২০৩০ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ'ব ভাৰত

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
২০৩০ চনৰ ভিতৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি। এছ এণ্ড পি গ্ল'বেল ৰেটিং নামৰ এটা সংস্থাই এই কথা দাবী কৰি কয়- শীঘ্ৰে বিশ্বৰ সৰ্বাধিক দ্রুতগতিৰে প্ৰসাৰিত অৰ্থনীতিৰ বজাৰ হ'ব ভাৰত। 
 
এছ এণ্ড পিৰ মতে ২০২৬-২৭ বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৭ শতাংশ হ'ব। বর্তমান আমেৰিকা যুক্তৰাষ্ট্র, চীন, জার্মানী আৰু জাপানৰ পিচতে বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতিৰ দেশ হিচাপে ভাৰতে স্থান দখল কৰি আছে। 
 
মংগলবাৰে কেন্দ্রীয় ৰাজ্যিক বিত্ত মন্ত্রী পংকজ চৌধুৰীয়ে কৈছিল যে আগত দিনবোৰত ভাৰতে ৫ ত্রিলিয়ন ডলাৰৰ অর্থনীতিৰ দেশ হ'ব আৰু ২০৪৭ৰ ভিতৰত ভাৰত উন্নত অর্থনীতিৰ ৰাষ্ট্র হ'ব। বিশ্ব মুদ্রা নিধি (আই এম এফ)য়েও শীঘ্ৰে ভাৰতে বৃহৎ অৰ্থনীতিৰ আগশাৰীৰ দেশ হ'ব বুলি কৈ ২০২৭-২৮ বৰ্ষৰ ভিতৰত ভাৰতৰ জি ডি পি বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ জিডিপি হ'ব বুলি কৈছে। 
 
২০২২-২৩ বর্ষত ভাৰতৰ ডি জি পি আছিল ৩.৭ ত্রিলিয়ন ডলাৰ আৰু ২০৪৭ৰ ভিতৰত ভাৰত ৫ ত্রিলিয়ন ডলাৰ অর্থনীতিৰ দেশ হ'বগৈ বুলিও কেন্দ্রই দাবী কৰে। আনহাতে ৰাষ্ট্রীয় পৰিসংখ্যা কার্যালয়ে প্রকাশ কৰামতে ২০২৩-২৪ বৰ্ষৰ দ্বিতীয় ষাণ্মাসিকত ভাৰতৰ জি ডি পি বৃদ্ধিৰ হাৰ ৭.৬ শতাংশ হৈছেগৈ আৰু ২০২৪ৰ ছমাহত এই বৃদ্ধিৰ হাৰ হ'বগৈ ৭.৭ শতাংশ।