নুহ দাঙ্গাৰ প্ৰেৰণাদায়ী কাহিনীঃ ৰমজান চৌধাৰীয়ে কেনেকৈ উদ্ধাৰ কৰিলে দণ্ডাধীশ অঞ্জলি জৈন আৰু তেওঁৰ আঠ বছৰীয়া কন্যাক ?

Story by  atv | Posted by  [email protected] • 3 Months ago
নুহ দাঙ্গাৰ ছবি, দ্বিতীয় ছবিত ৰমজান চৌধাৰী
নুহ দাঙ্গাৰ ছবি, দ্বিতীয় ছবিত ৰমজান চৌধাৰী
 
মালিক আছঘৰ হাচমী / নুহ

মেৱাটৰ অধিবক্তা তথা সুপৰিচিত সমাজকৰ্মী ৰমজান চৌধাৰীয়ে ৩১ জুলাইৰ সেই মুহূৰ্তটো মনত পেলাই এতিয়াও শিহৰিত হৈ উঠে। তেওঁ কয়, ‘চহৰত সংঘটিত সংঘৰ্ষৰ তথ্য পোৱাৰ লগে লগে মই আদালতৰ পৰা ওলাবলৈ লৈছিলো, তেতিয়া হঠাতে জিলা সত্ৰ ন্যায়াধীশ সুশীল গাৰ্গ আদালতৰ পৰা উঠি চেম্বাৰলৈ গৈছিল। তেতিয়া দিনৰ প্ৰায় ১: ৩৫ বাজিছিল।
 
‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক বাৰ্তালাপত ৰমজান চৌধাৰীয়ে নুহ দাঙ্গাৰ দিনটোৰ কথা মনত পেলাই কয় যে জিলা সত্ৰ ন্যায়াধীশজনে হঠাতে আদালতৰ পৰা উঠি অহাৰ লগে লগে তেওঁৰ পিয়নে গাড়ীখন উলিয়াবলৈ দৌৰি গ'ল আৰু উভতি আহোঁতে তেওঁ মোৰ ওচৰলৈ আহি ক’লে যে ন্যায়াধীশে আপোনাক মাতিছে।
 
চেম্বাৰৰ ভিতৰলৈ যোৱাৰ লগে লগে ৰমজান চৌধাৰীয়ে জিলা সত্ৰ ন্যায়াধীশৰ কপালত বলিৰেখা স্পষ্টকৈ দেখিবলৈ পাইছিল। তেওঁক যথেষ্ট চিন্তিত আৰু অশান্ত যেন লাগিছিল। ৰমজান চৌধাৰীক দেখা পাই তেওঁ কৈছিল, “দণ্ডাধীশ অঞ্জলি জৈনে নিজৰ আঠ বছৰীয়া কন্যা সন্তানৰ সৈতে নলহাৰ চিকিৎসালয়লৈ ঔষধ ল’বলৈ গৈছে। তেওঁক চাৰিওফালৰ পৰা দাঙ্গাকাৰীয়ে ঘেৰি ধৰিছে। কেনেবাকৈ প্ৰাণ ৰক্ষা কৰি তেওঁলোকে ৰোডৱেজৰ ৱৰ্কশ্বপত লুকাই আছে। আপুনি কেনেবাকৈ সিহঁতক বচাই উলিয়াই আনক।"
 
ৰমজান চৌধাৰীয়ে কয় যে এই কথা শুনি তেওঁৰ হাত-ভৰি কপিবলৈ ধৰিছিল। তেতিয়া তেওঁৰ মনত পৰিল যে তেওঁৰ এজন বন্ধু জুবাইৰ ৱৰ্কশ্বপৰ ওচৰতে থাকে। তেওঁৰ ঘৰ কৰ্মশালাৰ বেৰখনৰ ঠিক কাষতে লাগি আছে। লগে লগে ৰমজান চৌধৰীয়ে তেওঁক ফোন কৰি সকলো কথা ক’লে আৰু দণ্ডাধীশ অঞ্জলি জৈন আৰু তেওঁৰ কন্যাক কেনেবাকৈ দাঙ্গাকাৰীৰ পৰা নিৰাপদে ৱৰ্কশ্বপৰ পৰা উলিয়াই আনিবলৈ আহ্বান জনায়।
 
 
ৰমজান চৌধাৰীয়ে জনোৱা মতে, তেওঁৰ বন্ধু জুবাইৰে লগে লগে কেইজনমান মানুহ লৈ তাত উপস্থিত হয়। দণ্ডাধীশ অঞ্জলি জৈনৰ মনোবল বঢ়াবলৈ তেওঁলোকে কৈছিল যে আপোনালোক আতংকিত নহ'ব, আপোনালোক নিৰাপদে আছে। আমি আপোনালোকক উদ্ধাৰ কৰিবলৈ আহিছো। ইয়াৰ লগতে তেওঁ ৱৰ্কশ্বপত থকা এটা দীঘল কাঠৰ জখলা তললৈ নমাই দিয়ে ,যাতে দণ্ডাধীশ অঞ্জলি জৈন, তেওঁৰ কন্যা আৰু তেওঁৰ পি এছ অ’ নিৰাপদে ওপৰলৈ উঠি আহিব পাৰে।
 
ৰমজান চৌধাৰীয়ে কয় যে সেই সময়ত চহৰখনৰ উত্তপ্ত পৰিস্থিতি দেখি অঞ্জলি জৈনে জুবাইৰহঁতক হঠাতে বিশ্বাস কৰিব পৰা নাছিল। পি এছ অ’ৰ ম’বাইলৰ জৰিয়তে তেওঁ জিলা আদালতৰ সৈতে কথা পাতিব খুজিছিল যদিও তাত কোনো উপস্থিত নথকাৰ বাবে কাৰো লগত কথা পাতিব পৰা নাছিল। তাৰ পিছত জখলা বগাই জুবাইৰৰ চাদলৈ যাবলৈ অমান্তি হ'ল।
 
ৰমজান চৌধাৰীয়ে আৱাজ দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে তেওঁৰ বন্ধু জুবাইৰে তেওঁক ফোনত সকলো কথা কৈছিল, যাৰ তথ্য তেওঁ ফোনযোগে জিলা সত্ৰ ন্যায়াধীশ গাৰ্গ চাহাবক দিছিল। এই কথা শুনি জিলা সত্ৰ ন্যায়াধীশে তেওঁক তালৈ যাবলৈ আহ্বান জনাইছিল, যাতে তেওঁ আগবাঢ়ি গৈ সিহঁতক উলিয়াই আনিব পাৰে।
 
ৰমজান চৌধাৰীয়ে কয় যে যিহেতু সেই সময়ত পৰিস্থিতি অত্যন্ত ভয়ানক আছিল, গতিকে ওলাই অহাটো কঠিন কাম আছিল। ইয়াৰ পিছতো যেতিয়া তেওঁ নিজৰ গাড়ীৰে ৰোডৱেজ ৱৰ্কশ্বপৰ ফালে আগবাঢ়িছিল, তেতিয়া সমগ্ৰ চহৰখনত দাঙ্গাৰ উপদ্ৰৱ চলিছিল। সকলোতে কাজিয়া চলিছিল।
 
ৰাজপথত জ্বলি আছিল যান-বাহন। তেনেতে লাঠি আৰু ৰড লৈ তেওঁৰ গাড়ীৰ চাৰিওফালে কিছুমান মানুহ আগুৰি ঘৰিল। ৰমজান চৌধাৰীক উভতি যাবলৈ কোৱা হ’ল। এই সন্দৰ্ভত কিছুসময় তেওঁ দাঙ্গাকাৰীৰ সৈতে তৰ্ক-বিতৰ্ক কৰিছিল। ৰমজান চৌধাৰীয়ে কয় যে তেওঁলোকৰ আক্ৰমণাত্মক মনোভাৱ দেখাৰ পিছত এটা সময়ত তেওঁ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল যে তেওঁ হয়তো আজি ইয়াৰ পৰা জীৱন ৰক্ষা কৰি ঘৰলৈ উভতি যাব নোৱাৰিব।
 
কিন্তু, ভিৰৰ মাজৰ পৰা কোনোবাই তেওঁক চিনি পাই আগবাঢ়ি যাবলৈ অনুমতি দিলে। ৰমজান চৌধাৰীয়ে কয় যে যেতিয়া তেওঁ ৱৰ্কশ্বপৰ ওচৰ পালে তেতিয়া তেওঁৰ সন্মুখত ভিৰ হৈছিল। ইফালে তেওঁৰ বন্ধু জুবাইৰকো তেওঁৰ ওচৰ-চুবুৰীয়াৰ একাংশৰ সৈতে থিয় হৈ থকা দেখা গ’ল। ৰমজানো তেওঁৰ সৈতে ৱৰ্কশ্বপৰ ভিতৰলৈ সোমাই গ’ল।
 
ভিতৰত তেওঁ দণ্ডাধীশ অঞ্জলি জৈন আৰু তেওঁৰ কন্যাক লগ পায়। তেওঁলোকক আশ্বস্ত কৰা হ’ল। তাৰ পিছত তেওঁক জিলা সত্ৰ ন্যায়াধীশৰ লগত ফোনত কথা পাতিবলৈ বাধ্য কৰালে। অঞ্জলি জৈনে যেতিয়া নিশ্চিত হ’ল যে তেওঁলোক নিৰাপদ হাতত আছে, তেতিয়া তিনিওজনকে জখলাৰে জুবাইৰৰ টেৰেচলৈ নমাই অনা হ’ল। তাৰ পাছত উপ-পথেৰে তেওঁলোকক অধিবক্তা মুজিবৰৰ ঘৰলৈ লৈ যোৱা হয়।
 
ৰমজানৰ মতে, অধিবক্তা মুজিবৰ ঘৰত দণ্ডাধীশ অঞ্জলি জৈন, তেওঁৰ আঠ বছৰীয়া কন্যা আৰু তেওঁৰ পি এছ অ’ক পানী দিয়া হৈছিল। ইফালে এডিজি মমতা সিঙক ফোনযোগে সকলো তথ্য দিয়া হয়। মমতা সিঙৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত অঞ্জলি জৈনে কয় যে ৰমজান চৌধুৰী আৰু তেওঁৰ অধিবক্তা সহযোগীসকলে কেনেদৰে তেওঁক আৰু তেওঁৰ কন্যাৰ জীৱন ৰক্ষা কৰিছিল। যদি তেওঁলোক আগবাঢ়ি নাহিলহেঁতেন তেন্তে আজি তেওঁলোকৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিলহেঁতেন।
 
ইয়াৰ পিছত দণ্ডাধীশ অঞ্জলি জৈন, কন্যা আৰু তেওঁৰ পি এছ অ’ক এখন বাহনত বহায় আৰু ৰমজান চৌধুৰীয়ে নিজেই ড্ৰাইভিং চিটত বহি তেঁলোকক নিজৰ ঘৰত থৈ আহে। ৩১ জুলাইৰ ঘটনাটো স্মৰণ কৰি ৰমজান চৌধাৰীয়ে কয় যে সেই দিনটো মেৱাটৰ বাবে এতিয়ালৈকে আটাইতকৈ বেয়া দিন আছিল।
 
তেওঁ লগতে কয় যে তাৰ পিছত আৰক্ষী প্ৰশাসনে যি কৰিলে সেয়াও ঠিক নাছিল। অভিযোগৰ সুৰত তেওঁ কয় যে জীৱন ৰক্ষা কৰা লোকসকলৰ ঘৰো বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে।
 
তেওঁ কয় যে কাজাৰিয়া টাইলছৰ মালিকৰ ঘৰটোও ভাঙি পেলোৱা হৈছিল, আনহাতে তেওঁ নিজৰ ঘৰত দুজন বিষয়াক আশ্ৰয় দিছিল দাঙ্গাৰ পৰা বচাবলৈ। সেই দুয়োজন বিষয়াইও এই সন্দৰ্ভত সাক্ষ্য দিছে যদিও তেওঁলোকৰ কথা কোনেও নুশুনিলে। তেওঁ কয় যে দণ্ডাধীশ অঞ্জলি জৈনে তেওঁৰ লগত কি হৈছিল সেই সন্দৰ্ভত এফআইআৰ দাখিল কৰিছে, য’ত তেওঁৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত অধিবক্তাৰ ভূমিকাৰ কথা উল্লেখ কৰা হৈছে।