ভতিজা-ৰাজনৈতিক উত্তৰাধিকাৰী আকাশ আনন্দক দলীয় পদৰ পৰা বাদ দিয়ে মায়াৱতীয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 12 d ago
মায়াৱতী আৰু ভতিজা-ৰাজনৈতিক উত্তৰাধিকাৰী আকাশ আনন্দ
মায়াৱতী আৰু ভতিজা-ৰাজনৈতিক উত্তৰাধিকাৰী আকাশ আনন্দ
নতুন দিল্লী

বহুজন সমাজ পাৰ্টিৰ সৰ্বোচ্চ নেত্ৰী মায়াৱতীৰ ভতিজা আকাশ আনন্দ এতিয়া তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী বা দলৰ ৰাষ্ট্ৰীয় সমন্বয়ক নহয়। বিজেপিক তালিবানৰ সৈতে তুলনা কৰা মন্তব্যৰ কিছুদিন পিছতে আজি সন্ধিয়া ২৯ বছৰীয়া আনন্দক বৰ্খাস্ত কৰা হয়। অৱশ্যে অৱকাশৰ আশা আছে, পেহীয়েকগৰাকীয়ে ইংগিত দিয়ে।

"একে ক্ৰমত দলৰ আন লোকক পদোন্নতি দিয়াৰ সমান্তৰালকৈ আকাশ আনন্দক ৰাষ্ট্ৰীয় সমন্বয়ক আৰু উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰিছিলো, কিন্তু দল আৰু আন্দোলনৰ বৃহত্তৰ স্বাৰ্থত তেওঁক সম্পূৰ্ণ পৰিপক্কতা লাভ নকৰা লৈকে এই দুয়োটা গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা আঁতৰোৱা হৈছে।" - এক্সত পোষ্ট কৰে বিএছপিৰ মুৰব্বীগৰাকীয়ে।

বিজেপি সন্দৰ্ভত আনন্দৰ মন্তব্যই যোৱা সপ্তাহত বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁৰ বিৰুদ্ধে মডেল ক’ড উলংঘাৰ গোচৰ ৰুজু কৰা হয়।

এই চৰকাৰখন বুলডজাৰ চৰকাৰ আৰু বিশ্বাসঘাতকৰ চৰকাৰ বুলিও তেওঁ কৈছিল।

বিএছপি নেতাগৰাকীয়ে লগতে কয় যে, "যি দলটোৱে নিজৰ যুৱক-যুৱতীসকলক ভোকাতুৰ কৰি বৃদ্ধসকলক দাসত্বত ৰাখিছে, সেয়া সন্ত্ৰাসবাদী চৰকাৰ। আফগানিস্তানত তালিবানে এনে চৰকাৰ চলায়।" বিজেপি চোৰৰ দল যিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ₹৬,০০০ কোটি টকা লৈছিল বুলিও তেওঁ অভিযোগ কৰে।

জিলা প্ৰশাসনে ভাষণটোৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে আনন্দ আৰু আন চাৰিজনৰ বিৰুদ্ধে মডেল ক’ড অৱ কণ্ডাক্ট উলংঘাৰ গোচৰ ৰুজু কৰে। বাকী তিনিজন দলৰ প্ৰাৰ্থী আৰু চতুৰ্থজন আছিল এজন নেতা যিয়ে আনন্দে ভাষণ দিয়া ৰেলীখনৰ আয়োজন কৰিছিল।

যোৱা বছৰৰ ডিচেম্বৰ মাহত ভতিজাকক ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিছিল মায়াৱতীয়ে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আকাশ আনন্দে আনুষ্ঠানিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বিএছপিৰ একাধিক অনুষ্ঠানত অংশ লৈছিল আৰু ২০১৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত পেহীয়েকৰ লগত গৈছিল।