কাজিৰঙা
কাজিৰঙাত নথিভুক্ত হ'ল অৰ্কিডৰ ৭০টা প্রজাতি। কাজিৰঙাৰ চহকী ফুল আৰু প্ৰাণীজগতৰ সমষ্টিৰ পদ্ধতিগত নথিপত্ৰৰ বাবে শেহতীয়া প্রচেষ্টাত অর্কিড সন্দৰ্ভত কৰা দ্রুত সমীক্ষাত এই আকর্ষণীয় ফলাফল প্রকাশ পাইছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে।
এক প্রেছ বিজ্ঞপ্তিযোগে উদ্যান কর্তৃপক্ষই প্রকাশ কৰামতে প্রখ্যাত অর্কিড সংৰক্ষণবিদ ক্ষণজিৎ গগৈ, উদ্যানৰ বাগৰি বনাঞ্চলৰ বন বিষয়া বিবিত দিহিংগীয়া আৰু কহৰা বনাঞ্চলৰ বন বিষয়া ড° বিভূতি ৰঞ্জন গগৈৰ নেতৃত্বত চলা দৃশ্যমান সমীক্ষাত বিশেষকৈ ঘাঁহনি আৰু বনাঞ্চলৰ ক্ষেত্ৰখনত নতুন অভিলেখৰ তথ্য পোৱা গৈছে।
বিজ্ঞপ্তিত উল্লেখ কৰামতে, সেই অনুসৰি কাজিৰঙাত ৩৬টা বংশৰ ৭০টা অর্কিডৰ প্ৰজাতি লিপিবদ্ধ কৰা হৈছে। ইয়াৰে ৪৬টা প্রজাতি এপিফাইট আৰু ২৪টা টেৰেষ্ট্ৰিয়েল প্রজাতিৰ।
বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, একান্থ'ফিপিয়াম চিলেটেন্স, এৰিড'ছ অড'ৰেটা, বিয়েৰমেনিয়া বাইমেকুলেটা, বালব'ফিলাম অর্নাটিচিমাম, ক্লিইছষ্ট'মা এপেণ্ডিকুলাটাম, ডেন্ড্র'বিয়াম জেংকিন্ছ, ইউলফিয়া কামৰূপা, পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ, ফেলেন'পচিছ মাননি, জিউক্সিন মেমব্রেনেচিয়া আদি অর্কিডৰ তথ্য লিপিবদ্ধ কৰা হৈছে।
লগতে উল্লেখ কৰা অনুসৰি, ইউলফিয়া ডাবিয়া, জিউক্সিন লিগুলেয়ানা, নার্ভিলিয়া জুলিয়ানা আদি টেৰেষ্ট্ৰিয়েল অর্কিড নদীৰ পাৰৰ ঘাঁহনিত ফুলে। আনহাতে একান্থ'ফিপিয়াম ষ্ট্ৰিয়াটাম আৰু হেৃয়া এফিনিছৰ দৰে আন কিছুমান ঘন অৰণ্যৰ তলত ফুলে। উল্লেখযোগ্য যে কাজিৰঙাত এই সমীক্ষাত পোৱা বিয়েৰমেনিয়া বাইমেকুলেটা, ইউলফিয়া কামৰূপা, জিউক্সিন লিগুলেয়ানা আদি প্রজাতি ভাৰতৰ স্থানীয়, আনহাতে বালব'ফিলাম অর্নাটিচিমাম আৰু এৰিথ্র'ডেছ ব্লুমেই অসমত বিৰল বুলি ধৰা হয়।
বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, অর্কিড জৰীপৰ পূর্বে সংৰক্ষণ সম্পর্কীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল, যাৰদ্বাৰা স্থানীয় ছাত্র-ছাত্রীসকলক ভূ-প্রকৃতিৰ অর্কিড আৰু পখিলাৰ বৈচিত্র্যৰ সৈতে পৰিচিত কৰাত গুৰুত্ব আৰোপ কৰা হয়।
চলিত বৰ্ষৰ যোৱা ১৮ আৰু ১৯ এপ্রিলত কাজিৰঙাৰ পাণবাৰীত অনুষ্ঠিত এই 'অর্কিড এণ্ড বাটাৰফ্লাই ৱাক' শীর্ষক অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ৫০ জনৰো অধিক উৎসাহী ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিছিল।
এই অনুষ্ঠানতে পাণবাৰীৰ চৰাই, কাজিৰঙাৰ পখিলা আৰু কাজিৰঙাৰ অৰ্কিড আদিৰ ওপৰত আলোকপাত কৰা তিনিখন ব্র'চাৰ মুকলি কৰা হয়। এই তথ্যসমৃদ্ধ ব্র'চাৰসমূহৰ লক্ষ্য হৈছে এই অঞ্চলত পোৱা চহকী জীৱ-বৈচিত্র্যৰ প্রতি সজাগতা আৰু প্রশংসা বৃদ্ধি কৰা।