উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতিছে কংগ্ৰেছ সাংসদ ইমৰাণ মাছুদে
নতুন দিল্লী
উচ্চতম ন্যায়ালয়ে ৱাকফ ব’ৰ্ড আৰু কাউন্সিলত অমুছলমানক অন্তৰ্ভুক্ত কৰাকে ধৰি বিতৰ্কিত ৱাকফ আইনখনৰ কিছুমান অংশৰ কাৰ্য্যকলাপ ৫ মে’ৰ শুনানিৰ পৰৱৰ্তী তাৰিখলৈকে স্থগিত ৰাখিছে। মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠখনে লগতে এই কথাও কয় যে পৰৱৰ্তী শুনানি পৰ্যন্ত ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ (waqf by user)ৰ ব্যৱস্থাটো ডিন’টিফাইড হ’ব নোৱাৰে।
কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক আশ্বাস দিয়ে যে ৱাকফ ব’ৰ্ডত কোনো নিযুক্তি দিয়া নহ’ব। নতুন আইনখনে ৱাকফ ব’ৰ্ডৰ গঠনত অমুছলমানক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰিছে। "ছ'লিচেটৰ জেনেৰেল তুষাৰ মেহতাই আশ্বাস দিয়ে যে পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে ৱাকফ সংশোধনী আইনৰ অধীনত ব'ৰ্ড আৰু কাউন্সিলত কোনো নিযুক্তি নহ'ব। তেওঁ লগতে আশ্বাস দিয়ে যে ইতিমধ্যে অধিসূচনা বা গেজেটেডৰ জৰিয়তে ঘোষণা কৰা ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ (waqf by user)কে ধৰি ৱাকফৰ মৰ্যাদা সলনি কৰা নহ’ব।"- আদালতে নিজৰ আদেশত এইদৰে কয়।
কাৰ্যতঃ উচ্চতম ন্যায়ালয়ৰ এই অন্তৱৰ্তীকালীন আদেশৰ অৰ্থ হ’ল ৱাকফৰ সম্পত্তিৰ চৰিত্ৰ এতিয়াই সলনি কৰিব নোৱাৰি। ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা এই আইনখনে আনুষ্ঠানিক নথি-পত্ৰ অবিহনেও ধৰ্মীয় বা দাতব্য উদ্দেশ্যত দীৰ্ঘম্যাদী ব্যৱহাৰৰ ভিত্তিত কোনো সম্পত্তিক ৱাকফ হিচাপে গণ্য কৰাৰ অনুমতি দিয়া ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ বিধান আঁতৰাইছে।
ছ'লিচিটৰ জেনেৰেল তুষাৰ মেহতাই প্ৰতিনিধিত্ব কৰা কেন্দ্ৰটোৱে উত্তৰ দাখিল কৰিবলৈ ৭ দিনৰ সময় বিচাৰিছিল। ইয়াৰ পিছত পাঁচ দিনৰ ভিতৰত আবেদনকাৰীসকলক ৰিজ’ইণ্ডাৰ দাখিল কৰিবলৈ আদালতে অনুমতি প্ৰদান কৰে। আৰম্ভণিতে মেহতাই কয় যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে হওক ৱাকফ আইনখন স্থগিত ৰখাটো এক অসাধাৰণ ব্যৱস্থা, আৰু কেৱল বিধানসমূহ পঢ়াৰ ভিত্তিত ইয়াক কৰিব নোৱাৰি।
ছ'লিচিটৰ জেনেৰেল মেহতাই কয় যে সংশোধনী কৰাৰ পূৰ্বে আমি লাখ লাখ লোকৰ মতামত লাভ কৰিছিলো। গাঁওসমূহক ৱাকফ হিচাপে লোৱা হৈছিল। ব্যক্তিগত সম্পত্তিক ৱাকফ হিচাপে লোৱা হৈছিল। এইবোৰে বহুতে সাধাৰণ লোকক ক্ষতি কৰিছে।
উচ্চতম ন্যায়ালয়ে অৱশ্যে সমগ্ৰ আইনখন স্থগিত ৰখা নহ’ব বুলি ইংগিত দিছে। "আমি কৈছো যে আইনখনত কিছু ইতিবাচক কথা আছে। আমি উল্লেখ কৰিছো যে আইনখন সম্পূৰ্ণৰূপে স্থগিত হ'ব নোৱাৰে। কিন্তু, আমিও নিবিচাৰো যে পৰিস্থিতি সলনি হওক যিটো এতিয়া চলি আছে, বিশেষকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা ৫ বছৰ হ'ব লাগিব বুলি উল্লেখ থকা কথাটো আমি ৰখা নাই।"- শীৰ্ষ আদালতে কয়।
উল্লেখ কৰা হৈছে আইনখনৰ আন এটা বিতৰ্কিত বিধানত আছে যে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ আগতে এজন মুছলমানে ৱাকফ দিব নোৱাৰে। বুধবাৰে শীৰ্ষ আদালতে ৱাকফ আইনখনৰ কিছুমান অংশত স্থগিতাদেশৰ পোষকতা কৰি কয় যে কিছুমান বিধানৰ গুৰুতৰ সাল-সলনি হ’ব পাৰে। কিন্তু ন্যায়ালয়ে কেন্দ্ৰৰ অনুৰোধত কোনো নিৰ্দেশ গৃহীত কৰা নাই।
উল্লেখ্য যে, ৱাকফ আইনখনক লৈ সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। যোৱা সপ্তাহত পশ্চিম বংগ হিংসাত্মক পৰিস্থিতিয়ে কঁপাই তুলিছিল। বংগৰ মুৰ্ছিদাবাদ জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।