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ এক ডাঙৰ প্ৰত্যুত্তৰ হ’ব পাৰে।
এই প্ৰকল্পত স্বাক্ষৰকাৰীসকলে চীনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৃহৎ ব্যয়ৰ কাৰ্যসূচীৰ প্ৰতিস্থাপন হিচাপে ১৪০ কোটি বাসিন্দাৰ দেশ ভাৰতৰ বজাৰখনক পশ্চিমৰ সৈতে সংযোগ কৰাৰ আশা কৰিছে। ইয়াৰ উপৰিও ইজৰাইল আৰু উপসাগৰীয় আৰব ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰি মধ্যপ্ৰাচ্যৰ অৰ্থনীতি বৃদ্ধি কৰিব।
পাকিস্তানৰ নিউজ ৱেবছাইট ‘উৰ্দু নিউজ’ত ‘ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক কৰিডৰ সন্দৰ্ভত চৌদি আৰবৰ বুজাবুজি চুক্তি স্বাক্ষৰ’ শীৰ্ষক এক বাতৰি প্ৰকাশ পাইছে। চৌদি আৰৱৰ চৰকাৰী টিভিৰ তথ্য অনুসৰি ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত নতুন অৰ্থনৈতিক কৰিডৰ নিৰ্মাণৰ বাবে চুক্তিবদ্ধ চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে।
বাতৰি কাকতখনে আৰু কয়-শনিবাৰে ঘোষণা কৰা এক চুক্তি অনুসৰি অৰ্থনৈতিক কৰিড’ৰত বিদ্যুৎ আৰু হাইড্ৰজেনৰ বাবেও পাইপলাইন অন্তৰ্ভুক্ত কৰা হ’ব। নতুন দিল্লীত জি-২০ সন্মিলনত ভাষণ দি ক্ৰাউন প্ৰিন্সে কয় যে এই প্ৰকল্প আমাৰ দেশসমূহৰ মাজত প্ৰথম পদক্ষেপ হ’ব। আৰু ইজনে সিজনৰ ওপৰত অৰ্থনৈতিক আন্তঃনিৰ্ভৰশীলতা বৃদ্ধিৰ আমাৰ উমৈহতীয়া স্বাৰ্থ লাভ কৰাত সহায় কৰিব।
ৰে’লপথ আৰু বন্দৰকে ধৰি আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণত অৰিহণা যোগাব বুলি উল্লেখ কৰি সামগ্রী আৰু সেৱাৰ আদান-প্ৰদান বৃদ্ধিত সহায় কৰিব বুলিও কয় ক্রাউন প্রিন্সে৷ লগতে ই হাইড্ৰজেনকে ধৰি শক্তি যোগানৰ আমদানি উৎসাহিত কৰা হ’ব।
তেওঁ কয় যে বুজাবুজি চুক্তিখনে স্বচ্ছ শক্তিক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰে আৰু ইয়াৰ ৰূপায়ণে ট্ৰেনজিট কৰিডৰত থকা সকলো পক্ষৰ বাবে নতুন নিয়োগৰ সুযোগ আৰু দীৰ্ঘম্যাদী সুবিধা সৃষ্টি কৰাত সহায় কৰিব।
আলজাজীৰাইও এই খবৰটোক প্ৰাধান্য দিছে। তেওঁলোকে লিখিছে-নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলন উপলক্ষে ঘোষণা কৰা অভিলাষী ৰেল আৰু জাহাজ প্ৰকল্পটোক চীনৰ অৰ্থনৈতিক আধিপত্যৰ প্ৰতি প্ৰত্যাহ্বান হিচাপে দেখা গৈছে।
আনহাতে, মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে কয় যে এইটো সঁচাকৈয়ে এটা ডাঙৰ কথা, যিয়ে দুয়োখন মহাদেশৰ মাজৰ বন্দৰসমূহক সেতুবন্ধন কৰি অধিক সুস্থিৰ, অধিক সমৃদ্ধিশালী আৰু সংহত মধ্যপ্ৰাচ্যৰ দিশত আগুৱাই নিব। খবৰটোৱে আৰু কয়-এই কৰিড’ৰে বাণিজ্য প্ৰসাৰ, শক্তি সম্পদ বিতৰণ আৰু ডিজিটেল সংযোগ উন্নত কৰাত সহায় কৰিব।
বাতৰিটোত কোৱা হৈছে যে বাইডেনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে এই নেটৱৰ্কে বাইডেনৰ “দূৰপ্ৰসাৰী বিনিয়োগ”ৰ দৃষ্টিভংগী প্ৰতিফলিত কৰে।
গালফ নিউজে এই সন্দৰ্ভত খবৰ প্ৰকাশ কৰিছে এইদৰেঃ সংযুক্ত আৰব আমিৰশ্বাহীয়ে ছৌদি আৰৱ, ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ, ভাৰত গণৰাজ্য আৰু আমেৰিকাৰ সৈতে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ স্থাপন কৰাৰ ঐতিহাসিক সিদ্ধান্ত লৈছে।
কাকতখনে আৰু লিখিছে - এই ঘোষণা ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৮ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ উপস্থিতিত কৰা হৈছে, য’ত সংযুক্ত আৰব আমিৰশ্বাহীয়ে অংশগ্ৰহণ কৰি আছে সন্মানীয় অতিথি হিচাপে।
বাতৰিটোত আৰু কোৱা হৈছে – এই কৰিডৰ স্থাপনৰ লক্ষ্য হৈছে অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সংযোগ আৰু সংহতি বহু পৰিমাণে বৃদ্ধি কৰা আৰু ইয়াত দুটা ভিন্ন পথ অন্তৰ্ভুক্ত কৰা হ’ব–ভাৰতক আৰব উপসাগৰৰ সৈতে সংযোগ কৰা পূব কৰিডৰ আৰু উত্তৰ কৰিডৰ। ই আৰব উপসাগৰক ইউৰোপৰ সৈতে সংযোগ কৰিব।
সীমা অতিক্ৰম কৰি জাহাজৰ পৰা ৰেললৈ ট্ৰেনজিট কৰিড’ৰে সমগ্ৰ নেটৱৰ্কত জাহাজ চলোৱাৰ খৰচ হ্ৰাস কৰিব আৰু ইউ এ ই, চৌদি আৰব, ভাৰত আৰু ইউৰোপৰ মাজত সামগ্ৰী আৰু সেৱাৰ বাণিজ্যৰ সুবিধা লাভ কৰিব।
বাতৰিটোত আৰু কোৱা হৈছে যে, অংশগ্ৰহণকাৰীসকলে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ যৌথ প্ৰচেষ্টাৰ অংশ হিচাপে আঞ্চলিক যোগান শৃংখল আৰু সংযোগ বৃদ্ধিৰ বাবে বিদ্যুৎ আৰু পৰিষ্কাৰ হাইড্ৰজেন ৰপ্তানিৰ সম্ভাৱনাৰ মূল্যায়ন কৰিব। এই পদক্ষেপত ইউ এ ইৰ সমৰ্থনে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে বহনক্ষম ভৱিষ্যতৰ দিশত অৰিহণা যোগোৱাৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে।