নতুন দিল্লী
আৰ এছ এছৰ সৈতে জড়িত মুছলমান শাখা মুছলিম ৰাষ্ট্ৰীয় মঞ্চই সমগ্ৰ দেশতে ১০০ খনতকৈও অধিক সংবাদমেল আৰু ৫০০ আলোচনা চক্ৰ অনুষ্ঠিত কৰি সদ্য গৃহীত হোৱা ৱাকফ (সংশোধনী) বিল ২০২৫ৰ সৈতে জড়িত উৰাবাতৰি আৰু স্পষ্ট বিভ্ৰান্তি দূৰ কৰিব। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ গুৰু ইন্দ্ৰেশ কুমাৰে নতুন ৱাকফ আইনখনক লৈ থকা ভুল ধাৰণা আৰু উৰাবাতৰিৰ শিপাৰ পৰা আঁতৰাই পেলোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
'এই আইনখনৰ লক্ষ্য আৰু সুবিধা যাতে প্ৰতিজন ব্যক্তিৰ কাষ চাপিব পাৰে তাৰ বাবে মঞ্চই সমগ্ৰ দেশতে ১০০ৰো অধিক সংবাদমেল আৰু ৫০০ৰো অধিক আলোচনা চক্ৰৰ আয়োজন কৰিব। এই আইনখনে মুছলমান সম্প্ৰদায়ৰ আত্মসন্মান, ন্যায় আৰু সমতাৰ অধিকাৰ আৰু অধিক শক্তিশালী কৰিব।’- দিল্লীত এক অনুষ্ঠানত এইদৰে কয় কুমাৰে।
ৱাকফৰ সম্পত্তিৰ অপব্যৱহাৰ আৰু অপব্যৱস্থাপনাৰ দীৰ্ঘদিনীয়া বিষয়সমূহৰ ওপৰত আলোকপাত কৰি কুমাৰে কয় যে ৱাকফ সংশোধনী আইনখনে ইয়াৰ স্বচ্ছ আৰু ন্যায্য ব্যৱহাৰ নিশ্চিত কৰিব, যাৰ ফলত সমাজৰ সকলো শ্ৰেণী উপকৃত হ’ব। এই নতুন আইনখন কাৰো বিৰোধী নহয়, বৰঞ্চ সকলো মুছলমানৰ স্বাৰ্থতহে আইনখন প্ৰণয়ন কৰা হৈছে। ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ জগদাম্বিকা পালে কয় যে নতুন আইনখন অনুমোদনৰ বাবে সমগ্ৰ দেশ একত্ৰিত হোৱা যেন অনুভৱ হৈছে।
তেওঁ নতুন ৱাকফ আইনখনক মুছলমান সম্প্ৰদায়ৰ বাবে এক বৈপ্লৱিক পদক্ষেপ বুলি অভিহিত কৰি কয় যে এই আইনখনে সমাজৰ ভিতৰত দীৰ্ঘদিনীয়া ভুল ধাৰণা, দুৰ্নীতি আৰু অন্যায় দূৰ কৰাৰ এক সোণালী সুযোগ উপস্থাপন কৰিছে। পালে কয় যে এই আইনখনে কেৱল ৱাকফৰ সম্পত্তিৰ স্বচ্ছ আৰু জবাবদিহিতা ব্যৱস্থাপনা নিশ্চিত কৰাই নহয়, সমাজৰ অতি দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰিব। আৰ এছ এছৰ নেতা ৰামলালে ৱাকফ সংশোধনী আইনক মুছলমান সমাজৰ ভিতৰত আস্থা আৰু সম্প্ৰীতি বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে।
এই পৰিৱৰ্তনে ভাৰতীয় সমাজলৈ নতুন শক্তি প্ৰদান কৰিব আৰু ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ মন্ত্ৰক কাৰ্যকৰী ৰূপত পৰিণত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে এই নতুন আইনখন কেৱল আইনী পৰিৱৰ্তন নহয়, বৰঞ্চ সামাজিক আৰু নৈতিক সংস্কাৰৰ দিশতো এক বৃহৎ পদক্ষেপ। ৰামলালে ৰাইজক নিজৰ নিজৰ অঞ্চলত নতুন ৱাকফ আইনৰ ইতিবাচক দিশসমূহৰ বিষয়ে সজাগতা বিয়পাই দিবলৈ আহ্বান জনায় যাতে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ইয়াৰ তাৎপৰ্য বুজি পায়।
সংসদৰ দুয়োখন সদনে এই সংশোধনীত অনুমোদন জনোৱাৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইয়াত সন্মতি জনায় আৰু ইয়াৰ লগে লগে ৱাকফ বিধেয়কখন আইনত পৰিণত হয়। ৩ এপ্ৰিলৰ পুৱা লোকসভাত ১২ ঘণ্টীয়া তৰ্ক-বিতৰ্কৰ অন্তত ২৮৮ জন সদস্যই সমৰ্থন আৰু ২৩২ জন সদস্যৰ বিৰোধীতাৰে বিধেয়কখন গৃহীত হয়। ইয়াৰ পিছতে ৰাজ্যসভাই ৪ এপ্ৰিলৰ পুৱা বিধেয়কখন গৃহীত কৰে। ১২৮ জন সদস্যই সপক্ষে আৰু ৯৫ জন সদস্যই ইয়াৰ বিৰোধিতা কৰে।
উল্লেখ্য যে, এই নতুন আইনখনে ভাৰতত ৱাকফৰ সম্পত্তিৰ পৰিচালনা আৰু প্ৰশাসনৰ উন্নতি সাধন কৰিব বিচাৰিছে। ইয়াত ১৯৯৫ চনৰ ৱাকফ আইন সংশোধন কৰা হৈছিল যিয়ে মুছলমানসকলে দান কৰা সম্পত্তিৰ ব্যৱস্থাপনা নিয়ন্ত্ৰণ কৰে। নতুন আইন অনুসৰি ৱাকফ কাউন্সিলত দুগৰাকী মহিলা সদস্যকে ধৰি সৰ্বাধিক চাৰিজন অমুছলমান সদস্য থাকিব লাগিব। তদুপৰি কোনো সম্পত্তি ৱাকফ হ’লে বা চৰকাৰৰ হ’লে এতিয়া জিলা উপায়ুক্ত পদৰ ওপৰৰ জ্যেষ্ঠ বিষয়াসকলে চূড়ান্ত মতামত দিব।
বিৰোধী দলসমূহে নতুন ৱাকফ আইনখনক অসাংবিধানিক আৰু মুছলমানৰ প্ৰতি বৈষম্যমূলক আখ্যা দি সমালোচনা কৰিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াক মুছলমান বিৰোধী ব্যৱস্থা নহয় বুলি কৈছে। চৰকাৰে কৈছে যে নতুন আইনখনৰ লক্ষ্য হৈছে ৱাকফৰ সম্পত্তি পৰিচালনাৰ স্বচ্ছতা বৃদ্ধি।
কংগ্ৰেছ, এআইএমআইএম, আপকে ধৰি বিৰোধী দলৰ একাংশ নেতাই নতুন ৱাকফ আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত পৃথক পৃথক আবেদন দাখিল কৰিছে। কংগ্ৰেছৰ সাংসদ মহম্মদ জাৱেদ, এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱেইছি আৰু আপৰ বিধায়ক আমানতুল্লাহ খানে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰি এই বিধেয়কখন মুছলমানৰ মৌলিক অধিকাৰৰ প্ৰকাশ্য উলংঘা” বুলি অভিযোগ উত্থাপন কৰে। ভাৰতৰ মুছলমান ধৰ্মগুৰুসকলৰ শীৰ্ষ সংস্থা অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড (AIMPLB)য়েও এই নতুন আইনখনক শীৰ্ষ আদালতত প্ৰত্যাহ্বান জনাইছে।