সেউজীয়া পাৰিৰ অসমীয়া গামোচা লৈ আন্তঃৰাষ্ট্ৰীয় যোগ মহোত্‍সৱত অংশ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে; ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 11 Months ago
গামোচা লৈ আন্তঃৰাষ্ট্ৰীয় যোগ মহোত্‍সৱত অংশ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে
গামোচা লৈ আন্তঃৰাষ্ট্ৰীয় যোগ মহোত্‍সৱত অংশ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে
 
গুৱাহাটী

আন্তঃৰাষ্ট্ৰীয় যোগ মহোত্‍সৱত অসমীয়াৰ আৱেগ জড়িত গামোচা পৰিধান কৰি সমগ্ৰ বিশ্বক যোগাসনৰ মহত্ব আৰু গুৰুত্বৰ বাৰ্তা প্ৰেৰণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
 
প্রধানমন্ত্রীয়ে অসমীয়া গামোচাক পুনৰ এবাৰ বিশ্ব মঞ্চত প্ৰচাৰ কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনন্দ প্ৰকাশ কৰি টুইটাৰত কয় যে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত পৰম্পৰাগত অসমীয়া গোমোছা পিন্ধি মোদীয়ে ধাৰাবাহিকভাৱে অসমৰ মান-সন্মান বৃদ্ধি কৰি আহিছে। 
 
"আদৰণীয় নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াই য'তেই যায় তাতেই অসমীয়া গামোচা পৰিধান কৰে। আমাৰ অসমীয়া গামোচাখনৰ প্ৰতি থকা তেওঁৰ প্ৰেম সঁচাকৈয়ে অতুলনীয়। সেয়ে, তেওঁ সকলো গুৰুত্বপূৰ্ণ অনুষ্ঠানত গামোচাখন কঢ়িয়াই নিয়ে।" মুখ্যমন্ত্ৰী শৰ্মাই কয়।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আয়োজিত যোগ মহোত্‍সৱত কেন্দ্ৰীয় মন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱালে উপহাৰ দিয়া সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ সেউজীয়া পাৰিৰ গামোচা লৈ অংশগ্ৰহণ কৰে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে কাশ্মীৰত কেন্দ্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গামোচা পিন্ধাটো অসমৰ বাবে গৌৰৱৰ কথা। কাৰণ তেওঁ আজি সমগ্ৰ বিশ্বতে চলি থকা দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দি আছিল।
ইফালে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আমাৰ আপোন গামোচাখন পৰিধান কৰি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰপৰা বিশ্ববাসীলৈ যোগৰ মহত্ব আৰু গুৰুত্বৰ বাৰ্তা প্ৰেৰণ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এই আদৰৰ গামোচাখনৰ সৈতে জড়িত হৈ আছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক ভাব-ভক্তি আৰু একাত্মতা। আধ্যাত্মিকতা আৰু যোগৰ শক্তি-সাধনাৰে উজ্জীৱিত হৈ দেশক সবল নেতৃত্ব দিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ আপোন গামোচাখনৰ প্ৰতি দেখুওৱা আদৰ-মৰমৰ বাবে অসমবাসীৰ লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকতবৃন্দৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।"
 
অৱশ্যে গামোচাৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ আত্মীয়তা এয়াই প্ৰথম নহয়। ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সময়তো মোদীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আয়োজিত যোগ অনুষ্ঠানত তেওঁৰ ডিঙিত ওলমি আছিল অসমীয়া সংস্কৃতিৰ প্ৰতীক গামোচা। 
 
যোৱা বছৰ প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা যাত্ৰাৰ সময়ত গামোচাৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰতিফলিত হৈছিল। তেওঁ গামোছাৰ সৈতে পৰম্পৰাগত কুৰ্তা-পাইজামা পিন্ধি এখন ছবি টুইটাৰত শ্বেয়াৰ কৰে। মোদীয়ে ফটোখনৰ কেপচনত লিখিছে, “দীঘলীয়া বিমান যাত্ৰাৰ সময়ত মই চৰকাৰী কাগজ-পত্ৰ আৰু কিছু ফাইলৰ কাম চোৱা-চিতা কৰাৰ সুযোগ লাভ কৰো।”
 
তেওঁ প্ৰায়ে অসমৰ বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা নিৰ্মিত থলুৱা গামোচা পিন্ধা দেখা যায়, যাৰ ফলত স্থানীয় শিপিনীসকল উপকৃত হোৱাৰ তেওঁলোকৰ হস্তকলা সমগ্ৰ বিশ্বত প্ৰচাৰ হয়।
উল্লেখ্য যে, ২০১৯ চনত কেৰেলাৰ তিৰুৱনন্তপুৰমৰ শ্ৰী পদ্মনাভাস্বামী মন্দিৰ ভ্ৰমণৰ সময়ত মোদীয়ে অসমীয়া গামোচা পৰিধান কৰি ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছিল।
 
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক অসমীয়া গামোছাৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে প্ৰশংসা কৰিছিল। এক সমাৱেশত ভাষণ দি শৰ্মাই কৈছিল, "প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ পৰিৱৰ্তে আপুনি কেতিয়াবা ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসমীয়া পৰম্পৰাগত গামোচা পিন্ধা দেখিছেনে? মোদী জীক দেখি বহুতে এতিয়া গামোচা পিন্ধিবলৈ আৰম্ভ কৰিছে। ব্ৰেণ্ড এম্বেছাদৰ থকা আন যিকোনো প্ৰডাক্টৰ দৰে নৰেন্দ্ৰ মোদীও আমাৰ অসমীয়া গামোছাৰ ব্ৰেণ্ড এম্বেছাদৰ।"