স্বপ্না দাস
বহু সময়ত বহুগৰাকী অসম সন্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুখ্যাতি অৰ্জন কৰি বিশ্ব প্ৰেক্ষাপটত অসমৰ নাম উজলাই তুলিছে। এয়া অসমৰ বাবে গৌৰৱৰ কথা। তেনে এক সুখকৰ বাৰ্তাই অসমক পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে। শৈশৱতে আকাশমাৰ্গত নিজ দেশক সুৰক্ষা প্ৰদানৰ স্বপ্ন দেখা অসম সন্তান মনজিত বৰ্মনৰ সেই স্বপ্নই পূৰ্ণতা নাপালে।
তেওঁ আপোন দেশক সুৰক্ষা প্ৰদানৰ হকে আকাশৰ বুকুত উৰি ফুৰাৰ হেঁপাহকণেই যে তেওঁ অহৰহ বুকুত কঢ়িয়াই ফুৰিছিল! আপোন দেশত তেওঁৰ সেই স্বপ্ন বাস্তৱ নহ'লেও পিছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আকাশখনে যেন ৰৈ আছিল মনজিত বৰ্মনৰ স্বপ্নক বাস্তৱ ৰূপ দিবলৈ। কাৰণ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ তথ্য-প্রযুক্তি নিয়ন্ত্ৰণৰ এক অতি গুৰুত্বপূৰ্ণ দায়িত্ব পালনৰ জড়িয়তে অসম সন্তান মনজিত বৰ্মনে অৱশেষত শৈশৱৰ স্বপ্ন বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিলে।
মাতৃভূমি অসমৰ লগতে স্বদেশ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী অসম সন্তানে বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলৰত অৱস্থিত ব্যাসকুছি গাঁৱত জন্মলাভ ককৰিছিল। মনজিত বৰ্মন প্ৰাথমিক শিক্ষা জন্ম গাঁও ব্যাসকুছিতে গ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীত যোগদান কৰাৰ প্ৰৱল ইচ্ছা মনত পুহি ৰাখি হাইস্কুলীয়া শিক্ষা গ্ৰহণৰ বাবে গোৱালপাৰাৰ সৈনিক স্কুলত নামভৰ্তি কৰে আৰু তাৰ পৰা হাইস্কুলীয়া শিক্ষা তেওঁ সমাপ্ত কৰে।
পৰৱৰ্তী উচ্চ শিক্ষা গ্ৰহণৰ বাবে বায়ুসেনা বাহিনীত পঢ়াৰ সুযোগ নোপোৱাত তেওঁ শিলচৰৰ অসম আঞ্চলিক অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা অভিযন্তাৰ পাঠ্যক্ৰম সমাপ্ত কৰে। সৰুৰে পৰা আকাশমুখী সপোন দেখা মনজিত বৰ্মনে অভিযান্ত্ৰিক স্নাতক হোৱাৰ পিছত ১৯৯৯ চনত ছফ্টৱেৰ ডেভেলপমেণ্টৰ এটা কামত বেংগালুৰুত নিযুক্তি লাভ কৰে।
দৃঢ় মনৰ, কৰ্মনিষ্ঠ, দক্ষ আৰু প্ৰৱল অধ্যৱসায়ৰ গুণসম্পন্ন ব্যক্তিত্বৰ গৰাকী, বৰপেটা জিলাৰ ব্যাসকুছিৰ সন্তান মনজিত বৰ্মন অহৰহ কিবা এক নতুন ব্যতিক্ৰমী চিন্তা আৰু পৰিকল্পনাত ব্যস্ত আছিল। নিজকে ব্যতিক্ৰম পৰিচয়েৰে গঢ় দিয়াৰ হেঁপাহেৰে বেংগালুৰুত নিযুক্তি লাভ কৰাৰ এবছৰ পাছতেই আপোন দেশ এৰি তেওঁ উৰা মাৰে কানাডালৈ।
কানাডাৰ টৰণ্টো চহৰত ছমাহ কাম কৰাৰ পিছতো যেন তেওঁ মনে বিচৰা ধৰণে সুখী হ'ব পৰা নাছিল। মনৰ সুখৰ তাগিদাত ছমাহ কানাডাৰ বায়ু-পানী সেৱনৰ পাছতেই তেওঁ কিবা এক নতুনৰ সন্ধানত উৰা মাৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ। তেনেদৰে প্ৰথমতে মনজিত বর্মনে আমেৰিকাত এগৰাকী অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
প্ৰতিদিনে ন ন চিন্তা আৰু নতুনৰ সন্ধানত ব্ৰতী বৰ্মনে চাকৰিৰ সমান্তৰালকৈ আমেৰিকাৰ ব'ষ্টন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি কম্পিউটাৰ ইনফৰমেচন ছিষ্টেমত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে। প্ৰতি দিনে নতুন নতুন জ্ঞান আহৰণ কৰিব বিচৰা আৰু কৰ্মৰ প্ৰতি থকা ভালপোৱা আৰু একাগ্ৰতাৰে মনজিত বর্মন এইখিনি সময়তে আমেৰিকাৰ কেইবাটাও কোম্পানীত কাম কৰাৰ ভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈ পৰে।
যথেষ্ট অভিজ্ঞতাসম্পন্ন তীক্ষ্ণ বুদ্ধিৰ মনজিত বর্মন শেহতীয়াকৈ নিযুক্ত হৈছে বৰ্তমান বিশ্বৰ ক্ষমতাশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ মুখ্য তথ্য বিষয়া (Chief Data Officer (CDO) হিচাপে। যদিওবা মনজিত বৰ্মন বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা তথা নাগৰিক, তথাপিও আপোন দেশৰ বাবে দেখা সপোনটোৱে যেন বিদেশত পূৰ্ণতা পালে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ সকলো তথ্য নিয়ন্ত্ৰণ কৰিব অসমৰ মনজিত বৰ্মনে।
তেওঁৰ বাবে এয়া এক অন্যতম সাফল্য। লগতে অসম তথা ভাৰতৰ বাবেও ই এক গৌৰৱৰ বিষয়। পিতৃ গদাপাণি বর্মন আৰু মাতৃ সাবিত্রী বর্মনৰ সুযোগ্য সন্তান মনজিত বর্মনৰ শৈশৱ অতিবাহিত হৈছিল ব্যাসকুছি গাঁৱত তিনিগৰাকী ভাতৃ আৰু দুগৰাকী ভগ্নীৰ সৈতে গাঁৱৰ বোকা পানী গচকি। বৰ্তমান আমেৰিকাতেই কৰ্মৰত তেওঁৰ পত্নী পলী বৰ্মন, কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়নৰত ১৮ বছৰীয়া পুত্ৰ তনুজ আৰু আৰু হাইস্কুলৰ ছাত্ৰী ১৩ বজৰীয়া ৰ'জীৰে সৈতে আমেৰিকাৰ ব'ষ্টন চহৰৰ ওচৰৰ ৱেলছলিত এতিয়া বাস কৰে মনজিত বৰ্মনে ।
ওপজা গাঁওখনৰ স্মৃতি সুঁৱৰি পিতৃ-মাতৃ আপোনজনৰ মৰমৰ উম লৈ মনজিত বর্মনে যেন বিদেশতো আত্মীয়ৰ আন্তৰিকতাত জীপাল হৈ আপোনজনৰ প্ৰতি আৰু নিজ কৰ্মৰ প্ৰতি চিৰদিন সুন্দৰভাৱে নিয়াৰিকৈ দায়িত্ব পালন কৰি আহিছে আৰু কৰি থাকিব বুলি আশাবাদী।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)